নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ নেশ্যনেল হেৰাল্ড গোচৰৰ মূল অভিযুক্ত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰূদ্ধে আজি ধুবুৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয়।
চহৰখনৰ মাজমজিয়াৰ পাঁচমোৰত আয়োজিত সেই কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ছেনিয়া গান্ধী হায় হায়, ৰাহুল গান্ধী হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে। অন্তত আৰক্ষীৰ বাধাৰ মাজতেই ছেনিয়া আৰু ৰাহুল গান্ধীৰ জুমুঠি দাহ কৰে প্ৰতিবাদকাৰীসকলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি বিশ্বজিৎ দাস, সংগঠনটোৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাকে বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকে, ধৰি দলটোৰ অন্যান্য কাৰ্যকৰ্তাসকল অংশ লয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী