অসমআঞ্চলিক ইটাভাটাৰ প্ৰব্ৰজনকাৰী শ্ৰমিক পৰিয়ালৰ শিশুৰ শিক্ষাত গুৰুত্ব, লাওখোৱাত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ By নিয়মীয়া বাৰ্তা On Mar 31, 2022 Share নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৩১ মাৰ্চঃ লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নগৰাণী সত্ৰ মোক্তাব বিদ্যালয়ত প্ৰব্ৰজনকাৰী শিশুৰ ৪ মহীয়া বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ সামৰণি অনুষ্ঠানৰ সফল সামৰণি পৰিছে৷ সামৰণি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে হাতীপাৰা নগৰাণী এম.ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক গিয়াছ উদ্দিনে। অনুষ্ঠানত বিভিন্ন কেন্দ্ৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তিকে ধৰি বিভিন্ন ধৰনৰ খেল-ধেমালি অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে বিশেষ প্ৰশিক্ষণ বিভাগৰ জিলা আচঁনি বিষয়া শ্ৰুতিমালা গায়ন বৰা, লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া গ্ৰন্থম শইকীয়া, জিলা মানৰক্ষক পল্লৱী শইকীয়া আৰু কৰৈগুৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ছাদ্দাম হুছেইন। বিগত ৪ মাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইটাভাটা সমূহলৈ অহা শ্ৰমিক পৰিয়ালৰ শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত নোহোৱাকৈ ৰাখিবৰ বাবে শিক্ষা সেচ্ছাসেৱক-সেৱিকাসকলে এই বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে অহৰহ প্ৰচেষ্টা চলায় আহিছে। এপ্ৰিল মাহৰ পৰা এই শ্ৰমিক পৰিয়াল সমূহ ঘৰলৈ ঘূৰি যাব আৰু এওঁলোকৰ শিশুসকলে যাতে এই কেন্দ্ৰৰ পৰা গৈ বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ উপযুক্ত ব্যৱস্থা এই কেন্দ্ৰসমূহৰ জৰিয়তে কৰা হয়। শিশুসকলৰ মনোবল বৃদ্ধি আৰু শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি ৰখাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই শিশু সমাৰোহ অনুষ্ঠানৰ বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে নগৰাণী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপেশ শৰ্মা দেৱে। এই সমাৰোহত ১৮ টা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰায় ২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। Share