নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ হ’ব ছ’চিয়েল ৱর্ক বিষয়ৰ পৰীক্ষা

এপিএছচিৰ প্রশ্নকাকত বিসংগতি

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা শিশু উন্নয়ন প্রকল্প বিষয়াৰ নিযুক্তি পৰীক্ষাত প্রশ্ণকাকতৰ ব্যাপক বিসংগতি কালি পোহৰলৈ আহিছিল৷ ‘ছ’চিয়েল ৱর্ক’ বিষয়ৰ প্রশ্ণকাকত ভৰি আছিল ছ’চি’লজী বিষয়ৰ প্রশ্ণৰে৷ যাৰ বাবে ছ’চিয়েল ৱর্কৰ পৰীক্ষাত অৱতীর্ণ হোৱা প্রায় ১,২০০ পৰীক্ষার্থী বাৰুকৈয়ে বিপাঙত পৰিছিল৷ বিষয়টোক লৈ ব্যাপক প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত ছ’চিয়েল ৱর্ক বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে লোকসেৱা আয়োগে৷ আয়োগৰ মুখ্য পৰীক্ষা নিয়ন্ত্রকে এই কথা সদৰী কৰে৷ অৱশ্যে নতুন পৰীক্ষাৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই৷ আয়োগৰ তৰফৰ পৰা লগতে জনোৱা হয় যে কেৱল ছ’চিয়েল ৱর্ক বিষয়ৰ বাবেহে এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ আন ঐচ্ছিক বিষয় বাছি লোৱা প্রার্থীসকল নতুনকৈ পৰীক্ষাত অৱতীর্ণ হোৱাৰ কোনো প্রয়োজন নাই৷ উল্লেখ্য যে সমাজ কল্যাণ বিভগৰ ৭৩টা শিশু উন্নয়ন প্রকল্প বিষয়ৰ পদৰ নিযুক্তিৰ বাবে ২০১৯ চনৰ ৩ আগষ্টতে বিজ্ঞাপন প্রকাশ কৰিছিল অসম লোকসেৱা আয়োগে৷ এবছৰ অতিক্রম কৰাৰ পাছত যোৱা ১ নৱেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও ছ’চিয়েল ৱর্কৰ পৰীক্ষাৰ প্রশ্ণকাকতত ব্যাপক বিসংগতি সংঘটিত হয়৷ যাৰ বাবে এ পি এছ চিয়ে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’বলগীয়া হয়৷

You might also like