নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত সোণ হালধীয়া হৈ ফুলিছে সৰিয়হ

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা,১৬ ডিচেম্বৰ : ধৰালৈ ক্ৰমাৎ শীত নামিছে। কুঁৱলীও পৰিছে। ৰ’দৰ উত্তাপ লাহে লাহে কমিছে।পথাৰৰ সোনালী ধান ইতিমধ্যে কৃষকৰ ভঁৰাল ভৰিছে। পথাৰৰৰ সোনালী ধাননিৰ পিছত এতিয়া চৌদিশে সোণৰঙী হালধীয়া সমাহাৰ। যেন হালধীয়াৰ এখন সাগৰ। কিয়নো এতিয়া সৰিয়হ ফুলিছে। নীলা আকাশৰ তলত সোণ হালধীয়া সৰিয়হ ফুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কৃষি সর্বস্ব ঢকুৱাখনা সম জিলাৰ প্ৰতিটো প্ৰান্তত এতিয়া সৰিয়হ ফুলিছে। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক সৰিয়হ উৎপাদন হোৱা ঢকুৱাখনাৰ পথাৰত চকুৰে মনিব নোৱাৰা দূৰলৈকে কেৱল হালধীয়া আৰু হালধীয়া।নৈৰ পাৰৰ হালধীয়া দলিচাৰ আচ্ছাদনে নিমজ্জিত কৰি তুলিছে কৃষকৰ সপোনৰ পথাৰ। প্ৰকৃতিয়ে যেন হালধীয়া চাদৰ পিন্ধি উৰুৱাইছে আচল। নদী প্ৰধান ঢকুৱাখনাৰ চাৰিকড়ীয়া ,কঢ়া,দাংধৰা,চামপৰা নৈৰ দুয়োপাৰে এতিয়া চকুৰে মনিব পৰালৈকে কেৱল হালধীয়া। যেনিয়েই চায় তেনিয়েই দেখা পোৱা যায় কেৱল সৰিয়হৰ হালধীয়া। যেন বসুন্ধৰা বুকুয়েদি উৰিছে এখন হালধীয়া চাদৰ। ঢকুৱাখনা সমজিলাৰ তিনিটাকৈ কৃষি চক্ৰ ঢকুৱাখনা, ঘিলামৰা আৰু সোণাৰি চাপৰিৰ হাজাৰ হাজাৰ কৃষকৰ মুখলৈ এই সৰিয়হৰ হালধীয়াই কঢ়িয়াই আনিছে হাঁহিৰ ৰেঙণি। তদুপৰি নয়নজুৰুৱা সৰিয়হৰ হালধীয়াৰ নান্দনিক পৰিবেশে হাত বাউল দি মাতিছে সকলোকে।সৰিয়হৰ হালধীয়াৰ মাজত যেন হেৰাই যায় কৰিব কবিতাৰ ছন্দ।হেৰাই যায় গীতিকাৰৰ কথা আৰু গীতৰ সুৰ। ইমানেই বিমুগ্ধকৰ এই দৃশ্য । সৰিয়হৰ হালধীয়াত বিলীন হৈছে ভোমোৰা, মৌমাখিও। হাজাৰ হাজাৰ বিঘা কৃষিভূমিত কপালৰ ঘাম মাটিত পেলাই কৃষকসকলে বহু কষ্টৰে কৰা সৰিয়হ খেতিয়ে এতিয়া হালধীয়া বৰণ লৈছে। ঢকুৱাখনাৰ প্ৰতিখন পথাৰেই এতিয়া কাৰ্যত সৰিয়হৰ হালধীয়া ফুলেৰে এতিয়া একোখন হালধীয়া সাগৰত পৰিণত হৈছে। এই হালধীয়া খিনিয়েই এতিয়া কষ্ট সহিষ্ণু বহু কৃষকৰ চকু-মুখলৈ আনন্দ কঢ়িয়াই আনিছে।প্ৰাপ্তিৰ আনন্দই যেন কৃষকসকলৰ দুখৰ বোজাক বহু দূৰলৈ আঁতৰাই নিছে। নৈসৰ্গিক শোভা, সৰিয়হ ফুলৰ হালধীয়া বৰণৰ মাজত এক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আগমণ ঘটিছে এতিয়া বহু লোকৰ৷ বিশেষকৈ হালধীয়া সৰিয়হ ফুলৰ মাজত একপি ফটো উঠিবলৈ সৰিয়হৰ হালধীয়াৰে ভৰি পৰা পথাৰলৈ আগমণ ঘটিছে বিভিন্নজনৰ। নৈৰ পাৰত ফুলি উঠা সৰিয়হ ফুলৰ সুতীব্ৰ গোন্ধে ব্যাকুল কৰিছে সকলোকে।

You might also like