নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : কৃষিজীৱী অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে সোণাৰি চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ত ক্ৰেতা-বিক্ৰেতাৰ মাজৰ যোগাযোগ সম্পৰ্কীয় দক্ষতাৰ উমান কণ কণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক পৰ্যায়তে দিয়াৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা হ’ল ভোগালীৰ হাট নামৰ এখন বিশেষ বজাৰ ৷ লখিমপুৰ জিলাৰ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আমাৰ মাটি আমাৰ বজাৰ শ্লোগান দি ঘৰুৱা শাক-পাচলি, হাঁহ-কোমোৰা, কবি-বিলাহী-বেঙেনা, মাছ-মাংস, পিঠাপনা আদি নানান খাদ্য সামগ্ৰীৰে বিদ্যালয়ৰ চৌহদতে অনুষ্ঠিত কৰা ১ ঘণ্টাজোৰা এই বিশেষ বজাৰত সুলভ মূল্যত বস্তু কিনিবলৈ ভিৰ কৰে অগণন লোকে ৷
বিশেষকৈ বিদ্যালয়ৰ পুথিগত শিক্ষাৰ বিপৰীতে বাণিজ্যিক আৰু অৰ্থগত শিক্ষাৰ লগতে সামাজিক আৰু ব্যৱসায়িক দিশৰ সৈতেও ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ মহৎ উদ্দেশ্যে বিদ্যালয়ৰ শিক্ষক গোট আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে গ্ৰহণ কৰা এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলৰ জনসাধাৰণে৷ আনহাতে, বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ক্ৰেতাৰ লগত পোনপটীয়াকৈ বস্তুৰ দৰদাম কৰি গ্ৰাহকক এনে সামগ্ৰী যোগান ধৰিবলৈ পাই উৎফুল্লিত হোৱাৰ লগতে ঘৰুৱা খাদ্য সামগ্ৰী, শাক-পাচলি আদি নিজেই কঢ়িয়াই আনি বজাৰত নিজেই গ্ৰহকৰ লগত দৰদাম কৰি বিক্ৰী কৰিবলৈ পাই সন্তোষিত হোৱা বুলিও মন্তব্য কৰাৰ বিপৰীতে গ্ৰাহকসকলো সন্তোষিত হয় ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি