নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোৱণশিৰিৰ খহনীয়াত ঘৰ-ভেটি নদীৰ বুকুত জাহ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ন আলি ভীমপৰা মথাউৰি খহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কোটি কোটি টকাৰ আৱণ্টন দিয়া পিছতো জলসম্পদ বিভাগটোৰ বৰমূৰীয়াসকলৰ  অকমন্যতা বাবেই তেলাহী অঞ্চলৰ প্ৰায় ত্ৰিশখনৰো অধিক গাঁৱৰ জনসধাৰণ যে  এই বাৰিষাত জীয়াতু  ভোগ কৰিব লাগিব প্ৰায় নিশ্চিত ৷ ভীমপৰা মথাউৰি ৩৫ কিলোমিটাৰ আংশ চন্দ্ৰপুৰ নআলি, হালধীয়াঅটি গাৱঁৰ শ শ পৰিয়ালৰ ঘৰ ভেটি উচন হোৱা লগতে হাজাৰ হাজাৰ কৃষিভূমিৰ সোৱণশিৰিৰ বুকুত জাহ যোৱা লগতে যোৱাৰ বৰ্ষৰ সোঁ পাৰৰ মথাউৰিটো উটুৱাই নিয়ে৷ বৃহত্তৰ তেলাহী অঞ্চলৰ ৰাইজৰ জীৱন নিৰাপত্তা ৰক্ষা কবচ ভীমপৰা মথাউৰিটোৰ  খহনীয়া প্ৰতিৰোধ আৰু মথাউৰি সবলীকৰণৰ বাবে চৰকাৰে ২৭কোটি টকাৰ পুজি আৱণ্টন  দিছিল যদিও কাৰ্যবাহী অভিযন্তা,সহকাৰী অভিযন্তা আৰু ঠিকাদাৰৰ মইমতালি ,দাম্ভিকতাৰ বাবেই খহনীয়া প্ৰতিৰোধৰ কোটি টকীয়া আচনি খন সফল কৰাত ব্যৰ্থ জলসম্পদ বিভাগটোৰ৷  ফুটুকাৰ ফেনত পৰিণত  কোটি টকীয়া আচনিখন৷ বছৰৰ প্ৰথমটোৰ বানতেই আতংকিত নৈৰ পৰীয়া জনসাধাৰণৰ, সোৱণশিৰিৰ নদীৰ জলস্তৰ বৃদ্ধিৰ লগে লগে খহনীয়াই কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে, ৩৫ কিলোমিটাৰ অংশত খহনীয়া অব্যাহত থকা পিছত যোৱাকালি আবেলিৰ পৰা ভীমপৰা সোঁপাৰৰ মথাউৰি ৩৬ কিলোমিটাৰ  বালিঘাট আৰু ন আলি কৈৱৰ্ত্ত চুবুৰিৰ অঞ্চলতোট ব্যাপক ভাৱে খহনীয়াই কালৰূপ ধাৰণ কৰাত ৰাইজ মাজত হাহাকাৰ লাগিছে, নৈৰ পৰীয়া ৰাইজে অনিদ্ৰা  অনাহাৰে  কটাইছে দুৰ্বিষহ জীৱন , আজি পুৱাই বুধন মাৰ্জি পৰিয়ালটোৰ ঘৰ ভেটৰ লগতে কেইবাখনো ব্যৱসায় স্থলীৰ নদীৰ বুকুত জাহ যায় ৷ ৰাইজৰ সহযোগ বহু কেইখন ব্যৱসায় স্থলী নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে যদিও যথেষ্ট ক্ষতিসাধন হয় ব্যৱসায় সকলৰ ,আনহাতে সোৱণশিৰিৰ নদীৰ বাওঁ পাৰৰ ন আলি মিৰিৰ গাঁৱৰ তিনিটা পৰিয়াল ঘৰ ভেটি উচন হোৱা লগতে নআলি প্ৰাথমিক বিদ্যালয়খনো নদীৰ বুকুত জাহ যাওঁ যাওঁ, এইক্ষেত্ৰত জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছ যদিও তেনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো লাখটকীয়া প্ৰশ্ন৷ আনহাতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ দৰে দক্ষ জনপ্ৰতিনিধি থকা পিছতো জলসম্পদ বিভাগটোৱে কোটি টকীয়া আচনিখনত সংঘটিত কৰি অহা অনিয়ম আৰু দুৰ্নীতি সম্পৰ্কত নিৰব ভুমিকা পালন কৰি অহাৰ লগতে এই বিপৰ্যয় সময়তো অঞ্চলটোলৈ এবাৰো পৰিদৰ্শন কৰিবলৈ নহাত  ব্যাপক চৰ্চা লাভ কৰিছে ৷
প্ৰেৰক সুদীপ্ত দাস
You might also like