‘স্নেহ স্পর্শ’ আঁচনিৰ জৰিয়তে শিশুৰ কৰা হ’ব বৃক্ক–যকৃৎ সংৰোপণ–ব’নমেৰ’ ট্রেন্সপ্লাণ্ট
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ শিশুৰ সু–স্বাস্থ্য নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে এক যুগান্তকাৰী আঁচনিৰ জৰিয়তে ৭০টি শিশুৰ জটিল অস্ত্রোপচাৰ বিনামূলীয়া সম্পন্ন কৰাৰ প্রক্রিয়া হাতত লৈছে৷ ‘স্নেহস্পর্শ’ এই আঁচনিৰ জৰিয়তে এই শিশুকেইটিৰ হূদযন্ত্রৰ অস্ত্রোপচাৰৰ লগতে ব’নমেৰ’ ট্রান্সপ্লাণ্ট কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি আনুষ্ঠানিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত এই আঁচনিখন মুকলি কৰে৷
এই উপলক্ষে আয়োজিত এক চমু অনুষ্ঠানত মন্ত্রী ড০ শর্মাই কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৭০সংখ্যক জন্মদিন উপলক্ষে দেশজুৰি আয়োজন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি স্বাস্থ্য বিভাগে এই স্নেহস্পর্শ আঁচনিখন মুকলি কৰিছে৷ ইয়াৰ জৰিয়তে যিসকল শিশুৰ হূদযন্ত্রত ফুটা আছে, সেই শিশুসকলক বিনামূলীয়াকৈ অস্ত্রোপচাৰ কৰাৰ লগতে কর্কট ৰোগত আক্রান্ত আন একাংশ শিশুৰ ব’নমেৰ’ ট্রান্সপ্লাণ্ট কৰা হ’ব৷
জটিল ৰোগত আক্রান্ত এই শিশুসকলৰ সফলতাৰে অস্ত্রোপচাৰ হ’লে সম্পন্ন তেওঁলোকে স্বাভাৱিকভাৱে জীৱন যাপন কৰিব পাৰিব৷ মন কৰিবলগীয়া যে হূদযন্ত্রত ফুটা থকা শিশুক বিনামূলীয়াকৈ অস্ত্রোপচাৰ কৰাৰ বাবে বহু পূর্বৰে পৰা এক আঁচনি কার্যকৰী কৰি আছে৷ ক’ৰোনাৰ পৰিৱেশৰ বাবে যোৱা ৮ মাহে এই আঁচনিখন কার্যকৰী হোৱা নাছিল৷ কালি স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰি কয়– ক’ৰোনাৰ বাবে শিশুসকলক বাহিৰলৈ নি অস্ত্রোপচাৰ কৰাৰ ক্ষেত্রত সমস্যাৰ বাবে আঁচনিখন বন্ধ হৈ আছিল যদিও এতিয়াৰে পৰা এই আঁচনিখন নিয়মিতভাৱে কার্যকৰী কৰা হ’ব৷
সেই অনুসৰি ৭০টি শিশুক বিনামূলীয়া অস্ত্রোপচাৰ কৰা হ’ব৷ ইয়াৰে ৬৪টি শিশুৰ হূদযন্ত্রত থকা ফুটাৰ অস্ত্রোপচাৰ কৰাৰ বিপৰীতে ছগৰাকী শিশুক স্নেহস্পর্শ আঁচনিৰ জৰিয়তে ব’নমেৰ’ সংৰোপণ কৰা হ’ব৷ ৭০টি শিশুৰ ২০টিক বাংগালুৰুত, ১৫টিক কলকাতাত আৰু ৩৫টিৰ জিএমচিএইচত অস্ত্রোপচাৰ সম্পন্ন কৰা হ’ব৷ আজি মন্ত্রীগৰাকীয়ে ইয়াকো অৱগত কৰে যে অহা ১০ অক্টোবৰত স্বাস্থ্য বিভাগে এক বিশাল আঁচনি হাতত লৈছে৷
এই আঁচনি অনুসৰি ১২ বছৰৰ তলত যি শিশু বৃক্ক, যকৃৎ অথবা আন জটিল ৰোগত আক্রান্ত হৈ আছে, তেওঁলোকৰ চিকিৎসাৰ বাবে জিএমচিএইচত এক শিবিৰ অনুষ্ঠিত কৰা হ’ব৷ এই শিবিৰত অভিভাৱকসকলক তেওঁলোকৰ সন্তানক লৈ আহিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ তেওঁ কয়– কোনো পিতৃ–মাতৃয়ে যদি তেওঁৰ অসুস্থ সন্তানক অনাত অসুবিধা পায়, তেন্তে অভিভাৱক নিজে উপস্থিত থাকি শিশুটিৰ ৰোগ সম্পর্কে অৱগত কৰিব পাৰিব৷
এই শিবিৰৰ পৰাই চৰকাৰে জটিল ৰোগত আক্রান্ত হৈ থকা শিশুৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিব৷ অকল ১০ অক্টোবৰতে নহয়, পৰৱর্তী মাহৰ ১০ তাৰিখৰ দিনা এই শিবিৰ অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে ১০০ শতাংশ পুঁজি চৰকাৰে ব্যয় কৰিব৷ আজি স্নেহস্পর্শ আঁচনি মুকলি অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাও উপস্থিত থাকে৷