নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি কেকুঁৰিত ধোৱা চাঙত দুৰ্নীতি নিৰ্মূল আচঁনিঃ গ্ৰামোন্নয়নৰ নামত অবাধ লুণ্ঠন

 নিয়মীয়া বাৰ্তা ২ জুনঃ দুৰ্নীতিৰ নামত শূন্য সহনশীল নীতিৰ ঢাকঢোল বজোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰ জোঁট ৰাজ্য চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টিত কেৱল পঞ্চায়তীৰাজ ব্যৱস্থাতেই চলি থকা ব্যাপক দুৰ্নীতি অনিয়মৰ এক ন্যায়িক তদন্তৰো দাবী তুলিছে একাংশ পঞ্চায়ত বাসীয়ে ৷ প্ৰাপ্ত তথ্য মতে পঞ্চায়ত খনত মহাত্মা গান্ধী নিয়োগ নিশ্চিত আচঁনিৰ অধিনত চলি থকা গ্ৰামোন্নয়নৰ বিভিন্ন কামত একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ী,সমবায় সমিতিৰ এজেণ্ট , শিক্ষকৰ পত্নী , ৱাৰ্ড সদস্য / সদস্যা , চৰকাৰী কৰ্মচাৰীৰ পত্নী, প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পত্নী , অঙ্গনবাদী কেন্দ্ৰৰ সহায়িকাৰ উপৰিও বৃদ্ধ পেঞ্চনাৰ কলেজীয়া ছাত্ৰ -ছাত্ৰীৰ নামতো জব কাৰ্ড ব্যৱহাৰ কৰি অবাধ লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে ৷ গাওঁ পঞ্চায়তৰ জৰিয়তে গাওঁ সমূহত ৰূপায়ন কৰা এমজি এনৰেগাৰ বিভিন্ন আচঁনিত জৱকাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ পৰিৱতে টেক্টৰ,এক্সেভেটৰ ব্যৱহাৰ কৰি নাম মাত্ৰ কাম কৰি ভুৱা শ্ৰমিকৰ জৰিয়তে অবাধ লুণ্ঠন চলোৱাৰ ক্ষেত্ৰত দুৰ্নীতিৰ নামত শূণ্য সহনশীল ৰাজ্য চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নব কুমাৰ দলেৰ একাংশ ঘনিষ্ঠ নেতা পালিনেতাই জড়িত থকাৰো অভিযোগ উঠিছে ৷ এই ক্ষেত্ৰত পঞ্চায়তীৰাজ ব্যৱস্থাত দুৰ্নীতি নিৰ্মূলৰ উদ্দেশ্যে সোণাৰি চাপৰিত  জবৰ্কাৰ্ডৰ পুণৰীক্ষণৰ কাম চলি আছে যদিও এই সকল ভুৱা শ্ৰমিকৰ জৰিয়তে ইতিপূৰ্বে উদৰস্থ কৰি আহিছে আচঁনিৰ বিপৰীতে মোটা অ মোটা অংকৰ ধল ৷ ভুৱা জৱকাৰ্ডৰ জৰিয়তে চৰকাৰী আচঁনিৰ ধন উদৰস্থ কৰা এনে এচাম দুৰ্নীতি পৰায়ণ নেতাই আনকি পুৰণি তথ্য ফলককে মুহাৰি ৰং কৰি নতুন আচঁনিৰ তথ্য লিখি চৰকাৰী ধনৰ অবাধ লুণ্ঠন  চলোৱা বুলিও একাংশই অভিযোগ তুলি এই সকল দুৰ্নীতি গ্ৰস্থ লোকৰ বিৰুদ্ধে দুৰ্নীতিৰ নামত শূন্য সহনশীল ৰাজ্য চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়াই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় হিচাপেই পৰিগণিত হ’ব ৷

You might also like