আদিল হুছেইন
এতিয়া মই মোৰ জন্মস্থান অসমৰ গোৱালপাৰা চহৰত আছোঁ৷ কালি দিল্লীৰ পৰা উভতি আহোঁতে বিমানবন্দৰৰ পৰা গোৱালপাৰালৈ মির্জা, ছয়গাঁও, ধূপধৰা, দুধনৈ, কৃষ্ণাই, আগিয়া হৈ ঘৰ পাওঁ৷ প্রত্যেকবাৰ যেতিয়া ঘৰলৈ আহোঁ তেতিয়াই এটা কথাই মোৰ মনটো চুই যায় আৰু সেয়া হৈছে ৰাস্তাৰ দুয়োকাষে থকা গছ–গছনি৷ সেই গছ–গছনিসমূহ নোহোৱাকৈ গোৱালপাৰালৈ অহাৰ কথাটো মই কেতিয়াও চিন্তাই কৰিব নোৱাৰোঁ৷ অসমৰ লোকসকলৰ লগতে অসম চৰকাৰ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণলৈ এয়া মোৰ গোহাৰি, অনুৰোধ আৰু আশা৷ মোৰ বান্ধৱী তথা যশস্বী চিত্র নির্মাতা ৰীমা দাসে তেওঁৰ ফেচবুকত ছয়গাঁৱৰ আশে–পাশে থকা আৰু মির্জাৰ পৰা ছয়গাঁও পাৰ হৈ অকণমান আগবাঢ়ি গ’লে তাত থকা প্রায় ১০০ বছৰীয়া গছ–গছনিসমূহ পথ সম্প্রসাৰণৰ নামত কটাৰ পৰিকল্পনা কৰা হৈছে সেইটো বন্ধ কৰিবলৈ অসম চৰকাৰ আৰু ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ কর্তৃপক্ষলৈ গোহাৰি জনাইছে৷ ৰীমা দাসে বেছিখিনি কথা কৈছেই৷ যদি কোনোবাই জানিব বিচাৰে ৰীমা দাসৰ ফেচবুক পেজলৈ গ’লে তেওঁলোকে সেই কথাখিনি ভালদৰে বুজি পাব৷ মই দুটামান কথা ক’ব বিচাৰিছোঁ৷ গছৰ লগত আমাৰ সম্পর্ক, নদীৰ লগত বা পানীৰ লগত বা বাতাৱৰণৰ লগত যিটো আৱেগিক সম্পর্ক সেয়া আমি ৯০ শতাংশই পাহৰি যাওঁ৷ মই দেখা পাওঁ যে বিকাশৰ দৌৰাদৌৰিত আমাৰ গছসমূহ বা নদী বা জান–জুৰিৰ প্রতি থকা দায়িত্ব আমি পাহৰি যাওঁ৷ মই ৬০খন দেশ ভ্রমণ কৰিছোঁ৷ বিভিন্ন দেশলৈ গৈছোঁ৷ আফ্রিকালৈ বেছি যোৱা নাই যদিও ইউৰোপ আৰু আমেৰিকাৰ কেইবাখনো দেশলৈ মই গৈছোঁ৷ দক্ষিণ–পূব এছিয়াকে ধৰি যিসমূহ দেশলৈ মই গৈছো তাৰ বেছিভাগ দেশেই আমাতকৈ বহু উন্নত৷ প্রত্যেকটো ক্ষেত্রতেই তেওঁলোক উন্নত৷ তেওঁলোকৰ আলিবাট ভাল৷ আলিবাটবিলাক যদি এবাৰ বনাই দিয়ে এবছৰলৈ ভাঙি নাযায়৷ আমাৰ ইয়াত অজুহাত দিয়া হয় যে বৰষুণৰ বাবে আলিবাট ভাঙি যায়৷ কিন্তু বৰষুণ প্রত্যেক বছৰে হয়৷ ইউৰোপত অত্যন্ত বৰষুণ হয়৷ তাত কিন্তু আলিবাট এবছৰত নাভাঙে৷ ইয়াত ভাঙি যায়৷ আলিবাট বনোৱাৰ যিসমূহ অভিযান্ত্রিক কলা–কৌশল, সেইবিলাক আমি নাজানো৷ আমি নিম্ন মানৰ সামগ্রীৰে আলিবাট বনাওঁ৷ এনেকুৱা ধৰণৰ ঘটনা বহুত ঘটি থাকে৷ সেইবিলাকলৈ আমি নাযাওঁ৷ কিন্তু উন্নত প্রথম বিশ্বৰ দেশসমূহত বিকাশৰ ক্ষেত্রত তেওঁলোকে কিন্তু গছ–গছনি, নদী–জান–জুৰিৰ পৰা আৰম্ভ কৰি সকলোবোৰ বচাই ধুনীয়াকৈ ৰাখিছে৷ আপোনালোক যিসকলে মোৰ কথা শুনি আছে বা ভৱিষ্যতে শুনিব আপোনালোকেও বিদেশলৈ গৈছে৷ আপোনালোকেও তেওঁলোকৰ গছ–গছনিৰ প্রতি মৰম আৰু যত্ন দেখিছে৷ হলেণ্ডত মোৰ এজন বন্ধু আছে৷ তাত এখন ডাঙৰ উদ্যান আছে৷ তেওঁ এজন উদ্ভিদবিজ্ঞানী৷ যেতিয়াই তেওঁ সেই উদ্যানখনলৈ যায়, গছ–গছনিৰ প্রতি নজৰ ৰাখে৷ এদিন তেওঁ দেখিলে যে উদ্যানখনত দুডাল গছ নাই৷ নেদাৰলেণ্ডৰ বন বিভাগলৈ তেওঁ লিখিলে যে উদ্যানখনত যোৱাবাৰ এই দুডাল গছ আছিল, কিন্তু এই বছৰ কিয় নোহোৱা হ’ল? নেদাৰলেণ্ডৰ বন বিভাগে ভাৰতীয় নাগৰিকজনক উত্তৰ দিছে যে কি কি কাৰণত গছ দুডাল কাটিবলগীয়া হৈছে৷ ইয়াৰ বাবে আপোনালোকে বেয়া নাপাব৷ এনেধৰণৰ দায়বদ্ধতা বিদেশৰ উন্নত দেশসমূহত থাকে৷ তেওঁলোকৰ মানসিকতাৰ পৰা আৰম্ভ কৰি মানুহৰ প্রতি, বাতাৱৰণৰ প্রতি, নদীৰ প্রতি, জানৰ প্রতি দায়িত্ববোধ আছে৷ সেইকাৰণে তেওঁলোকক আমি উন্নত দেশ বুলি কওঁ৷ মই ভাবো যে আমাৰ গুৱাহাটীৰ পৰা গোৱালপাৰা হৈ পশ্চিমবংগলৈ ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰা হ’ব৷ এই ১০০ বছৰীয়া প্রায় দুহেজাৰমান গছ কেনেকৈ বচাই ৰাখি ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰিব পাৰো৷ যদি ইচ্ছা থাকে, তেতিয়াহ’লে নিশ্চয় উপায় ওলাব৷ হয়তো অলপ পইচাৰ খৰচ বেছি হ’ব বা সময় অকণমান বেছি ল’ব লাগিব৷ যেনেকৈ বাৰে বাৰে ৰাজহুৱা মঞ্চত মই কৈ থাকো যে কাজিৰঙাৰ যি অঞ্চলত প্রত্যেক বছৰ বানপানীৰ সময়ত গাড়ীৰ খুন্দাত হৰিণ, হাতী, গঁড় আদিৰ মৃত্যু হয়, সেই ৪০ কিঃমিঃ কিয় আমি এলেভেটেড কৰিব নোৱাৰোঁ৷ আমাৰ সেইখিনি পইচা নাই নেকি? নে আমি এই বিষয়টো গুৰুত্ব নিদিওঁ? নে তেওঁলোকৰ প্রতি আমাৰ কোনো দায়িত্বই নাই৷ মই অসম চৰকাৰ আৰু ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণক এই কথাটোৱে ক’ব বিচাৰিছোঁ যে এই ৰাস্তাটো এনেদৰে বনোৱা হওক যে আমাৰ তাত বিকাশ হয় আৰু যিবোৰ প্রাকৃতিক সম্পদ আছে, সেইবিলাকৰ কোনোধৰণৰ ক্ষতি নকৰাকৈ বা অকণমান কম ক্ষতি হোৱাকৈ আমি আগবাঢ়িব পাৰো৷ ৰীমা দাসৰ প্রতি অত্যন্ত কৃতজ্ঞ যে তেওঁ এই বিষয়টোক লৈ এটা সজাগতা সৃষ্টি কৰিছে৷ মই আশা কৰিছোঁ যে আপোনালোকেও প্রকৃতি, গছ, নদীৰ লগত যি সম্পর্ক আছে সেই বিষয়ে ফেচবুক, টুইটাৰ অথবা ইনষ্টাগ্রামত যদি কথা পাতে, হয়তো চৰকাৰে বুজি পাব৷ তেওঁলোক যথেষ্ট বুদ্ধিমান মানুহ৷ প্রকৃতিও যাতে ভালে থাকে আৰু আমাৰ অহা–যোৱাও সুবিধা হয়, তেনেধৰণৰ একচন প্লেন কৰিব বুলি মই আশাবাদী৷
(প্রখ্যাত অভিনেতাগৰাকীয়ে ফেচবুকত ভিডি’যোগে ৰাজ্য চৰকাৰ–ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণলৈ জনোৱা আহ্বানৰ সম্পাদিত ৰূপ)