পৰিপূৰক পুষ্টি আঁচনিৰ চাউল পোনপটীয়াকৈ এফচিআইৰ পৰা ক্রয় কৰিব বিভাগে
সমাজ কল্যাণ বিভাগত ঠিকাদাৰৰাজৰ অৱসান
নিয়মীয়া বাৰ্তা ১৭ জুনঃ অসম চৰকাৰে শিশু আৰু গর্ভৱতী মহিলাৰ পৰিপুষ্টিৰ বাবে সমাজ কল্যাণ বিভাগে ৰূপায়ণ কৰা পৰিপূৰক পুষ্টি আঁচনিৰ চাউল এতিয়াৰে পৰা ভাৰতীয় খাদ্য নিগমৰ পৰা বিভাগে পোনপটীয়াকৈ ক্রয় কৰিব৷ আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এই ঐতিহাসিক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে বিগত সময়ত এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত সমাজ কল্যাণ বিভাগত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আঁচনিৰ বাবে বর্ধিত মূল্যত বজাৰৰ পৰা চাউল ক্রয় কৰাৰ লগতে বহু ক্ষেত্রত নির্ধাৰিত পৰিমাণতকৈ কম চাউল যোগান ধৰাৰো অভিযোগ উঠি আহিছে৷
আনকি আঁচনিখন ৰূপায়ণ প্রক্রিয়াত একাংশ ঠিকাদাৰ হর্তাকর্তা–বিধাতাত পৰিণত হৈ বিভাগটোত লুণ্ঠন আৰু দুর্নীতি চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এনে প্রেক্ষাপটতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকে সমগ্র আঁচনি ৰূপায়ণ প্রক্রিয়াটোৰে আমূল পৰিৱর্তন ঘটোৱাৰ সিদ্ধান্ত লয়৷ কেবিনেট বৈঠকৰ অন্তত সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগে এখন সংবাদ মেলত কয় যে বিগত সময়ছোৱাত পৰিপূৰক পুষ্টি আঁচনিৰ বাবে বজাৰৰ পৰা প্রতি কিলোগ্রাম চাউল ৩০ৰ পৰা ৩২ টকা মূল্যত ক্রয় কৰা হৈছিল৷ কিন্তু এতিয়াৰে পৰা খাদ্য নিগমৰ পৰা চৰকাৰে প্রতি কিলোগ্রাম চাউল ২২ টকা মূল্যত ক্রয় কৰিব পাৰিব৷ এই আঁচনিখন ৰূপায়ণৰ বাবে বছৰি ৰাজ্যখনত ৯০ হাজাৰ মেট্রিকটন চাউলৰ প্রয়োজন হয়৷ সেই অনুসৰি আঁচনিখনৰ চাউল ক্রয়ৰ প্রক্রিয়াত কমেও ৫০ৰ পৰা ৬০ কোটি টকা অতিৰিক্তভাৱে ব্যয় হৈ আহিছে৷
বুধবাৰৰ কেবিনেটে এতিয়াৰে পৰা ভাৰতীয় খাদ্য নিগমৰ পৰা উক্ত আঁচনি ৰূপায়ণৰ বাবে প্রয়োজন হোৱা চাউল ক্রয়ৰ ব্যৱস্থা কৰি সমগ্র প্রক্রিয়াটো সহজ আৰু কম ব্যয়সাপেক্ষ কৰিব বিচাৰিছে৷ খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ চাউল ক্রয়ৰ পাছত ৰাহি হোৱা ধনেৰে অন্যান্য পুষ্টিকৰ খাদ্য–সামগ্রী ক্রয় কৰি হিতাধিকাৰীসকলৰ মাজত বিতৰণৰ বাবে কেবিনেটে সিদ্ধান্ত লয়৷ আঁচনিখনৰ সুচল ৰূপায়ণৰ স্বার্থত এই আঁচনি ৰূপায়ণ প্রক্রিয়াত চিলিং ব্যৱস্থা প্রযোজ্য নহ’ব বুলিও কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে বিভাগটোৰ ৫৫গৰাকী ছুপাৰভাইজৰক চি ডি পি অ’লৈ পদোন্নতি দিয়াৰ কথা উল্লেখ কৰি মন্ত্রী নেওগে কয় যে ইয়াৰ ফলস্বৰূপে দীর্ঘদিনে বিভিন্ন শিশু উন্নয়ন প্রকল্পৰ বিষয়াৰ কার্যালয়ত খালী হৈ থকা পদসমূহ পূৰণ হ’ব আৰু বিভাগে অধিক গতিশীলভাৱে ৰাইজৰ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব৷
আনহাতে, আজিৰ কেবিনেটতে ৰাজ্যখনত নতুনকৈ চাৰিটা ফৰেনছিক লেবৰেটৰী স্থাপনৰ বাবে অনুমোদন জনায়৷ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কেবিনেটৰ মুখপাত্র তথা ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে এই ফৰেনছিক লেবৰেটৰীকেইটা শিলচৰ চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হ’ব৷ স্বাস্থ্য বিভাগে ফৰেনছিক লেবৰেটৰীকেইটা স্থাপনৰ বাবে সংশ্লিষ্ট স্থানসমূহত দুহাজাৰ বর্গফুটৰ গৃহৰ ব্যৱস্থা কৰি দিব৷ মন্ত্রী হাজৰিকাই কয় যে সম্প্রতি ৰাজ্যখনত মাত্র এটাহে ফৰেনছিক লেবৰেটৰী আছে৷ পর্যাপ্ত ফৰেনছিক লেবৰেটৰীৰ অভাৱত ফৰেনছিকৰ তদন্তৰ প্রয়োজনীয়তাৰ সৈতে জড়িত অপৰাধৰ ক্ষেত্রত দোষী সাব্যস্ত হোৱাত যথেষ্ট জটিলতাৰ সৃষ্টি হৈ আহিছে৷ ফৰেনছিকৰ তদন্তৰ প্রয়োজনীয়তাৰ সৈতে জড়িত থকা অপৰাধীৰ ক্ষেত্রত বর্তমান অসমত দোষী সাব্যস্ত হোৱাৰ হাৰ মাত্র সাত শতাংশ৷ ইয়াৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে নতুনকৈ উক্ত চাৰিটা ফৰেনছিক লেবৰেটৰী স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷
ইফালে এই কেবিনেটতে ৰাজ্যত নতুনকৈ প্রতিষ্ঠা কৰা পাঁচখন বিশ্ববিদ্যালয় ক্রমে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়, বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়, মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়, গোলাঘাটৰ সতী সাধনী বিশ্ববিদ্যালয় আৰু হোজাইৰ ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বিধিত অনুমোদন জনায়৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে ইয়াৰ ফলত এতিয়াৰে পৰা বিশ্ববিদ্যালয়কেইখন্ বিভিন্ন পৰিষদসমূহ গঠন কৰাৰ লগতে নামভর্তিকে ধৰি শৈক্ষিক কার্যসূচীসমূহ সুচাৰুৰূপে চলাই নিব পাৰিব৷ আনহাতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে সাম্প্রতিক ক’ভিড সংক্রমণৰ প্রতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে সুকীয়া শৌচাগাৰ আৰু কোঠাৰ ব্যৱস্থা নথকা ক’ভিড পজিটিভ লোকক হোম হাইছ’লেচন প্রদান নকৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ স্বাস্থ্য বিভাগ আৰু প্রশাসনে এই সিদ্ধান্তসমূহ কঠোৰভাৱে বলৱৎ কৰিব৷