লিডু কলেজত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘স্মৃতিধাৰা, অসম’ৰ সাংগঠনিক সভা
নিয়মীয়া বাৰ্তা, ৬ জুন : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘স্মৃতিধাৰা, অসম’ৰ এখনি সাংগঠনিক সভা ৮ জুনত মাৰ্ঘেৰিটা মহকুমাৰ লিডু মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। ‘স্মৃতিধাৰা, অসম’ৰ কেইবাগৰাকীও কেন্দ্রীয় সমিতিৰ আহ্বায়ক উপস্থিত থাকিবলগা উক্ত সভাতে ‘স্মৃতিধাৰা, অসম’ৰ মাৰ্ঘেৰিটা সমিতিখন গঠন কৰা হ’ব। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন কৰ্মত নিয়োজিত হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক লৈ ইতিমধ্যে বহুকেইখন জিলাত ‘স্মৃতিধাৰা, অসম’ৰ সমিতি গঠন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন লক্ষ্য-উদ্দেশ্য আগত ৰাখি সংগঠিত কৰিব বিচৰা অনুষ্ঠানটিৰ মাৰ্ঘেৰিটা সমিতিখন গঠনৰ প্ৰতি লক্ষ্য ৰাখি অহা ৮ জুনৰ দুপৰীয়া ১২-৩০ বজাত মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’বলগা সভাত বৃহত্তৰ মাৰ্ঘেৰিটা আৰু সমীপৱৰ্তী বিভিন্ন ঠাইৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক উপস্থিত থাকিবৰ বাবে আহ্বায়ক মণ্ডলীৰ হৈ লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কৃপা প্ৰসাদ উপাধ্যায় আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰমেন হাজৰিকাই অনুৰোধ জনাইছে।
প্ৰেৰক মানস প্ৰতিম গগৈ