নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত নকল সোণসহ ধৃত সৰবৰাহকাৰী আশীক ইকবাল

নিয়মীয়া বাৰ্তা, ২২ জুন : ভৱানীপুৰত আজি আৰক্ষীয়ে নকল সোণসহ দুগৰাকী সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজ্যোতি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি দিনৰ প্ৰায় দুই বজাত ভৱানীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলাই নকল সোণসহ দুজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে। লগতে নকল সোণ সৰবৰাহ কৰা চাৰিচকীয়া বাহন এখনো জব্দ কৰে আৰক্ষীয়ে। ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে- এখন চাৰিচকীয়া মেজিক বাহনেৰে নকল সোণ সৰবৰাহ কৰাৰ সম্ভেদ লাভ কৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নিকটৱৰ্তী স্থানত ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনত তালাচী অভিযান চলায়। দিনৰ প্ৰায় দুই বজাত ৰাষ্ট্ৰীয় ঘাই পথটোৰে গতি কৰা এ এছ ১৫ এ চি ৬০৮৪ নম্বৰৰ চাৰিচকীয়া মেজিক বাহনখনত তালাচী চলাবলৈ ধৰোঁতে বাহনখনত যাত্ৰীৰূপে বহি থকা বৰপেটা থানাৰ অন্তৰ্গত অটা গাঁৱৰ বাসিন্দা আশীক ইকবাল (৩০) নামৰ নকল সোণ সৰবৰাহকাৰীজনে বাহনখনৰ পৰা ওলাই দৌৰ মাৰি পলাবলৈ চেষ্টা কৰে।উল্লেখ্য যে- আশীক ইকবালে কাপোৰেৰে মেৰিয়াই অনা নকল সোনৰ টুকুৰাটো ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পথাৰৰ পানীত দলিয়াই পেলাই পলায়ন কৰে যদিও আৰক্ষীয়ে আশীক ইকবালক পিছে পিছে কিছু দূৰ খেদি থকাত আশীক ইকবালে পানীত জপিয়াই দিয়ে।আৰক্ষীৰ দলটোৱেও পানীত জপিয়াই দি আশীক ইকবালক পানীৰ মাজতেই গবা মাৰি ধৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয়।আনহাতে আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি পানীৰ মাজত বিচাৰি কাপোৰেৰে মেৰিয়াই থোৱা এক কিলোগ্ৰাম ওজনৰ নকল সোনৰ টুকুৰাটো উদ্ধাৰ কৰে।আৰক্ষীয়ে চাৰিচকীয়া বাহনৰ চালক বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰি ৰিজাৰ্ভৰ হিলাল উদ্দিন (২২)কো কৰায়ত্ত কৰে।লগতে চাৰিচকীয়া বাহনখনো জব্দ কৰিছে।আৰক্ষীয়ে জানিবলৈ দিয়ে যে আশীক ইকবালে এক কিলোগ্ৰাম ওজনৰ নকল সোনৰ টুকুৰাটো শিৱসাগৰৰ পৰা আনিছিল আৰু হাউলী-বৰপেটা অঞ্চলত বিক্ৰী কৰাৰ উদ্দেশ্যে সৰবৰাহ কৰিছিল।বাতৰি লিখা পৰলৈকে ধৃত আশীক ইকবাল আৰু হিলাল উদ্দিনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like