নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত শহুৰেকৰ ঘৰতে জোঁৱায়েকৰ সন্ত্ৰাস

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : যোৰহাটত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড । স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে পত্নীক । শহুৰেকৰ ঘৰতে জোঁৱাইকে নিজৰ পত্নীক কৰিলে হত্যা। পুলিবৰ থানাৰ অন্তৰ্গত সৰুচৰাই পৰ্বতীয়া বাগান লাইনত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, দেৰগাঁও বালিজানৰ বলো কুৰ্মী নামৰ এজন ব্যক্তিয়ে পুলিবৰ থানাৰ অন্তৰ্গত সৰুচৰাই পৰ্বতীয়া বাগান লাইনৰ পৰা বিয়া কৰোৱাইছিল মঞ্জু কুৰ্মীক । যোৰহাটৰ চোলাধৰাত ভাৰাতীয়া হিচাপে থাকি তামোল-পাণৰ দোকান দিছিল আছিল বলো কুৰ্মীয়ে। শেহতীয়াকৈ কিছুদিনৰ পৰা বলো কুৰ্মীয়ে সৰুচৰাই পৰ্বতীয়া বাগান লাইনৰ পত্নী মঞ্জু কুৰ্মীৰ ঘৰতে থাকিবলৈ লৈছিল। কিন্তু কালি নিশা দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় আৰু পিছত এই ঘটনাই ভয়ানক ৰূপ লয়। স্বামী-স্ত্ৰীৰ সংঘাতৰ পৰিণতিত বলো কুৰ্মীয়ে পত্নী মঞ্জু কুৰ্মীক ডিঙি কাটি হত্যা কৰে। কালি নিশা এই ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ক্ষুব্ধ ৰাইজে অভিযুক্ত পত্নীহন্তা বলো কুৰ্মীক আটক কৰি বান্ধি থয় আৰু আৰক্ষীক খবৰ দিয়ে। পুলিবৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বলো কুৰ্মীক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে, স্বামীৰ হাতত প্ৰাণ দিয়া মঞ্জুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় আৰু বিয়লি পৰিয়ালৰ লোকক চমজাই দিয়া হয়। এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজে বলো কুৰ্মীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like