কৃষিমন্ত্ৰী অতুল বৰাৰ অভিনন্দন
গুৱাহাটী, ২৫ ডিচেম্বৰ: ৰাজ্যৰ কৃষিখণ্ডৰ বাবে এক শুভ সংবাদ। দেশৰ ভূতপূর্ব প্রধানমন্ত্রী, ভাৰতৰত্ন ‘অটল বিহাৰী বাজপেয়ী’ৰ সোঁৱৰণত গঠিত ‘অটল ফাউণ্ডেশ্যন’ৰ উদ্যোগত দেশৰ ৰাজধানী নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত অনুষ্ঠিত এক অনুষ্ঠানত শোণিতপুৰ জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ তত্বাৱধানত গঠিত পুঠিমাৰি বাপুভেটিৰ একমাত্র মহিলাৰ দ্বাৰা গঠিত কৃষক উৎপাদক কোম্পানী ‘জয়মতী’লৈ আগবঢ়োৱা হ’ল ‘ৰাষ্ট্রীয় অটল গৌৰৱ সন্মান’ । কেন্দ্ৰীয় কেবিনেট মন্ত্রী অৰ্জুন ৰাম মেঘৱালৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত সামাজিক উন্নয়ন আৰু দেশৰ বিকাশত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে প্ৰেৰণাদায়ক ‘অটল গৌৰৱ সন্মান’ গ্ৰহণ কৰে জয়মতী কৃষক উৎপাদক কোম্পানীৰ (FPC) অধ্যক্ষা কমল কুমাৰী বড়োৱে।
জয়মতী কৃষক উৎপাদক কোম্পানী (FPC) ৰ এই সফলতাৰ বাবে শুভেচ্ছা জনাইছে কৃষিমন্ত্ৰী অতুল বৰাই। নাৰী শক্তিৰ প্ৰতীক জয়মতী কৃষক উৎপাদক কোম্পানীৰ আদৰ্শৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক কৃষিকৰ্মৰ জৰিয়তে স্ব-নিয়োজনৰ পথ মুকলি কৰি মুখ্যমন্ত্ৰীৰ সপোনৰ বিকশিত অসম গঢ়াৰ একো একোগৰাকী সেনানী হ’বলৈ আহ্বান জনাইছে মন্ত্ৰী বৰাই।