নিয়মীয়া বাৰ্তা, ১৯ জুন : ৰঙিয়াৰ হাচানটুকত অঘটন । বানাক্ৰান্ত মহিলাক সৰ্পদংশন । নেৰানেপেৰা বৰষুণৰ বাবে সৃষ্টি হোৱা বানৰ মাজতে বিপদত পৰিছে ৰঙিয়াৰ হাচানটুকৰ আনোৱাৰা খাতুন। নেৰানেপেৰা বৰষুণৰ ফলত হাচানটুক অঞ্চল সম্পূৰ্ণৰূপে বানপানীৰ কবলত পৰিছে । অঞ্চলটোৰ বাসিন্দা আনোৱাৰা খাতুনক সাপে আজি দিনৰ ভাগত খুঁটিয়ায় । স্থানীয় ৰাইজে ততালিকে মহিলাগৰাকীক চিকিৎসালয়লৈ নিবলৈ যত্ন কৰে যদিও বানপানীৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা ব্যহত হৈ পৰাৰ ফলত সমস্যাৰ সৃষ্টি হয় । অঞ্চলটোৰ মূল পথটোৰ লগতে উপ-পথসমূহ একঁকালৰ পৰা এবুকু পানীত বুৰ গৈ থকাৰ ফলত জৰুৰীকালীন স্বাস্থ্যসেৱা অঞ্চলটোলৈ যোৱাত বাধাৰ সৃষ্টি হয় । আনহাতে, বানপানীত যাতায়াতৰ বাবে নাও এখনৰো ব্যৱস্থা নথকা বাবে অৱশেষত স্থানীয় কেইবাজনো লোকে মহিলাগৰাকীক কান্ধত তুলি লৈ বানপানীৰ মাজেৰে লৈ আহে। মৰণত শৰণ লৈ কোনোমতে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত অৱশেষত মহিলাগৰাকীৰ চিকিৎসা আৰম্ভ হয় । উল্লেখযোগ্য যে সৰ্পদংশনৰ পিছত ততালিকে চিকিৎসা সেৱা আৰম্ভ কৰিব লাগে যদিও বানপানীৰ বাবে যোগাযোগ সেৱা ব্যাহত হোৱাৰ ফলত মহিলাগৰাকীৰ জীৱন বিপদাপন্ন হৈ পৰে ।
প্ৰেৰক ফাৰুক হুছেইন