নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোনম ৱাংচুকক উপেন্দ্র নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা প্রদান

🔹 কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত গাম্ভীর্যপূর্ণ অনুষ্ঠান

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ডিচেম্বৰ : ২০সংখ্যক উপেন্দ্র নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা কালি লাডাখৰ সোনম ৱাংচুকক প্রদান কৰা হয়৷ ৰমণ মেগছেছে বঁটা বিজয়ী, প্রসিদ্ধ অভিযন্তা, উদ্ভাৱক, শিক্ষা সংস্কাৰক সোনম বাংচুকক এই বঁটাটো এক অনুষ্ঠানত প্রদান কৰা হয়৷ বঁটাত আছে প্রশস্তি–পত্র, এৰী–কোট–চাদৰ, বডোফাৰ প্রতিকৃতি আৰু দুই লাখ টকাৰ চেক৷ উপেন্দ্র নাথ ব্রহ্ম ট্ৰাষ্টে প্রতিবছৰে প্রদান কৰি আহিছে উপেন্দ্র নাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা৷ এইবাৰৰ ২০সংখ্যক বঁটা প্রদান কৰা হৈছে সোনম বাংচুকক৷ কোকৰাঝাৰৰ চান্দামাৰীত থকা বডোফা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রদান কৰা হয় এই বঁটা৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছাম ট্ৰিবিউন কাকতৰ কার্যবাহী সম্পাদক প্রশান্তজ্যোতি বৰুৱা৷ তদুপৰি বিটিচিপ্রধান প্রমোদ বড়ো, কেবিনেট মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নার্জাৰী, এবছুৰ সভাপতি দ্বীপেন বড়ো, উপেন্দ্র নাথ ব্রহ্ম ট্ৰাষ্টৰ অধ্যক্ষ সুবুং বসুমতাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷

You might also like