নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত অব্যাহত আছে চোৰাং বেহা। নিচাজাতীয় দ্ৰব্য, চেনিৰ উপৰি সমান্তৰালভাৱে একাংশ চোৰাং ব্যৱসায়ীয়ে বাংলাদেশলৈ গৰু চালান দি আছে। মানকাচৰ থানাৰ অধীনৰ পানাতিপাৰাৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহৰ প্ৰস্তুতিৰ সন্দৰ্ভত নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰে মানকাচৰ আৰক্ষী। মানকাচৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক আবুল কালাম আজাদৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ততাতৈয়াকৈ সেই স্থানলৈ গৈ পানাতিপাৰা গাঁও অভিমুখে পিক অফ ভানেৰ গৈ থকা ৯টা চোৰাং গৰু আৰক্ষীয়ে জব্দ কৰে। গৰুকেইটা হাটশিঙিমাৰীৰ পৰা AS-17C – 4447 নম্বৰ পিক আপ ভানেৰে ৯টা চোৰাং গৰু বাংলাদেশলৈ চোৰাংভাৱে চালান দিব লৈ আনি থাকোঁতেই দলটোৱে আৰক্ষীৰ মুখামুখি হয়। পিছত চোৰাং গৰু সৰবৰাহকাৰী দলটো গৰু আৰু গৰু কঢ়িয়াই গাড়ীখন এৰি পলায়ন কৰে। পিছত আৰক্ষীয়ে গৰু ৯টা আৰু গাড়ীখন জব্দ কৰে।
প্ৰেৰক ফাৰহাদ আহমেদ