সদনত অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা প্ৰশ্নকালীন ঘণ্টাত অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু অখিল গগৈৰ মাজত সৃষ্টি হয় বাকযুদ্ধ। ইপিনে বিধায়ক অখিল গগৈৰ বাবে উত্তপ্ত হৈ পৰা সদন ১০ মিনিটৰ বাবে স্থগিত ৰাখে অধ্যক্ষই।
আনকি অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এনেকুৱা বিধায়কক লৈ সদন কেনেদৰে চলিব বুলি মন্তব্য কৰাৰ লগতে অখিল গগৈক উদ্দেশ্য কৰি কয়, ‘আপুনি কাজিয়া কৰি ভাল পায়, কিন্তু কাজিয়া কৰিবলৈ বিধানসভালৈ নাহিব।’ ইফালে আঙুলি টুৱাই এজন অধ্যক্ষক কথা ক’ব নোৱাৰে বুলিও মন্তব্য কৰি কয় যে আন অধ্যক্ষৰ দৰে মই নহয়, যদি সদনত কোনোবা গৰম হয় ময়ো গৰম হ’ম । আনহাতে অখিলৰ গগৈৰ মতে সদন নচলে তথা অধ্যক্ষ নচলে বুলি অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিধায়কজনক জনায় দিয়ে।