বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ মাৰ্কৰামৰ বিৰল কৃতিত্ব
বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ দক্ষিণ আফ্ৰিকাৰ বেটছমেন এইডেন মাৰ্কৰামে শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰে। মাত্ৰ ৪৯টা বলত শতক অৰ্জন কৰে এইডেন মাৰ্কৰামে। শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰি এই বিৰল কৃতিত্ব অৰ্জন কৰে এইডেন মাৰ্কৰামে। এইগৰাকী খেলুৱৈয়ে ৪৯টা বলত শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰে। তেওঁ নিজৰ ইনিংছত ১৪টা চাৰি আৰু ৩টা ছয় কোবায়। এইদৰেই এইডেন মাৰ্কৰাম বিশ্বকাপৰ ইতিহাসত সৰ্বনিম্ন বলত শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে। ইফালে এই তালিকাৰ দ্বিতীয় স্থানত আছে আয়াৰলেণ্ডৰ কেভিন অ’ব্ৰাইনে। ২০১১ চনৰ বিশ্বকাপত কেভিন অ’ব্ৰাইনে ৫০টা বলত শতক অৰ্জন কৰিছিল। এই মেচত কেভিন অ’ব্ৰাইনৰ শতকৰ বাবেই আয়াৰলেণ্ডে ইংলেণ্ডক পৰাস্ত কৰে। এইডেন মাৰ্কৰাম আৰু কেভিন অ’ব্ৰাইনৰ পিছত তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল। অষ্ট্ৰেলিয়াৰ এই অল-ৰাউণ্ডাৰগৰাকীয়ে ২০১৫ চনৰ বিশ্বকাপত মাত্ৰ ৫১টা বলত শতকৰ ঘৰ স্পৰ্শ কৰিছিল। তেওঁ পাকিস্তানৰ বিৰুদ্ধে এই শতক অৰ্জন কৰিছিল। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন এ বি ডি ভিলিয়াৰ্ছ চাৰি নম্বৰত আছে। ২০১৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫২টা বলত শতক অৰ্জন কৰিছিল এ বি ডি ভিলিয়াৰ্ছে। বিশ্বকাপৰ ইতিহাসত এয়া চতুৰ্থ দ্ৰুততম শতক। ইংলেণ্ডৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক ইয়ন মৰ্গান পাঁচ নম্বৰত আছে। বিশ্বকাপ ২০১৯ত আফগানিস্তানৰ বিৰুদ্ধে ৫৭টা বলত শতক অৰ্জন কৰিছিল ইয়ন মৰ্গানে। এদিনীয়া বিশ্বকাপৰ ইতিহাসত এয়া পঞ্চম দ্ৰুততম শতক।