নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০ মেগাৱাট শক্তিসম্পন্ন আমগুৰি সৌৰ উদ্যান উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৩১ মেঃ নবীকৰণযোগ্য শক্তিৰে ৰাজ্যৰ শক্তিখণ্ডৰ বিকাশ সাধনৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শিৱসাগৰ জিলাৰ আমগুৰিত ৭০ মেগাৱাট শক্তি সম্পন্ন এখন সৌৰ উদ্যান উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রাকৃতিক সম্পদ আৰু মানৱ সম্পদত চহকী হোৱা সত্ত্বেও উপযুক্ত পৰিকল্পনাৰ অভাৱত নবীকৰণযোগ্য শক্তি আহৰণত ৰাজ্যখনে বহুদূৰ পিছুৱাই থাকিবলগীয়া হৈছিল৷ তেওঁ কয় যে আমগুৰি প্রকল্পই ৰাজ্যৰ শক্তিখণ্ডক অধিক গতিশীল কৰি তুলিব৷ আধুনিক অসমৰ বুৰঞ্জীত ই এক মাইলৰ খুটি স্বৰূপ হৈ ৰব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বহনক্ষম উন্নয়নৰ বাবে অপৰম্পৰাগত শক্তি খণ্ডৰ পৰা বিদ্যুৎ আহৰণৰ প্রয়োজনীয়তা আহি পৰিছে৷ কয়লাৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ ফলত বায়ুমণ্ডলত প্রত্যক্ষ প্রভাৱ পৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত ভূ–পৃষ্ঠৰ উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সৌৰ শক্তি উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যসমূহক এই দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল৷ আজিৰ এই প্রকল্পই সেই দিশত ইতিবাচক প্রভাৱ পেলাব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যখনৰ বাবে ২২০০ মেগাৱাট বিদ্যুতৰ প্রয়োজন৷ জলবিদ্যুৎ অথবা সৌৰ চালিত শক্তিৰ জৰিয়তে এই চাহিদা পূৰণ কৰাৰ বাবে লক্ষ্য নির্দ্ধাৰণ কৰা হৈছে বুলিও তেওঁ কয়৷ ৰাজ্য চৰকাৰে ১০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ এক ঐতিহাসিক দিশলৈ গৈ আছে বুলিও ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ শক্তিখণ্ডক গতিশীল কৰি তুলিবলৈ বর্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা প্রয়াস চলাই আহিছে আৰু তাৰ ফলত লোকচানৰ পৰিৱর্তে এতিয়া লাভৰ দিশলৈ গতি কৰিবলৈ সক্ষম হৈছে৷ ৰাইজে বিদ্যুতৰ বিল নিয়মীয়াকৈ পৰিশোধ কৰাৰ বাবে ৮০০ কোটি টকা লাভ কৰিবলৈ শক্তিখণ্ডই সমর্থ হৈছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে সাধাৰণ লোকৰ জীৱন যাত্রা যাতে সূচল হয় তাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে৷ অৰুণোদয় আঁাঁচনিৰ ধনৰ পৰিমাণ ১২৫০ টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে আৰু ইয়াৰে ২৫০ টকা বৈদ্যুতিক বিল পৰিশোধ কৰিব পাৰিব বুলিও তেওঁ কয়৷ অসমত নতুনকৈ আৰু ৭ লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আমগুৰি সমষ্টিত অতিৰিক্ত ৭ হাজাৰ হিতাধিকাৰীক এই আঁাঁচনিখনৰ জৰিয়তে সামৰি লোৱা হব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে নূ্যনতম সমর্থিত মূল্যৰ জৰিয়তে চাৰে তিনি লাখ মেট্ৰিকটন ধান ক্রয় কৰিছে৷ আমগুৰি সমষ্টিৰ জনসাধাৰণে যাতে নিয়মিতিভাৱে বিদ্যুৎ লাভ কৰে তাৰ বাবে বিতৰণ ব্যৱস্থাটো শক্তিশালী কৰা আৰু প্রয়োজনীয় ড্রেন্সফর্মাৰ বহুৱাৰ বাবেও শক্তি বিভাগৰ বিষয়া–কর্মচাৰীসক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে বর্তমানৰ আমগুৰি চিকিৎসালয়খনক ১০০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হব বুলিও ঘোষণা কৰে৷ মুখ্যমন্ত্রীয়ে আমগুৰি কেন্দ্রীয় নাট্য মন্দিৰলৈ ২ কোটি টকাৰ আর্থিক অনুদান আগবেোৱাৰ লগতে আমগুৰি পৰিদর্শন বঙলাৰ উন্নয়ন সাধনৰ বাবেও ৭ কোটি টকা ৰাজ্য চৰকাৰে আগববাব বুলি ঘোষণা কৰে৷ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা আজিৰ এই অনুষ্ঠানত শক্তিমন্ত্রী বিমল বৰাই ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ৰাজহ মন্ত্রী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ আৰু কামাখ্যা প্রসাদ তাছা, বিধায়ক ক্রমে প্রদীপ হাজৰিকা, ধর্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোঁহাই, শক্তিখণ্ডৰ শীর্ষ বিষয়াসকলকে ধৰি গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like