🔹 হনীমুনলৈ অহাৰ পূর্বেই প্ৰস্তুত মার্ডাৰৰ মাষ্টাৰপ্লেন
🔹 গুৱাহাটীলৈ অহাৰ নিজেই টিকট বুক কৰিছিল সোনমে, কটা নাছিল ৰিটার্ন টিকট
নিউজ ডেস্ক, ১০ জুন : প্রকৃতিৰ নান্দনিক সৌন্দর্যৰ ৰম্যভূমি মেঘালয়ৰ চেৰাপুঞ্জীত সংঘটিত ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অপৰাধী আৰক্ষীৰ জালত পৰাৰ পাছতে সমগ্র ঘটনাক্রমৰ ইটোৰ পাছত সিটো ৰহস্য পোহৰলৈ আহিছে৷
যোৱা ১১ মে’ৰ পৰা মহাধুমধামেৰে বিবাহ সম্পন্ন হোৱাত ২০ মে’ত মধুচন্দ্রিকাৰ মধুৰ সময় মেঘালয়ৰ চিৰসেউজ পাহাৰৰ বুকুত কটাবলৈ ৰাওনা হোৱাৰ পূর্বেই ৰচনা হৈছিল হত্যাকাণ্ডৰ মাষ্টাৰপ্লেন৷ নৱপৰিণীতা সোনম ৰঘুবংশীয়ে ৰচা এই মাষ্টাৰপ্লেনৰ কোনো ভুৱেই নাপালে জীঘাংসাৰ বলি হোৱা ৰাজা ৰঘুবংশীয়ে৷ অতি নৃশংস হত্যাকাণ্ডটোৰ আঁৰত নিহিত হৈ থকা মূল কাৰকটোৱে হ’ল পৰকীয়া প্রেম৷
ৰাজা ৰঘুবংশীৰে পৰিয়ালৰ বাধ্যবাধকতাৰ বাবে বিয়াত বহিলেও সোনম ৰঘুবংশীৰ প্রেমৰ সম্পর্ক আছিল তেওঁৰ নিজৰ ব্যৱসায়িক প্রতিষ্ঠান ছানমাইকা ফার্নিছিঙৰ কর্মচাৰী ৰাজ কুছৱাহাৰ সৈতে৷ আৰু এই ৰাজ কুছৱাহাৰৰে মিলিয়েই স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ পৰিকল্পনা ইন্দোৰতে সোনম ৰঘুবংশীয়ে যুগুত কৰিছিল৷ পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ অচিলা লৈছিল মধুচন্দ্রিকাৰ৷ ইতিমধ্যে সোনম ৰঘুবংশী, প্রেমিক ৰাজ কুছৱাহা, তিনি ছুপাৰি কিলাৰ ক্রমে আনন্দ, বিকি ঠাকুৰ আৰু আকাশক মেঘালয় আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ প্রাথমিক জেৰাকালতে সোনম ৰঘুবংশীৰ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ পাইছে উক্ত তথ্য৷
আৰক্ষীয়ে সোনম ৰঘুবংশী আৰু ৰাজ কুছৱাহাৰ ফোনকল ৰেকর্ডৰ বিৱৰণ উলিয়াইছে৷ যাৰ জৰিয়তে দুয়োৰে মাজত প্রেমৰ সম্পর্ক থকাৰ নিশ্চিত তথ্য–প্রমাণ লাভ কৰিছে আৰক্ষীয়ে৷ প্রেমিক ৰাজ কুছৱাহাৰ সহায়তে সোনম ৰঘুবংশীয়ে মিলি ছুপাৰি কিলাৰ আনন্দ, বিকি ঠাকুৰ আৰু আকাশক নিয়োগ কৰিছিল ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ৷ আটাইতকৈ গুৰুত্বপূর্ণ তথ্যটো হ’ল মধুচন্দ্রিকাৰ বাবে গুৱাহাটীলৈ অহাৰ বাবে সোনম ৰঘুবংশীয়ে নিজেই টিকট বুক কৰিছিল৷ কিন্তু কটা নাছিল ৰিটার্ন টিকট৷ পিছতহে ৰাজা ৰঘুবংশীৰ পৰিয়ালে এই কথা জানিব পাৰিছিল৷
পৰিয়ালৰ মতে নৱদম্পতীৰ গুৱাহাটীত কামাখ্যা মন্দিৰ দর্শন কৰাহে মূল উদ্দেশ্য আছিল৷ তেওঁলোকে কিয় আৰু কেনেকৈ শ্বিলং পালে, সেইটো এতিয়া ডাঙৰ প্রশ্ণ হৈ পৰিছে৷ এই সন্দর্ভত ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিন ৰঘুবংশীয়ে কয় যে তেওঁলোক দুয়োৰে কোনে মেঘালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছিল, সেয়া আমি নাজানো৷ কিন্তু ৰাজ কুছৱাহাৰ নাম সাঙোৰ খোৱাটো গুৰুতৰ কথা৷ হয়তো এই পৰিকল্পনা পূর্বৰে পৰা আছিল৷ মোৰ দাদাৰ যিদৰে মৃত্যু হৈছে, সেইদৰে হত্যাকাৰীৰ শাস্তি হোৱা উচিত৷ আমি বিচাৰোঁ- ইয়াৰ চিবিআই তদন্ত হওক, যাতে সঁচাটো পোহৰলৈ আহে৷