নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১১ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সোণাৰি চাপৰি কেকুঁৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কীৰ্তিমানসকলক আজি সদৌ কেকুঁৰি সোণাৰি চাপৰি সাৰ্বজনীন আঞ্চলিক ভাগৱত সমাজৰ জৰিয়তে ফুলাম গামোচা, মানপত্ৰ আদিৰে আনুস্থানিকভাবে সম্বৰ্ধনা জনাই ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে ভকত-বৈষ্ণৱসকলে ৷ সোণাৰি চাপৰি আঞ্চলিক কৃষ্টিভৱনত আজি অনুস্থিত সম্বৰ্ধনা সভাৰ লগত সংগতি ৰাখি পুৱা চাফাই, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গুৰু আসন প্ৰতিস্থা, বন্তি প্ৰজ্বলন, নাম-প্ৰসংগ আদিৰ অন্তত জাতীয় বিদ্যালয় সোণাৰি চাপৰিৰ ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে সমৱেত সংগীত পৰিৱেশনৰ পিছতে সদৌ কেকুঁৰি সোণাৰি চাপৰি সাৰ্বজনীন আঞ্চলিক ভাগৱত সমাজৰ সভাপতি ধীৰেন কছাৰীৰ সভাপতিত্বত অনুস্থিত সম্বৰ্ধনা সভা উদ্বোধন কৰে হেম গগৈয়ে ৷ সভাত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰবক্তা সেৱক চুতীয়া নিদিষ্ট বক্তা, কেকুঁৰি দাংধৰা জেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিব্য খনিকৰ বিশিষ্ট অতিথি, সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ প্ৰধান শিক্ষক ৰীণামাই চুতীয়া, অৱসৰপ্ৰাপ্ত সহঃশিক্ষক ৰাজেন টাকু, জাতীয় বিদ্যালয় সোণাৰি চাপৰিৰ অধ্যক্ষ ভদ্ৰকান্ত গগৈ, কেকুঁৰি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামপ্ৰসাদ চুতীয়া, কেকুঁৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহঃশিক্ষক জনক চুতীয়া, কেকুঁৰি ইউনাইটেড হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰিনাৰায়ণ গগৈ, সহঃ শিক্ষক বিনোদ গোহাঁই, মাহনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহঃশিক্ষক অনন্ত পেগু, সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ সভাপতি মনজিত সোণোৱাল আদি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক / অভিভাৱিকা আৰু সদৌ কেকুঁৰি সোণাৰি চাপৰি সাৰ্বজনীন আঞ্চলিক ভাগৱত সমাজৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া, ভকত-বৈষ্ণৱ আৰু আঞ্চলিক ভাগৱত সমাজৰ অন্তৰ্গত শাখাসমূহৰো ভকত-বৈষ্ণৱসকলো উপস্থিত থাকে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like