নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩১ মাৰ্চঃ উত্তৰ অসমৰ এখন অন্যতম শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান নৰ্মাল স্কুল ঢকুৱাখনাৰ ডি এল এডৰ প্ৰথম ষান্মাসিকৰ ছাত্র-ছাত্ৰীসকলৰ এক ব্যতিক্ৰমী পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। স’ততে পোৱা পেলনীয়া সামগ্ৰীসমূহ পেলাই নিদি বা আবৰ্জনা হিচাপে ব্যৱহাৰ নকৰি সেইসমূহেৰে শ্ৰেণীকোঠাত সজাই থ’ব পৰাকৈ তৈয়াৰ কৰিছে বিভিন্ন জীৱ-জন্তু, ফুল, ফুলদানি, পেইণ্টিং আদি। নৰ্মাল স্কুল ঢকুৱাখনাৰ প্ৰশিক্ষক শিক্ষকসকলৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা এই শৈল্পিক প্ৰতিভা এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে।