নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰৰ যুৱতী স্নেহাক দিল্লীত নৃশংস হত্যা প্ৰেমিক ৰাজৰ

নিয়মীয়া বার্তা, ২৮ জুলাই : শিলচৰৰ যুবতীক দিল্লীত নৃশংসভাৱে হত্যা। প্ৰেমিকৰ ছুৰিকাঘাতত মৃত্যু হয় যুৱতীগৰাকীৰ। ইতিমধ্যে দিল্লী পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈছে হত্যাকাৰী প্ৰেমিক। দিল্লীৰ এটা ফ্লেটত নৃশংসভাৱে হত্যা কৰা হল শিলচৰৰ এগৰাকী যুৱতীক। প্ৰেমিকৰ ছুৰীৰ আক্ৰমণত মৃত্যু হয় যুৱতীগৰাকীৰ। মৃত যুৱতীগৰাকী শিলচৰৰ ২১ বছৰীয়া স্নেহা নাথ চৌধুৰী ৷ হত্যাকাৰী প্ৰেমিক কাছাৰৰ চান্নিঘাটৰ বাসিন্দা ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে। স্নেহা নাথ চৌধুৰী শিলচৰ অম্বিকাপট্টিৰ এখন জীম চেন্টাৰৰ জীম ট্ৰেইনাৰ আছিল। দিল্লী পুলিচে দিয়া তথ্য মতে, স্নেহা নাথ চৌধুৰী আৰু ৰাজ কৰ্মকাৰৰ মাজত হয়তো প্ৰেমৰ সম্পৰ্ক আছিল। দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলিছিল বিবাদ। কালি দিল্লীৰ ছাউথ ৱেষ্ট দিল্লী জিলাৰ পেহচানপুৰ কলনীত থকা স্নেহাৰ নাথ চৌধুৰীৰ ফ্লেটত হঠাৎ আহি উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ। কিবা এটা বিষয় লৈ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়৷ এটা সময়ত ৰাজ কৰ্মকাৰ আৰু স্নেহাৰ মাজত মাৰপিট আৰম্ভ হয়। ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ চলায় স্নেহা নাথ চৌধুৰীক। ফলত প্ৰেমিকৰ ছুৰিকাঘাতত ঘটনাস্থলীত মৃত্যু হয় স্নেহা নামৰ যুৱতীগৰাকীৰ। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফ্লেটৰ পৰা আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰক। প্ৰাথমিক তদন্তত হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে তেওঁৰ লগত সম্পৰ্ক থকাৰ পাছতো প্ৰেমিকা স্নেহা নাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল। এই কথা সহ্য কৰিব নোৱাৰি তেওঁ স্নেহাক হত্যা কৰিছে বুলি জনায় দিল্লী আৰক্ষীক। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ তদন্ত অব্যাহত আছে। ইপিনে জানিব পৰা মতে, হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰ কাছাৰৰ নিজ ঘৰৰ পৰা যোৱা ২৫ তাৰিখৰ পৰা নিখোজ হৈ আছিল।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like