নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ ছোনিয়া গান্ধী গংগাৰাম হাস্পতালত চিকিৎসাধীন

বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ পুনৰ অসুস্থ হৈ পৰিছে কংগ্রেছৰ নেত্রী ছোনিয়া গান্ধী৷ জ্বৰ আৰু শ্বাস–প্রশ্বাসত কষ্ট পোৱাৰ বাবে দিল্লীৰ ৰাজেন্দ্র নগৰৰ ছাৰ গংগাৰাম হাস্পতালত ভর্তি কৰোৱা হয় নেত্রীগৰাকীক৷ এতিয়ালৈকে তৃতীয়বাৰ দিল্লীৰ এই হাস্পতালখনত চিকিৎসাধীন হ’ল প্রাক্তন কংগ্রেছ সভানেত্রীগৰাকী৷ ৭৬ বছৰীয়া ছোনিয়া গান্ধী দীর্ঘদিন ধৰি অসুস্থ৷ বিভিন্ন শাৰীৰিক সমস্যাৰ চিকিৎসা কৰাই আছে নেত্রীগৰাকীয়ে৷ ইয়াৰ পূর্বে দুবাৰকৈ ক’ভিডত আক্রান্ত হৈছিল কংগ্রেছ নেত্রীগৰাকী৷ ক’ভিডৰ পৰা মুক্ত হ’লেও সঘনে বিভিন্ন শাৰীৰিক সমস্যাত পৰিবলগীয়া হৈছে কংগ্রেছ নেত্রীগৰাকী৷ কিছুদিন পূর্বে প্রবীণ নেত্রীগৰাকী ব্রংকাইটিছত আক্রান্ত হৈছিল৷ শেহতীয়াকৈ মুম্বাইত ‘ইণ্ডিয়া’ জোঁটৰ বৈঠকত অংশগ্রহণ কৰি দিল্লীলৈ উভতি অহাৰ পিছতে অসুস্থ হৈ পৰে ছোনিয়া গান্ধী৷

You might also like