নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ নহয় বিপিএফ–ৰাইজৰ দলৰে মিত্রতা বিচাৰে উজনিৰ কংগ্রেছীয়ে

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনত ১০+ আসন দখলৰ হুংকাৰ দিয়া শাসকীয় বিজেপিক প্রত্যাহ্বান জনাই গঠন কৰা মিত্রজোঁটক লৈ কংগ্রেছত চলি থকা মতানৈক্যই ক্রমাৎ তীব্র ৰূপ লৈছে৷ বিগ ব্রাদাৰৰ ভূমিকা লৈ কংগ্রেছে প্রধান মিত্রদল হিচাপে এ আই ইউ ডি এফক আঁকোৱালি লোৱা বিষয়টোক লৈ দলটোৰ ভিতৰচ’ৰাত অসন্তুষ্টিৰ সৃষ্টি হোৱাই নহয়, ক্রমাৎ এ আই ইউ ডি এফক একাষৰীয়া কৰাৰ বাবেও উত্থাপন হৈছে দাবী৷ ইয়াৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু একাংশ কংগ্রেছীয়ে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰে চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰি মিত্রজোঁটত আন দলক অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত হোঁহকা–পিছলা কৰিছে৷ ফলত দলৰ ভিতৰচ’ৰাত মতানৈক্য তীব্রতৰ হৈছে৷ এ আই ইউ ডি এফৰ পৰিৱর্তে অজাপ, ৰাইজৰ দল আৰু বি পি এফৰ সৈতেহে মিত্রতাৰ দাবী তুলিছে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই৷ বিশেষকৈ উজনি অসমৰ চাহ জনগোষ্ঠীক প্রতিনিধিত্ব কৰা কেইবাজনো জ্যেষ্ঠ নেতাই এই বিষয়টো দলৰ মজিয়াত উত্থাপন কৰাই নহয়, প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক হিচাপে অসমত বাহৰ পাতি থকা জিতেন্দ্র সিঙৰ ওচৰতো দাবী উত্থাপন কৰিছে৷

উল্লেখ্য যে এ আই ইউ ডি এফৰ সৈতে মিত্রতাক লৈ ইতিমধ্যে মুকলি বিৰোধিতা কৰি আহিছে দলৰ অন্যতম জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ আনকি বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো এ আই ইউ ডি এফৰ পৰিৱর্তে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে মিত্রতা কৰিবলৈ আহ্বান জনাইছে দলৰ নেতৃত্বক৷ আনকি সাংসদ গৌৰৱ গগৈয়ে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্রেছৰ মিত্রতাইহে বিজেপিক প্রতিৰোধ কৰিব পাৰিব বুলি মুকলিকৈ ঘোষণা কৰিছে৷ গৌৰৱ গগৈয়ে ইয়াৰ বাবে লুৰিণজ্যোতি গগৈ, অখিল গগৈক সাঙুৰি তিনি গগৈৰ মিত্রতা হ’লে বিজেপিক প্রতিৰোধ কৰাটো নিশ্চিত বুলিও ৰাজহুৱাভাৱে মন্তব্য কৰি আহিছে৷ দলৰ অধিকাংশ নেতাৰ এনে দাবীৰ বিপৰীতে কিন্তু এতিয়াও এ আই ইউ ডি এফৰ সৈতেহে মিত্রতাৰ বাবে আঁকোৰগোজ হৈ আছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা৷ মন কৰিবলগীয়া যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ বাবে অজাপ আৰু ৰাইজৰ দলে এই মহাজোঁটত অংশ লোৱাৰ পৰা আঁতৰি আছে৷

ইয়াৰ বিপৰীতে বি পি এফ, অজাপ আৰু ৰাইজৰ দল একত্রিত হোৱাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ এই প্রক্রিয়াৰ মাজতে কংগ্রেছৰ একাংশ উজনিৰ নেতাই এ আই ইউ ডি এফক আঁতৰাই আঞ্চলিক দলৰ সৈতে মিত্রতা কৰাৰ বাবে বাৰম্বাৰ হেঁচা দিছে জিতেন্দ্র সিঙক৷ ৰাজীৱ ভৱনৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি এ আই ইউ ডি এফে মিত্রতা চূড়ান্ত কৰাৰ পূর্বেই কংগ্রেছৰ দখলত থকা কেইবাখনো আসনত প্রতিদ্বন্দ্বিতাৰ বাবে উঠিপৰি লগাক লৈ দলত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ আনকি এই বিষয়টো জিতেন্দ্র সিঙৰো দৃষ্টিগোচৰ হৈছে৷ এ আই ইউ ডি এফৰ সৈতে মিত্রতাই আসন বুজাবুজিত যে তীব্র খেলিমেলি সৃষ্টি কৰিব, সেই সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি শেহতীয়াকৈ জিতেন্দ্র সিঙেও অজাপ, বি পি এফ আৰু ৰাইজৰ দলৰ সৈতে মিত্রতা কৰাৰ বাবে আগ্রহী হৈ পৰিছে৷ দলীয় সূত্রটোৱে প্রকাশ কৰা অনুসৰি মিত্রতাৰ প্রস্তাৱ লৈ ইতিমধ্যে অখিল গগৈৰ ওচৰত থিয় দিছে জিতেন্দ্র সিঙৰ দূত৷ একেদৰে বি পি এফ আৰু অজাপৰ ওচৰলৈও জিতেন্দ্র সিঙে প্রতিনিধি প্রেৰণ কৰি ফেব্রুৱাৰী মাহৰ আৰম্ভণিতে মিত্রতা চূড়ান্ত কৰাৰ বাবে প্রস্তাৱ দিছে দুয়োটা দলক৷ এইক্ষেত্রত প্রয়োজন সাপেক্ষে কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা ভংগৰো ইংগিত দিছে৷

অৱশ্যে এইপর্যন্ত মিত্রতাৰ পৰা আঁতৰি আছে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, বি পি এফ, এ এছ ডি চি আৰু গণ শক্তি৷ আঞ্চলিক এই দলকেইটা একগোট হোৱাৰো এক সমীক্ষা চলি আছে৷ এনে অৱস্থাত কংগ্রেছে আঞ্চলিক দলকেইটাক লগত লৈ মিত্রজোঁট গঠন কৰিলে বিজেপিৰ বিৰুদ্ধে প্রত্যাহ্বান থিয় কৰাব পাৰিব বুলি সমীকৰণ দাঙি ধৰিছে উজনিৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্রেছী নেতাই৷ আনহাতে, এ আই ইউ ডি এফৰ সৈতে মিত্রতাই নামনিত কিছু সফলতা আনিলেও উজনিত ২০১৬ চনৰ নির্বাচনৰ দৰে পুনৰ বিধ্বস্ত হ’ব কংগ্রেছ৷ উজনিৰ নেতাসকলে সতর্ক কৰি দিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক মিত্রজোঁটত অন্তর্ভুক্ত কৰিব নোৱাৰিলে নামনিত সংখ্যালঘু ভোট বিভাজন হোৱাটো নিশ্চিত৷

এ আই ইউ ডি এফৰ সৈতে মিত্রতাই এই ভোট বিভাজন ৰুধিব নোৱাৰে বুলিও দাবী কৰিছে নেতাকেইজনে৷ এই পৰামর্শৰ পাছতেই অজাপ, বি পি এফ আৰু ৰাইজৰ দলৰ সৈতে মিত্রতাৰ বাবে আগ্রহী হৈ পৰিছে জিতেন্দ্র সিং৷ ইফালে এনে ৰাজনৈতিক কুচকাৱাজৰ মাজতে  মহানগৰীৰ হোটেল গ্রেণ্ড লুইতত কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে জিলা আৰু ৰাজ্যিক পর্যায়ৰ মুখপাত্রসকলৰ সৈতে এক কর্মশালা অনুষ্ঠিত কৰে৷ এই কর্মশালাৰ পাছতেই তত্ত্বাৱধায়কগৰাকী মিত্রতাৰ বিষয়টোক লৈও মুখপাত্রসকলৰ সৈতে এক বৈঠকত বহে৷ এই বৈঠকতে এ আই ইউ ডি এফৰ সৈতে হোৱা মিত্রতাক লৈ দলে কি ধৰণৰ নেতিবাচক দিশৰ সন্মুখীন হ’ব পাৰে, তাক লৈও বিভিন্ন আলোচনা কৰে৷ আনহাতে, আজি মুখপাত্রসকলৰ কর্মশালাত অংশগ্রহণৰ বাবে উপস্থিত হয় ৰাষ্ট্রীয় নেতা তথা মুখপাত্র গৌৰৱ বল্লভ৷

ৰাজীৱ ভৱনত ৰাষ্ট্রীয় মুখপাত্রজনে এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰ আৰু বিজেপিক তীব্র ভাষাৰে সমালোচনা কৰে৷ মুখপাত্র বল্লভে কয় যে বিগত চাৰে চাৰি বছৰ ভুৱা উন্নয়নৰ প্রতিশ্রুতি দি থকা চৰকাৰখনে এতিয়া আধাৰশিলাৰ প্রতিযোগিতাত নামিছে৷ নিবনুৱা সমস্যাই অসমত এতিয়া ভয়ংকৰ ৰূপ লৈছে৷ যি সময়ত দেশৰ নিবনুৱাৰ হাৰ ৬.৫ শতাংশ, সেই সময়ত অসমত এই হাৰ ৭ শতাংশলৈ বৃদ্ধি পাইছে৷ চৰকাৰখনে ৯খনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰা বুলি দাবী কৰি আহিছে যদিও এই মহাবিদ্যালয় হাস্পতালকেইখন কেতিয়া কার্যকৰী হ’ব, সেয়া কিন্তু প্রকাশ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like