নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ দ্বাৰা ড্ৰাগছ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষীয়ে দুপৰীয়া গোপন সূত্ৰৰ পম খেদি নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত অবৈধ অৰুণাচলী সুৰাৰ লগতে এজন সৰবৰাহকাৰী আৰু এখন গাড়ী জব্দ কৰে। তথ্য অনুসৰি, AS-07P-3316 নম্বৰৰ এখন ৰঙা ৰঙৰ মহিন্দ্ৰা XUV300 গাড়ীত দহ কাৰ্টন অৰুণাচলী সুৰা লৈ আহিছিল জয়ন্ত দলে নামৰ লোকজনে। খবৰ পাই আৰক্ষীয়ে লোকজনক হাতে-লোটে ধৰি নাৰায়ণপুৰ আৰক্ষী থানালৈ লৈ যায়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অবৈধ সুৰাসহ লোকজনক আবকাৰী বিভাগক গতাই দিয়ে। নাৰায়ণপুৰৰ বিভিন্ন স্থানত এনেধৰণৰ অৰুণাচলী সুৰাৰ অবৈধ বেহা চলি থাকে যদিও বহু সময়ত আবকাৰী বিভাগে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয়। যাৰ বাবে এনেদৰে অসাধু চক্ৰই সৰবৰাহ কৰে অবৈধ সুৰা। বিভিন্ন দোকান, পথৰ দাঁতিৰ ধাবাসমূহতো মদৰ মুকলি বেহা চলাৰ অভিযোগ সৰ্বত্ৰে। বহু কম বয়সীয়া যুৱক এনেধৰণৰ স্থানত সুৰাপান কৰি পথ দুৰ্ঘটনা বা অন্যান্য কাৰণত মৃত্যু হোৱা বুলিও মত পোষণ কৰিছে একাংশই। সেয়েহে আবকাৰী বিভাগক এনেবোৰ বিষয়ত গুৰুত্ব দি অবৈধ সুৰাৰ প্ৰচলন আৰু সেৱন বন্ধ কৰাৰ দাবী জনাইছে সচেতন মহলে।
প্ৰেৰক চন্দন শইকীয়া