নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰফৰ শুভ্র আচ্ছাদনে ঢ়াকিছে ডিমা হাছাওৰ কিপেইল’ক

নৱবর্ষৰ আৰম্ভণিতে নৈসর্গিক সৌন্দর্যৰ অপূর্ব দৃশ্য

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ শীতৰ আগমনৰ লগে লগে বৰফৰ শুভ্র দলিচাই আৱৰি পেলালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ–ছিকিম৷ তাপমাত্রা হ্রাস পোৱাৰ লগে লগে পৰা বৰফৰ বৰষুণে প্রকৃতিৰ সৌন্দর্য অপূর্ব ৰাণীত পৰিণত কৰে দুয়ো ৰাজ্যক৷ এই নৈসর্গিক শোভা উপভোগ কৰিবলৈ ৰাজ্য দুখনলৈ আগমন ঘটে হাজাৰ হাজাৰ পর্যটকৰ৷

অসমৰ পৰাও বৰফাবৃত পৰিৱেশ উপভোগ কৰিবলৈ ৰাওনা হয় ৰাজ্য দুখনলৈ৷ কিন্তু বৰফৰ আমেজ ল’বলৈ এতিয়া আৰু ৰাজ্যবাসী যাব নালাগে ছিকিম অথবা অৰুণাচললৈ৷ কিয়নো অসমৰে এটা প্রান্তত সুলভ হৈ পৰিছে ছিকিম অৰুণাচলৰ দৰে দৃশ্য৷ বৰফৰ শুভ্র আচ্ছাদনে ঢ়াকি পেলাইছে ৰাজ্যৰ ডিমা হাছাওৰ কিপেইল’ গাঁও৷ নৱবর্ষৰ আৰম্ভণিতে বৰফৰ বৰষুণে গাঁওখনত সৃষ্টি কৰিছে অপূর্ব দৃশ্য৷

গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ যেনিয়েই চোৱা যায় তেনিয়েই এতিয়া মাথোঁ বৰফ৷ শুভ্র বৰফৰ আচ্ছাদনে ঢ়াকি পেলাইছে গাঁওখনৰ সেউজ পাহাৰ৷ গোট মাৰিছে অঞ্চলটোৰ নদী–জান–জুৰি৷ উল্লেখ্য যে কিপেইল’ গাঁওখন হাফলঙৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷ লাইচং পৰিষদীয় সমষ্টিৰ মাহুৰ আৰক্ষী থানাৰ অন্তর্গত জেমি নাগা বসতিপ্রধান এই গাঁওখনত যোৱা এসপ্তাহ অব্যাহত আছে বৰফৰ বৰষুণ৷

পৰি আছে বৰফৰ দলিচা৷ অৱশ্যে গাঁওবাসীৰ বাবে এই দৃশ্য নতুন নহয়৷ প্রতিবছৰেই শীতৰ সময়ছোৱাত গাঁওখনত হয় বৰফৰ বৰষুণ৷ বৰফৰ বাবে অঞ্চলটোত জান–জুৰি–পুখুৰী আদিৰ পানী সম্পূর্ণৰূপে গোট মাৰে৷ অৱশ্যে প্রকৃতিৰ অপৰূপ সৌন্দর্যৰে আভূষিত হোৱা সত্ত্বেও ৰাজ্যৰ অধিকাংশ লোকেই অজ্ঞাত এই কিপেইল’ গাঁৱৰ বিষয়ে৷ অতি দুর্গম অঞ্চলত অৱস্থিত হোৱাৰ বাবে এতিয়াও পর্যটকৰ চকুত পৰা নাই এই অঞ্চলটো৷

পর্যটনৰ অপাৰ সম্ভাৱনা থকা এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে প্রচাৰ আৰু প্রসাৰৰ বাবে আহ্বান জনাইছে গাঁওবাসীয়ে৷ উল্লেখ্য যে ডিমা হাছাওৰ দক্ষিণ–পশ্চিম অঞ্চলৰ থুৰুক গাঁৱতো পৰিছে বৰফৰ বৰষুণ৷ এই গাঁওখন হাফলঙৰ পৰা ১১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷ এই দুয়োখন গাঁৱতে বৰফ পৰাৰ বাবে সৃষ্টি হোৱা অপৰূপ সৌন্দর্য উপভোগ কৰিবলৈ স্থানীয় বহু লোকৰ আগমন ঘটিছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে শিলচৰৰ পৰাও এই অঞ্চললৈ যথেষ্ট পর্যটকৰ আগমন ঘটে যদিও দুর্গম পৰিবহণৰ বাবে সেয়া বাধাপ্রাপ্ত হৈ আহিছে৷ শিলচৰৰ পৰা হাফলঙলৈ অহাৰ সময়ছোৱাত বালাছেৰাৰ পৰা হাৰাংগাজাও পথছোৱা অত্যন্ত বেয়া৷ হাফলঙৰ পৰা শিলচৰ পাওঁতে প্রায় ৬ ঘণ্টা সময়ৰ প্রয়োজন হয়৷

ডিমা হাছাও জিলাৰ অপৰূপ প্রাকৃতিক সৌন্দর্যই সঘনাই আকর্ষিত কৰি আহিছে পর্যটকক৷ হাফলঙৰ উপৰি ডিমা হাছাওৰ পানীমূৰ, জাতিংগা আৰু উমৰাংছ’ৰ দৰে অঞ্চলসমূহলৈ যথেষ্টসংখ্যক পর্যটকৰ আগমন ঘটে৷ উত্তৰ–পূর্বাঞ্চলৰ ছুইজাৰলেণ্ড হিচাপে জনাজাত ডিমা হাছাওৰ হাফলঙৰ দুখনকৈ গাঁৱত পৰা বৰফে আগন্তুক সময়ত অধিক পর্যটকক আকর্ষণ কৰিব বুলি ভবা হৈছে৷

You might also like