নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ আজি দ্বিতীয়টো দিন ৷ উদুলি-মুদুলি পৰিৱেশ ৷ সোণালী জয়ন্তী অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ সোণজ্যোতি বৰুৱাৰ কবিতা সংকলন “অকণমান সুখ ধাৰলৈ দিয়া’’ উন্মোচন কৰা হয়৷ উন্মোচন কৰে প্ৰেৰণা পুথিভঁৰাল নলবাৰীৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, ভোলাঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শেষ প্ৰসাদ লুইটেল, টেক বাহাদুৰ ছেত্ৰী, ধীৰেন্দ্ৰ নাথ কলিতাকে ধৰি কেইবাজনো বিশিষ্ট লোকে ৷ পঞ্চলিশটা কবিতা সন্নিৱিষ্ট সংকলনখনিত বিশিষ্ট কবি, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া সুবক্তা ড° নন্দ সি বৰকলাই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে৷ ইতিমধ্যে স্কুলীয়া দিনৰে পৰা বিভিন্ন কাকত-আলোচনীত সোণজ্যোতি বৰুৱাই লিখা-মেলা কৰি আহিছে৷ সাহিত্য লিখা-মেলাৰ প্ৰতি প্ৰবল নিচা থকা সোণজ্যোতি বৰুৱাই বিগত সময়ছোৱাত মহাবিদ্যালয়ৰ আলোচনী, ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ, শাখা সাহিত্য সভাৰ আলোচনী ইত্যাদি সম্পাদনা কৰি আহিছে৷ কবিতা সংকলনত প্ৰকাশিত একাংশ কবিতা বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে আৰু সমাদৃত হৈছে৷ সোণজ্যোতি বৰুৱাই কবিতাৰ উপৰি প্ৰবন্ধ, ৰাজনৈতিক বিষয়, সমাজ জীৱনৰ সৈতে জড়িত বহুকেইটা বিষয় ইতিমধ্যে দৈনন্দিনভাৱে প্ৰকাশ পোৱা বহুকেইখন সংবাদ পত্ৰত প্ৰকাশিত হৈছে৷ সোণজ্যোতি বৰুৱাই জানিবলৈ দিয়া মতে, এইখন তেওঁৰ প্ৰথম কবিতা সংকলন৷ ইয়াৰ পৰৱৰ্তী সময়ত এখন প্ৰবন্ধ সংকলন প্ৰকাশৰ দিহা কৰিব বুলি জনাইছে৷
প্ৰেৰক পৱন নাথ