হানীমুন হত্যা : ইন্দোৰলৈ গৈ ৰাজৰে ভাৰাঘৰত আছিল সোনম ৰঘুবংশী
নিউজ ডেস্ক, ১০ জুন : ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নতুন নতুন গোপনীয়তা অহৰহ পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ ৰহস্য সমাধানৰ বাবে মেঘালয় আৰু ইন্দোৰ আৰক্ষীয়ে একেলগে কাম কৰি আছে। আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পিছত ২০২৫ চনৰ ২৫ মে’ত সোনম ৰঘুবংশী ইন্দোৰলৈ আহিছিল। ইয়াত তেওঁ প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে ভাৰাঘৰৰ কোঠাত থাকিছিল।
আৰক্ষীৰ মতে, বিয়াৰ পিছতে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা সাজু হৈছিল আৰু এই পৰিকল্পনা ৰাজ কুশৱাহাৰ সৈতে তেওঁৰ পত্নী সোনমৰ বাহিৰে আন কোনোৱেই নাছিল। ষড়যন্ত্ৰৰ অংশ হিচাপে এই দম্পতী শ্বিলং পালেহি।
২১ মে’ত শ্বিলঙত উপস্থিত হোৱাৰ পিছত এই দম্পতী ২২ মে’ত চেৰাপুঞ্জীলৈ গৈ হোমষ্টে লৈছিল। দম্পতীহালৰ লগতে হত্যাকাণ্ডৰ লগত জড়িত আন অভিযুক্তসকলেও তাত হোমষ্টে লৈছিল যদিও ৰাজা ৰঘুবংশীৰ এই সন্দৰ্ভত কোনো তথ্য নাছিল।
মেঘালয় আৰক্ষীৰ মতে, পৰিকল্পনা অনুসৰি তিনিজন অভিযুক্তই ৰাজাক ধৰিলে আৰু তাৰ পিছত বিকি নামৰ এজন অভিযুক্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ৰাজাক হত্যা কৰাৰ পিছত সকলো অভিযুক্তই তাৰ পৰা পলায়ন কৰে যদিও এই সকলো চিচি টিভি কেমেৰাত বন্দী হয়। ইয়াৰ পিছত সোনম ইন্দোৰ পালেগৈ, তাতে ৰাজ কুশৱাহাৰ লগত যোগাযোগ কৰে। ইয়াৰ পিছত সোনম উত্তৰ প্ৰদেশ পালেগৈ।
সংবাদ সংস্থা আইএনএছৰ প্রতিবেদনত সোনমে ছ’চিয়েল মিডিয়াত হানীমুনৰ কোনো ছবি পোষ্ট কৰা নাছিল, যাৰ বাবে কাৰো ওপৰত সন্দেহৰ সৃষ্টি হ’ব পাৰিছিল যদিও অপৰাধস্থলীৰ পৰা উদ্ধাৰ হোৱা হত্যাকাৰী আকাশৰ জেকেটে তদন্ত সহজ কৰি তুলিছিল৷ এই জেকেটটো সোনমে আকাশক দিছিল, য’ত তেজৰ দাগো পোৱা গৈছিল। অভিযুক্ত বিশালে প্ৰথমে ৰাজাক আক্ৰমণ কৰিছিল। ইয়াৰ পিছত আন অভিযুক্তই আক্ৰমণ কৰে।
আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰটোও গুৱাহাটীৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে। অভিযুক্ত ৰাজ কুশৱাহাৰ মাতৃয়ে কয় যে তেওঁৰ পুত্ৰ নিৰ্দোষী। তেনেকুৱা কাম তেওঁ কেতিয়াও কৰিব নোৱাৰে। ৰাজ কুশৱাহাৰ ভগ্নীয়েও সোনমৰ সৈতে সম্পৰ্কত থকা কথাটো সম্পূৰ্ণৰূপে নাকচ কৰিলে।