নিউজ ডেস্ক, ২৭ মার্চঃ ঈদ উপলক্ষে দেশৰ ৩২টা দৰিদ্র মুছলিমক উপহাৰ আগবঢ়াব মোদী চৰকাৰে৷ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ঈদ উপলক্ষে ‘সৌগাত–ই–মোদী’ৰ অধীনত অত্যাৱশ্যকীয় সামগ্রীৰ বিশেষ কিট দৰিদ্র মুছলিমক উপহাৰ হিচাপে আগবঢ়াব৷ ইতিমধ্যে দক্ষিণ–পূব দিল্লীৰ নিজামুদ্দিনত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি তথা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই এই কিট বিতৰণ প্রক্রিয়া আৰম্ভ কৰিছে৷ দৰিদ্র মুছলিম পৰিয়ালক আগবঢ়োৱা এই বিশেষ কিটত থাকিব সাজ–পোছাক, খেজুৰ, শুকান ফল আৰু চেনি৷ মহিলাৰ বাবে বিশেষ কিটত মহিলাৰ সাজ আৰু পুৰুষৰ বাবে বিশেষ কিটত কুর্তা–পায়জামা থাকিব৷ এই বিশেষ কিটটোৰ খৰচ ৫০০ৰ পৰা ৬০০ টকা হ’ব৷ বিজেপিৰ সংখ্যালঘু মর্চাৰ সভাপতি জামাল ছিদ্দিকে প্রকাশ কৰা মতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সকলো সময়তে ১৪০ কোটি ভাৰতীয়ৰ অভিভাৱক বুলি কয়৷ সেয়েহে তেওঁ সকলো ধর্মৰ নাগৰিকক একে দৃষ্টিৰে চায়৷ উল্লেখ্য যে ৩২ হাজাৰ সংখ্যালঘু কর্মীয়ে ইতিমধ্যে দেশৰ ৩২ হাজাৰ মছজিদত যোগাযোগ কৰি ঈদ উপলক্ষে এই বিশেষ কিট দৰিদ্র মুছলিম পৰিয়ালক উপহাৰ দিব৷