🔹 পুনৰ বাহনসহ চোৰাং গৰু জব্দ
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ : টিংখাঙৰ মাজেৰে সৰবৰাহ হৈ আছে চোৰাং গৰু। কেইদিনমানৰ আগতে টিংখাঙৰ বামুণবাৰীত নিশা গৰুসহ দুখন ডিআই বাহন জব্দ হৈছিল। দুলীয়াজান টিপলিঙৰ পৰা নগাঁৱলৈ বুলি টিংখাঙৰ মাজেৰে লৈ যোৱা অৱস্থাত ৰাইজে আবদ্ধ কৰে বাহন দুখন । AS09AC7690 নম্বৰৰ বাহনখনত ৮টা আৰু AS01KC1923 নম্বৰৰ বাহনখনত ১০টা গৰু লৈ যোৱা হৈছিল । বাহন দুখন আবদ্ধ হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত । আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত বামুণবাৰী আৰক্ষী উপস্থিত হৈ গৰুসহ বাহন দুখন জব্দ কৰিবলৈ সক্ষম হৈছিল । আজি পুনৰ টিংখাঙৰ বৰবাম আৰক্ষীয়ে অভিযান চলাই পুৱতি নিশা ২নং কেচেৰুগুৰিৰ পৰা গৰুসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় । বাহনখনত থকা লোককেইজন পলায়ন কৰে । AS33C0685 নম্বৰৰ ডিআই বাহনখনত ৬টা গৰু লৈ যোৱা হৈছিল । টহলদাৰী আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও বাহনখনে পলাবলৈ চেষ্টা কৰে । অৱশেষত আৰক্ষীয়ে খেদি খেদি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় যদিও বাহন এৰি গৰু সৰবৰাহকাৰীয়ে পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ পূৰ্বেও বহুবাৰ টিংখাঙৰ মাজেৰে চোৰাং গৰু সৰবৰাহ হোৱাৰ তথ্য প্ৰকাশ পাই আহিছে । একপ্ৰকাৰ চোৰাং গৰু সৰবৰাহৰ গ্ৰীন কৰিড’ৰত পৰিণত হৈছে টিংখাঙৰ বাট-পথ। এক গোপন তথ্যৰ ভিত্তিত নিতৌ টিংখাঙৰ ডাংপৰা চাৰিআলি হৈ পিঠাগুটি, মৰাণ নাহৰকটীয়া পথ, তিনিআলি হৈ আঘোণীবাৰী বামোণবাৰী, আৰু ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথেৰেও গৰু সৰবৰাহ হৈ থাকে বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয়- চোৰাং গৰু সৰবৰাহকাৰীক নাকি লগাব পাৰিবনে টিংখাং আৰক্ষীয়ে ?
প্ৰেৰক কৃষ্ণ গগৈ