🔹 বিবাহত সন্মতি দিও মাতৃক সকীয়াই দিছিল সোনম -এ
🔹 মই ৰাজাৰ সৈতে কি কৰোঁ চাই থাকা, ইয়াৰ পৰিণতি ভুগিব লাগিব
🔹 মা কামাখ্যাৰ দোহাই দি স্বামীক শাৰীৰিক সম্পর্ক স্থাপনত বাধা দিছিল সোনমে
নিউজ ডেস্ক, ১২ জুন : বিবাহৰ পূর্বেই স্বামী ৰাজা ৰঘুবংশীৰ প্রতি বীতশ্রদ্ধ আছিল পাষাণ হূদয়ৰ সোনম ৰঘুবংশী৷ চেৰাপুঞ্জীত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড সোনম ধৰা পৰাৰ পিছতে পোহৰলৈ আহিছে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য৷ পৰিয়ালে ঠিক কৰা বিবাহত সন্মতি জনায়ো সোনমে নিজ মাতৃকে একপ্রকাৰ সকীয়াই দিছিল৷
ৰাজাৰ জ্যেষ্ঠ ভাতৃ বিপিন ৰঘুবংশীয়ে এই সন্দর্ভত সোনমৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তি এজনৰ বক্তব্যৰ আঁত ধৰি কালি সংবাদ মাধ্যমৰ আগত এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰে৷ বিপিনে প্রকাশ কৰা মতে, সোনমে আন এজন যুৱকৰ সৈতে প্রেমৰ সম্পর্ক থকাৰ কথা নিজ মাতৃক অৱগত কৰিছিল৷ তেতিয়া মাতৃয়ে কন্যাক কৈছিল– প্রেম আনৰ সৈতে কৰিলেও বিবাহ কিন্তু আমাৰ জাতিৰ ভিতৰতহে হ’ব লাগিব৷ মাতৃৰ এনে কথা শুনি খঙাল হৈ পৰা সোনমে সকীয়নি দি কৈছিল যে তেন্তে সেয়াই হ’ব৷ কিন্তু বিবাহৰ পিছত ৰাজাৰ সৈতে কিবা সংঘটিত হ’লে তাৰ কাৰণে মই দায়ী নহ’ম৷ বিপিনে দাবী কৰা মতে, পৰিয়ালৰ হেঁচাতহে সোনমে বিবাহৰ বাবে সন্মতি প্রকাশ কৰিছিল৷ কিন্তু নিজে মান্তি হোৱা নাছিল ৰাজাৰ সৈতে সংসাৰ গঢ়াত৷ সেয়েহে মাতৃক পৰিয়ালৰ সৈতে মতৰ অমিল থকাৰ কথা আওপকীয়াকৈ অৱগত কৰি সোনমে কৈছিল– মই ৰাজাৰ সৈতে কি কৰোঁ, তোমালোকে চাই থাকা৷ ইয়াৰ পৰিণতি তোমালোক সকলোৱে ভোগ কৰিব লাগিব৷ অৱশেষত সেয়াই হ’ল৷ মধুচন্দ্রিকাৰ বাবে মেঘালয়লৈ আহি ছুপাৰি কিলাৰ লগাই নৱবিবাহিতা সোনমে অতি নৃশংসভাৱে হত্যা কৰিলে স্বামী ৰাজাক৷
এই হত্যাকাণ্ডৰ প্রধান সহযোগী আছিল সোনমৰ অবৈধ প্রেমিক ৰাজ কুছৱাহা৷ ইতিমধ্যে সোনম–ৰাজৰ লগতে তিনি ছুপাৰি কিলাৰ ক্রমে আকাশ ৰাজপুত, আনন্দ কুর্মী আৰু বিশাল ঠাকুৰ মেঘালয় আৰক্ষীৰ এছআইটিৰ জালত পৰিছে৷ ইফালে, সোনম আৰু ৰাজাৰ বিবাহক লৈ এক গুৰুত্বপূর্ণ আগজাননী দিছিল৷ ৰাজাৰ এগৰাকী সম্পর্কীয় ভনীয়েকে সংবাদ প্রতিষ্ঠান এএনআইৰ আগত এই বিষয়ে সদৰী কৰিছে৷ তেওঁ প্রকাশ কৰা অনুসৰি যোৱা ১১ মে’ত সম্পন্ন হোৱা বিবাহৰ প্রস্তুতিৰ আৰম্ভণিৰ পৰাই বিভিন্ন ধৰণৰ বাধাৰ সৃষ্টি হৈছিল৷ জ্যোতিষীয়ে ৰাজাৰ পৰিয়ালক সকীয়াই দিছিল যে সোনম ৰাজাৰ কাৰণে পিছলৈ বিপজ্জনক হৈ পৰিব পাৰে৷ বিবাহৰ পিছত দুয়োকে যাতে কোনোধৰণ দূৰণিবটীয়া ভ্রমণ কৰিবলৈ দিয়া নহয়৷ কাৰণ ইয়ে ৰাজাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে৷ জ্যোতিষীয়ে কৰা এই ভৱিষ্যদ্বাণী মানি চলিবলৈ মাতৃয়ে বাৰে বাৰে কৈ আহিছিল৷ পিছে মা কামাখ্যা মন্দিৰৰ দৰে জাগ্রত শক্তিপীঠলৈ গ’লে কোনোধৰণৰ বিপদ–বিঘিনি নঘটে বুলি ৰাজাই মাতৃক বুজনি দি গুৱাহাটীলৈ অহাৰ অনুমতি লয়৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতহে সোনমে ৰাজাক অৱগত কৰিছিল মেঘালয়লৈ মধুচন্দ্রিকাৰ বাবে যোৱাৰ কথা৷ সেয়েহে ৰাজায়ো গুৱাহাটীৰ পৰাই মেঘালয়লৈ যাব বুলি মাতৃ তথা পৰিয়ালক জনায়৷
প্রেগনেঞ্চী টেষ্ট নিগেটিভ : মা কামাখ্যাৰ
দোহাই দি স্বামীক শাৰীৰিক সম্পর্ক স্থাপনত বাধা দিছিল সোনমে
উত্তৰ প্রদেশৰ গাজীপুৰত গ্রেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে নিয়মমাফিক স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত সোনম গর্ভৱতী বুলি সন্দেহ কৰা হৈছিল৷ সেই সময়ৰ পৰীক্ষাৰ ফলাফল অমীমাংসিত আছিল৷ চিকিৎসকসকলৰ মতে, গর্ভাৱস্থাৰ প্রথম পর্যায়ত বহু সময়ত এনেধৰণৰ ফলাফল দেখা যায়৷ সেয়েহে সোনমৰ আল্ট্রাছাউণ্ড কৰিবলৈ চিকিৎসকে আৰক্ষীক পৰামর্শ দিছিল৷ পৰহি ট্রেনজিট ৰিমাণ্ডত শ্বিলঙলৈ অনাৰ পাছতে মাজনিশাই গণেশ দাস হাস্পতালত সোনমৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ কালি সেই স্বাস্থ্য পৰীক্ষাৰ ফলাফল প্রকাশ পায়৷ ফলাফল অনুসৰি, সোনমৰ প্রেগনেঞ্চী টেষ্ট নিগেটিভ৷ মেঘালয় আৰক্ষীৰ এছআইটিৰ ‘অপাৰেচন হনীমুন’ত আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ সেই অনুসৰি যোৱা ১১ মে’ত বিবাহ সম্পন্ন হৈ গ’লেও সোনম–ৰাজাৰ মাজত হোৱা নাছিল কোনোধৰণৰ শাৰীৰিক সম্পর্ক৷ বিবাহৰ পিছতো শৰীৰ স্পর্শ কৰাত সোনমে বাধা দিছিল ৰাজাক৷
এই সম্পর্কীয় তথ্য অনুসৰি ৰাজাক এইক্ষেত্রত দোহাই দিছিল মা কামাখ্যাৰ৷ মা কামাখ্যা মন্দিৰ দর্শন কৰিহে শাৰীৰিক সম্পর্ক স্থাপন কৰিব বুলি ৰাজাক সোনমে বাৰম্বাৰ কৈছিল৷ বিষয়টো সাধাৰণভাৱে গ্রহণ কৰি নৱবিবাহিতা পত্নীৰ ইচ্ছাত সহমত ব্যক্ত কৰিছিল ৰাজাই৷ তেওঁ হয়তো এবাৰলৈও ভবা নাছিল, ইয়াৰ আঁৰত আছে নৱবিবাহিতা পত্নীৰ এক ভয়ংকৰ পৰিকল্পনা৷ উল্লেখ্য যে বিবাহৰ দুদিনৰ পিছতে স্বামী ৰাজাক হত্যাৰ ব্লু–প্রিণ্ট ৰচনা কৰিছিল সোনমে৷ ফোনযোগে অবৈধ প্রেমিক ৰাজৰ সৈতে এই বিষয়ে আলোচনা কৰিছিল৷ পাছত যোৱা ১৫ মে’ত মাতৃগৃহলৈ গৈ ইয়াৰ চূড়ান্ত পৰিকল্পনা কৰা হৈছিল৷ ২০ মে’ত গুৱাহাটী আৰু ২২ মে’ত মেঘালয়লৈ যোৱাৰ সময়ছোৱাত অবৈধ প্রেমিক ৰাজৰ সৈতে তেওঁলোকৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ হকে নিৰন্তৰ ফোন–মেছেজযোগে যোগাযোগত আছিল সোনম৷