নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত দক্ষিণ কামৰূপত

ৰন্ধন কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৮ জুনঃ আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত ৰন্ধন কৰ্মচাৰী সকলে বিভিন্ন দাবীত সম্পূৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি মুখত মাস্ক পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ইউনিয়নৰ ৰাজ্যিক সম্পাদিকা কনকলতা দাসে জানিবলৈ দিয়া মতে মাহিলী মাথোন ১,০০০.০০ টকা মাননিতে কাম কৰিবলৈ ৰন্ধন কৰ্মচাৰী সকলক বাধ্য কৰোৱা হৈছে। অতি সম্প্ৰতি তেওঁলোক দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হৈছে। অসমৰ ৰন্ধন কৰ্মচাৰীসকল মূলতঃ আৰ্থিকভাৱে একেবাৰে পশ্চাদপদ পৰিয়ালৰ পৰা অহা। ইয়াৰে বুজন সংখ্যক আবিয়ৈ আৰু বিধবা মহিলা। উল্লেখ্য যে ২০০৯ চনতে ১,০০০.০০ টকা মাননি ধাৰ্য্য কৰা হৈছে। প্ৰায় ১১ বছৰ পিছতো সেয়া বৃদ্ধি কৰা নাই। মাননি বৃদ্ধি কৰা তথা মাননিৰ সলনি মজুৰি প্ৰদান কৰাৰ দাবীত ৰন্ধন কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে, গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰিছে। কিন্তু ভাৰত চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই। আনহাতে অসম চৰকাৰে দীৰ্ঘদিনৰ দাবীৰ পিছত শেহতীয়া বাজেটত পৰিমাণত কম হ’লেও ৫০০.০০ টকাৰ বৰ্ধিত মাননি ধাৰ্য্য কৰে যদিও এতিয়ালৈ আদায় দিয়া নাই। গতিকে এপ্ৰিল ২০২০ৰ পৰা এই বৰ্ধিত মাননি যোগ কৰি ৰন্ধন কৰ্মচাৰীৰ সম্পূৰ্ণ মাননি নিয়মীয়াকৈ আদায় দিয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ ওচৰত ইউনিয়নে দাবী উত্থাপন কৰে। তদুপৰি যিহেতু ৰন্ধন কৰ্মচাৰী সকল দুখীয়া পৰিয়ালৰ লোক। ল’কডাউনৰ সময়ছোৱাত তেওঁলোকক সকাহ দিবলৈ মাহিলী ৭,৫০০.০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াবলৈও ইউনিয়নে অনুৰোধ জনায়। সংগঠনটোৱে মধ্যাহ্ন ভোজন আঁচনি যোগে ‘চাউল’ৰ লগতে ‘ৰন্ধন ব্যয়’ (cooking cost) আদিৰ নামত আৱণ্টিত ধন বিশেষ ব্যৱস্থাৰে হিতাধিকাৰী শিশুসকলৰ মাজত বিতৰণ কৰাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়। বিতৰণৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ইউনিয়নে সহযোগ কৰাৰ বাবে প্ৰস্তুত বুলি ৰাজ্যিক সম্পাদিকা গৰাকীয়ে জানিব দিয়ে। দক্ষিণ কামৰূপৰ লগতে অসমৰ প্ৰতিখন জিলাতে আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হোৱাৰ কথাও সম্পাদিকাই জানিব দিয়ে। তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

You might also like