নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেলিভাৰী বয় হ’বলৈ দিব লাগিব চৰিত্ৰৰ প্ৰমাণ

বিশেষ বাৰ্তা, ১৫ মাৰ্চঃ এতিয়াৰে পৰা ডেলিভাৰী বয় হোৱা ইমান সহজ ন’হব। কাৰণ অনলাইন বজাৰৰ পৰা খাদ্য আৰু আন আন বয়-বস্তু যোগান দিয়া ডেলিভাৰী বয় হ’বলৈ লাগিব চৰিত্ৰৰ প্ৰমাণ পত্ৰ। এই নিৰ্দেশনা জাৰি কৰিলে মুম্বাই আৰক্ষীয়ে। বহুতৰে পৰা অজস্ৰ অভিযোগ পাবলৈ ধৰাত অৱশেষত এই সিদ্ধান্ত ল’লে মুম্বাই আৰক্ষীয়ে। নতুন নিৰ্দেশনা মতে, কোনো অপৰাধত জড়িত থকা লোকে ডেলিভাৰী বয়ৰ কাম কৰিব নোৱাৰিব। কোনো প্ৰতিষ্ঠানে কেৰেক্টাৰ চাৰ্টিফিকেট নোহোৱাকৈ যিকোনো ল’ৰাক নিয়োগ কৰিব নোৱাৰিব।

You might also like