নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ এপ্ৰিলৰ পৰা চতিয়াৰ বহৰাভেটীত ৰাম কথা জ্ঞান মহাযজ্ঞৰ আয়োজন, প্ৰস্তুতি তুংগত

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ বিশ্বনাথ জিলাৰ সিপৰীয়া বহৰাভেটীত বহৰাভেটী হনুমান মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ৪ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈকে নদিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে শ্ৰী ৰাম কথা জ্ঞান মহাযজ্ঞ সমাৰোহ আয়োজন কৰা হৈছে। অনুষ্ঠানক কেন্দ্ৰ কৰি প্ৰস্তুতি তুংগত উঠিছে। সমিতিৰ বিষয়ববীয়া, ৰাইজ সকলো ব্যস্ত। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, ৪ এপ্ৰিলত ক্ৰমে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী, মূল দ্বাৰ অনুষ্ঠান, ধৰ্মধ্বজা উত্তোলন, কলহ যাত্ৰা, ধৰ্মীয় শোভাযাত্ৰা, বৰুণ আৱাহন, ঘট স্থাপন, কথা প্ৰৱচন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব। একেদৰে, ৫ এপ্ৰিলত মণ্ডপ পূজন, আৰতি ,পুষ্পাঞ্জলি, ভজন-কীৰ্তন আদিৰ দৰে নিতৌ অনুষ্ঠিত হ’ব ৰামকথা প্ৰৱচন। লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশেষ থিমৰ প্ৰদৰ্শনীও আয়োজন কৰা হৈছে। অনুষ্ঠানটোৰ প্ৰতিটো আধ্যাত্মিক কাৰ্যসূচীত জিলাখনৰ বিভিন্ন শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ, সহায়-সহযোগ আয়োজক সমিতিৰ মন বাহাদুৰ থাপা, কাৰ্যকৰী সভাপতি ভোলা নাথ ছেত্ৰী, মুখ্য সম্পাদক লেখ নাথ চুব্বা, সহ সম্পাদকদ্বয় পূৰ্ণ চুব্বা আৰু তুলাকান্ত খত্ৰীয়ে আহ্বান জনাইছে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like