বিভাষ দেৱ নাথ
উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভর্তি কৰা অধিকাংশ ছাত্র–ছাত্রীৰ লগতে পিতৃ–মাতৃ তথা বংশ–পৰিয়ালৰ এটা সপোন থাকে৷ সপোন ল’ৰাটোক বা ছোৱালীজনীক অভিযন্তা বা চিকিৎসক হিচাপে চোৱাৰ৷ পঢ়িবলৈ মন থাককেহ বা নাথাকক, বহুত ক্ষেত্রত নিজৰ সপোনক হত্যা কৰি হ’লেও সমাজ বা পৰিয়ালৰ সেই সপোনটোকহে বাস্তৱায়িত কৰিবলৈ ছাত্রজন বাধ্য হৈ পৰে৷
একবিংশ শতিকাৰ কৃত্রিম বুদ্ধিমত্তা (Artificial Intelligence)ৰ সময়তো আমাৰ সমাজ ব্যৱস্থা হমানেহ পিছ পৰি ৰৈছে যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্র এজনে পঢ়িব পৰাকৈ শ শ পাঠ্যক্রম দেশৰ লগতে পৃথিৱীৰ বিভিন্ন প্রান্তত ডপলব্ধ থকাৰ পিছতো এক কথাত ল’ৰা–ছোৱালীৰ মন ঠেক গণ্ডীত আবদ্ধ কৰি ৰাখি কেৱল ডাক্তৰ–ইঞ্জিনীয়াৰ হ’ব পাৰিলেহে বিজ্ঞানৰ ছাত্র হিচাপে সফল বুলি এটা বাতাৱৰণ সৃষ্টি কৰা হৈছে৷ যাৰ ফলত অনিচ্ছা সত্ত্বেও বিজ্ঞানৰ ছাত্র এজন মেড্রিক পাছ কৰি ডঠি বাধ্য ক’চিং, টিডচন আদি ল’বলৈ৷ সমাজখনে এক অদ্ভুত চিন্তাত এতিয়াও মগ্ন হৈ আছে যে চিকিৎসক বা অভিযন্তা হ’ব পাৰিলেহে উপার্জন কৰিবলৈ যোগ্য বিবেচিত হ’ব৷ জনাহ থওঁ যে আজিৰ তাৰিখত এনে কোনো বিষয় বা পাঠ্যক্রম নাহ, যাক পঢ়িলেই কর্মসংস্থাপন এটা পোৱাটো এশ শতাংশই নিশ্চিত৷ যোৱা কিছুদিন পূর্বে দিল্লীৰ এখন চিকিৎসালয়ত খালী হোৱা চিকিৎসকৰ ২০টা পদৰ বিপৰীতে ৫০০তকৈও অধিকMBBS ডিগ্রীধাৰী প্রার্থী হিচাপে অৱতীর্ণ হয়।
বহু শিক্ষিত মানুহৰ মনতেহ এটা ভ্রান্ত ধাৰণা আছে যে ইঞ্জিনীয়াৰিং, মেডিকেল পাঠ্যক্রমৰ বিভিন্ন প্রৱেশ পৰীক্ষাসমূহ(entrance examinations) যেনেJEE, NEET, CEE আদিত ডত্তীর্ণ হ’লেহে উচ্চতৰ মাধ্যমিক পর্যায়ৰ বিজ্ঞানৰ ছাত্র এজন সফল বা কৃতিত্বৰ অধিকাৰী৷ বিষয় বা পাঠ্যক্রমক সৰু–ডাঙৰ সজাবলৈ গৈ আচলতে ল’ৰা–ছোৱালীকdepression, anxietyৰ ফালে ঠেলি দিছে৷ ক’চিং কৰি প্রৱেশ পৰীক্ষাত ডত্তীর্ণ নহৈ মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰাৰ নিচিনা ঘটনাও মাজে–সময়ে শুনিবলৈ পোৱা যায়৷ হয়াৰ মূলতে হ’ল মানুহে কেহটামান নির্দিষ্ট পাঠ্যক্রমক ডাঙৰ তথা গুৰুত্বপূর্ণ বুলি মনতে সাজি লৈছে আৰু নিজৰ ল’ৰা–ছোৱালী বা সমাজকো ভাবিবলৈ বাধ্য কৰিছে৷
মই কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূডান্ত বর্ষৰ পৰীক্ষা পাছ কৰি উঠি ৰাজ্যিক, ক্ষেত্রিক তথা ৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন ক্ষেত্রৰ সর্বমুঠ ৮টাকৈ প্রৱেশ পৰীক্ষাত ডত্তীর্ণ হৈছিলোঁ৷ জানি হয়তো আচৰিত হ’ব যে বিজ্ঞানৰ ছাত্র হোৱা সত্ত্বেও মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫বছৰীয়া বাণিজ্য বিভাগৰ পাঠ্যক্রমIntegrated MComৰ প্রৱেশ পৰীক্ষাত ডত্তীর্ণ হৈছিলোঁ৷ বহুতেই ভাবে যে হায়াৰ ছেকেণ্ডাৰী বিজ্ঞান শাখাত পঢ়িলে পিছলৈ অন্য শাখালৈ গ’লে ছাত্রজন এজন পৰাজিত ব্যক্তি(a looser)৷ কিন্তু সেহ একেখিনি মানুহেহ জানি থোৱা ডচিত যে ইঞ্জিনীয়াৰিং পাছ কৰা মানুহ এজনে যেতিয়া মেনেজমেণ্টৰ পাঠ্যক্রম পঢ়ে, তেতিয়াও তেওঁৰ শাখা সলনি হয়, অথচ মানুহে একো নকয়৷ মেনেজমেণ্ট পঢ়িলেহ সেহ অভিযন্তাজনlooser হৈ নাযায়, কাৰণ তেওঁৰ কর্মক উন্নত কৰিবলৈ বা তেওঁৰ কার্যালয় পৰিচালন ডন্নত কৰিবলৈ মেনেজমেণ্ট পাঠ্যক্রমৰ প্রয়োজন হয়৷ মই এজন চিভিল হঞ্জিনীয়াৰিঙৰ ডিগ্রীধাৰী, কিন্তু হতিহাস(History) নজনাকৈ মহ ক’ব নোৱাৰিম কিদৰে হজিপ্ত, মেছ’পটেমিয়া, সিন্ধু সভ্যতাৰ পৰাই জলসিঞ্চন (Irrigation), পানী যোগান (Water Supply), নগৰ পৰিকল্পনা (Town Planning) আদি আৰম্ভ হৈছিল৷ আমি ইঞ্জিনীয়াৰিং পঢ়োঁতেও Sociology, Accountancy, Management, Constitution of India, Economics আদি ষাণ্মাসিকত একোটা বিষয় হিচাপে পঢ়িবলগীয়া হৈছিল৷ গতিকে প্রত্যেক বিষয়েহ কিবা নহয় কিবা প্রকাৰে আমাৰ বাবে প্রয়োজনীয়, বিষয়ৰ সৰু–ডাঙৰ নাহ তথা গুৰুত্বৰ দিশৰ পৰা কম–বেছি নাই৷
ইঞ্জিনীয়াৰিং, মেডিকেলৰ বাহিৰেও বিশ্বত এনে বহু পাঠ্যক্রম আছে, যাৰ হয়তো নামেহ আমি শুনা নাহ বা শুনিলেও গুৰুত্বহীন বুলি ভাবোঁ৷ যিবোৰ পঢ়ি দেশৰ তথা পৃথিৱীৰ বিভিন্ন প্রান্তত বিভিন্ন কর্মত সংস্থাপিত হ’বলৈ সক্ষম হৈছে৷ আনকি মেডিকেল বা ইঞ্জিনীয়াৰিঙৰ লগতেহ জডিত এনে কিছুমান পাঠ্যক্রম আছে, যাৰ বিষয়ে মেডিকেল বা ইঞ্জিনীয়াৰিঙৰ ছাত্র এজনেহ হয়তো জ্ঞাত নহয়৷ উদাহৰণস্বৰূপে Biomedical Engineering পাঠ্যক্রম৷ আই আই টি(IIT) সমূহতো কেৱল ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্রমেহ নাথাকে, তাত কলা শাখাৰ ছাত্র–ছাত্রীৰ বাবেও দুৱাৰ খোলা আছে৷ উদাহৰণস্বৰূপেDevelopment Studies পাঠ্যক্রম৷
কোনোবাই যদি সংগীত ভাল পাহ, তেওঁৰ বাবে বিভিন্ন বিশ্ববিদ্যালয়ত সংগীতৰ স্নাতকৰ পৰা ডক্টৰেটলৈ ডিগ্রী উপলব্ধ আছে৷ কাৰোবাৰ যদি ফেশ্বন ডিজাহনিং প্রিয়, তেওঁৰ বাবে আছেB.Des, B.FTech, M.DES, MFM, M.FTech আদি পাঠ্যক্রম৷ অভিনয়ত ৰাপ থাকিলে আছেNational School of Drama, Film and Television Institute of India আদিৰ ডিপ্লমা, ডিগ্রী৷ ছবি আঁকি ভাল পালে আছেBFA, MFA আদি ডিগ্রী৷
যোগশাস্ত্র অধ্যয়ন কৰি যোগ চিকিৎসক, শিক্ষক হ’বলৈ বিচাৰিলে আছেBNYS, Yoga Teacher Diploma আদি ডিগ্রী, ডিপ্লমা৷ বিদেশী ভাষা শিকি দেশৰ লগতে বিভিন্ন আন্তর্জাতিক সংস্থাত নিয়োজিত হোৱাৰ মন মেলিলে আজিকালি বিভিন্ন বিশ্ববিদ্যালয়তForeign Languages and Literature আদি পাঠ্যক্রম ডপলব্ধ হৈছে৷ তদুপৰি আছেInternational Relations, Foreign Trade, Event Management, Forensic Science, Hospital Management, Aerospace Engineering, Astrophysics, Earth and Marine Sciences, Brewing Science, Planetary Science, Machine Learning, Artificial Intelligence, Web Designing, Aviation Management আদিকে ধৰি শ শ পাঠ্যক্রম, যাৰ নামেহ আমাৰ বহুতে শুনা নাহ৷ মাথোঁ পাঠ্যক্রমটো ভাৰতত স্বীকৃতিপ্রাপ্ত হয় নে নহয়, সেয়া নামভর্তি কৰাৰ আগতে ভালদৰে চাহ লোৱাটো বাঞ্ছনীয়৷
এনেকৈ বিভিন্ন ক্ষেত্রত আমাৰ ৰুচি অনুসৰি মনৰ লগত মিলাকৈ বিভিন্ন স্বীকৃতিপ্রাপ্ত পাঠ্যক্রম বিভিন্ন বিশ্ববিদ্যালয়ত ডপলব্ধ, য’ত আমি নিজক বিচাৰি পাওঁ, য’ত আমি নিজৰ প্রতিভাক বিকাশ কৰিব পাৰোঁ৷ বহুতেহ ভাবে অমুকটোত সুযোগ(scope) নাই, তমুকটোত আছে৷ কিন্তু কথাটো হ’ল ইটাভাতাত বিস্কিট বিচাৰি লাভ নাহ, বিস্কিট পোৱা যাব বিস্কিট ভেটা, বেকাৰী বা ফেক্টৰীতহে ঠিক তেনেকৈ আমাৰ হয়াতComputer Science পঢ়ি লাভ নাহ বাscope নাই বুলি হয়তো কোনোবাহ ক’ব পাৰে, কিন্তু সেহ একেহComputer Sciencesৰ বিভিন্ন পাঠ্যক্রম পঢ়ি বেংগালুৰু, হায়দৰাবাদ আদিত বিভিন্ন কোম্পানীত ছাত্র–ছাত্রীৰ বাবে সুযোগৰ এখন পৃথিৱী ৰৈ আছে(World of Opportunities)৷ তদুপৰি লোকসেৱা আয়োগ(UPSC, APSC আি), ষ্টাফ ছিলেকচন কমিছন(SSC), IBPS আদিয়ে অসামৰিক তথা সংলগ্ণ সেৱাসমূহ, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ, বেংকিং আদিৰ বিভিন্ন পদবীত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে, য’ত যিকোনো স্বীকৃতিপ্রাপ্ত পাঠ্যক্রমৰে স্নাতক ডিগ্রী থাকিলেহ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰি৷
মূলতঃ ঘৰখনে, জ্যেষ্ঠজনে বা ছাত্রজনে নিজেহ মন ডাঙৰ কৰিব লাগিব, মন মেলিব লাগিব৷ ঠেক গণ্ডীত সোমাই থাকিলে বহু কথা নুশুনাকৈ, নজনাকৈ ৰৈ যাব৷ মানুহৰ উচ্চ–নিম্ন বিচাৰ কৰাৰ নিচিনাকৈ পাঠ্যক্রমৰ সৰু–ডাঙৰ বিচাৰ কৰা এৰিব লাগিব৷ তেনেকুৱা এটা পৰিৱেশ সৃষ্টিত সমাজৰ সকলোৱে অৰিহণা যোগাব লাগিব৷ অপ্রিয় বিষয় এটা জাপি দি এটা সপোনক হত্যা কৰা মানেহ এটা প্রতিভাক, এক শ্রেষ্ঠত্বক হত্যা কৰা৷ যাৰ নেতিবাচক প্রভাৱ কম– বেছি পৰিমাণে সমাজেহ ভুগিব লাগিব বিভিন্ন সময়ত৷ চৰকাৰে এইক্ষেত্রত বিশেষ পদক্ষেপ লৈ বাধ্যতামূলকভাৱে সকলো ছাত্র–ছাত্রীকে সময়ে সময়ে কাউনচেলিঙৰ ব্যৱস্থা কৰিলে ছাত্র–ছাত্রীৰ বাবে, সমাজৰ বাবে বৰ উপকাৰী হ’ব৷ তদুপৰি শিক্ষাৰ মূল উদ্দেশ্য সিদ্ধিৰ লগতে প্রকৃত মানৱ সম্পদ গঢ়াত এনে পদক্ষেপ যথেষ্ট পৰিমাণে লাভদায়ক হ’ব৷
(লেখক অসম অভিযান্ত্রিক মহাবিদ্যালয়, জালুকবাৰীৰ পৰা ডত্তীর্ণ এগৰাকী চিভিল ইঞ্জিনীয়াৰ, ফোনঃ ৮০১১৪৩০৬৭৬)