মৃণালিনী দেৱী
শ্রীশ্রীব্রহ্মবৈৱর্ত্ত পুৰাণৰ প্রকৃতি খণ্ডত আমি পাই আহিছোঁ পঞ্চ প্রকৃতিৰ কথা৷ প্রকৃতিৰ আভিধানিক অর্থ হ’ল– স্বভাৱ, চৰিত্র, আচাৰ–আচৰণ, স্বাভাৱিক গুণাগুণ অথবা ধর্ম৷ কিন্তু এই শাস্ত্রসমূহৰ মতে প্রকৃতি মানে ইয়াৰ অর্থ হ’ল অথবা বুজোৱা হৈছে আদ্যাশক্তি, সৃষ্টিৰ মূলাধাৰ সর্বশ্রেষ্ঠা মহাদেৱী, সর্বশ্রেষ্ঠা নাৰী আৰু সমূহ নাৰী জাতি৷ এই কথা সুন্দৰভাৱে বর্ণনা কৰা হৈছে শাস্ত্রসমূহত৷
বিশেষকৈ পুৰাণসমূহত কোৱা হৈছে প্রধান পঞ্চ প্রকৃতিৰ কথা৷ অর্থাৎ এই প্রধান পঞ্চ প্রকৃতিনো কোন? পুৰাণৰ মতে, প্রধান পঞ্চ প্রকৃতি হৈছে দুর্গা, লক্ষ্মী, ৰাধা, সৰস্বতী আৰু সাৱিত্রী দেৱী৷ এই পঞ্চ প্রকৃতিৰ কথা মহামুনি নাৰদে নাৰায়ণক সোধাৰ পিছত নাৰায়ণে নাৰদক উত্তৰ দিছিল যে ‘‘প্রকৃতিৰ লক্ষণ কোনোৱে বর্ণনা কৰিব নোৱাৰে৷ তথাপি তুমি সুধিছা যেতিয়া মই দেৱাদিদেৱ মহাদেৱে যি ধৰণে মোক কৈছিল, ঠিক সেই ধৰণেহে তোমাক ক’ম৷ অর্থাৎ প্রকৃতিৰ ‘প্র’ শব্দে ‘প্রকৃষ্ট’ (শ্রেষ্ঠ, উৎকৃষ্ট আৰু প্রশস্ত), ‘কৃতি’ অর্থে সৃষ্টি বুলি বেদত পোৱা যায়৷ সত্ত্ব, ৰজঃ তমঃ এই তিনিটা গুণবিশিষ্টা যিগৰাকী দেৱীয়ে পৰম ব্রহ্মৰ (পৰমেশ্বৰ, মহাবিষ্ণু, সৃষ্টিকর্তা) স্বৰূপা মহামায়া তেৱেঁই প্রধানা প্রকৃতি৷ পৰমপিতা পৰমেশ্বৰে বিশ্ব ব্রহ্মাণ্ডখন সৃষ্টিৰ ইচ্ছা কৰি নিজ দেহৰ বাঁও ফালটি নাৰী ৰূপে আৰু সোঁ ফালটি পুৰুষৰূপে বিভক্ত কৰিছিল৷ গতিকে বাঁওফালটিৰ নাৰী ৰূপটিয়েই প্রধানা প্রকৃতি বুলি জনা যায়৷ অর্থাৎ সেই প্রধানা প্রকৃতিয়েই হ’ল ব্রহ্মস্বৰূপা দেৱী জগত জননী৷ সেইগৰাকী প্রধানা প্রকৃতিয়েই সকলো জীৱৰ আত্মাৰ শক্তি৷ অর্থাৎ জীৱনৰ লগত আত্মা (প্রাণ) থাকিলেহে তাক জীৱন্ত বুলি ধৰা হয়৷ কাৰণ আত্মাৰ লগত শক্তি নাথাকিলে জীৱই কর্মক্ষমতা পাব নোৱাৰে৷’’
সেয়ে জীৱৰ লগত আত্মা, আত্মাৰ লগত শক্তি আৰু অগ্ণিৰ লগত দাহিকা (দাহকৰ স্ত্রী লিংগ) শক্তি থকাৰ দৰে পুৰুষৰ লগত প্রকৃতি (নাৰী) অবিহনে সৃষ্টি অসম্ভৱ৷ সেই বাবেই যোগীসকলে নৰ–নাৰীক সমান মর্যাদা প্রদান কৰি আহিছে৷
নাৰায়ণে পুনৰ নাৰদক কৈছিল যে ‘ভগৱান কৃষ্ণৰ (পৰমপিতা, পৰমেশ্বৰ, ব্রহ্ম) মনৰ ভাব বুজি প্রধানা প্রকৃতি দেৱী (মহামায়া, আদ্যাশক্তি, ব্রহ্মস্বৰূপা)য়ে নিজ ইচ্ছাৰে পাঁচ ভাগত বিভক্ত হৈছিল৷ প্রথম ভাগ হৈছে ব্রহ্মস্বৰূপা শ্রীদুর্গা আই দুর্গতিনাশিনী দেৱী মহামায়া৷ তেওঁ হৈছে দেৱাদিদেৱ মহাদেৱৰ পত্নী, গণেশ আৰু কার্তিকৰ জননী৷ তেৱেঁই হৈছে ব্রহ্মস্বৰূপা, বিষ্ণুমায়া, আদ্যাশক্তি, সনাতনী, অসুৰ বিনাশিনী, জ্যোতির্ময়ী, শক্তিৰূপা, সিদ্ধেশ্বৰী, দশভুজা আদি সহস্র নামেৰে সমগ্র বিশ্বত বিদ্যমান হৈ আছে৷
তেৱেঁই ধর্ম সত্য, পুণ্য, কীর্তি, যশ–মংগল–সুখ–শা প্রদান কৰি জীৱৰ দুর্গতি, অপ্রীতি, অসূয়া, দুর্নীতি, দুষৃকতি, অভাৱ–ভিযোগ সকলো নাশ কৰি জীৱক পৰিত্রাণ কৰি আছে৷ সেইগৰাকী দেৱী দুর্গতিনাশিনী দুর্গাই আকৌ সকলো দেৱ–দেৱী, অসুৰ–দানৱ, যক্ষ–ৰক্ষ, গন্ধর্ব–কিন্নৰ আৰু নৰ–নাৰী তথা নৰ–মনিচক ৰক্ষণাবেক্ষণ কৰি সমস্ত ব্রহ্মাণ্ডখনৰ সৃষ্টি ৰক্ষা কৰি আছে৷ সেইগৰাকী প্রধানা প্রকৃতি দেৱীয়েই বুদ্ধি–নিদ্রা–সুধা–তৃষ্ (ধৈর্য–ধাৰণ ক্ষমতা), তুষ্টি (সন্তোষ দিয়া), পুষ্টি (পুষ্ট হোৱা) অর্থাৎ (দেহৰ প্রয়োজনীয় সকলো খাদ্যৰ যোগান ধৰা) বৃত্তি লক্ষ্মী, দয়া, শ্রীকৃষ্ণৰ (পৰমপিতাৰ) শক্তিৰূপা, জননী অভয়া৷ গতিকে এইগৰাকী প্রধানা প্রকৃতি দেৱী দুর্গতিনাশিনী দুর্গাৰ ভক্তগণেহে ওপৰত উল্লেখ কৰা গুণসমূহ লাভ কৰিব পাৰে৷
প্রধানা পঞ্চ প্রকৃতিৰ প্রথমগৰাকী প্রধান দেৱী দুর্গা–দুর্গতিনাশিনী– বিশেষভাৱে তেওঁৰ প্রধান গুণসমূহৰ বিশ্লেষণ এই ৰূপে বর্ণনা কৰাৰ পিছত আমি এতিয়া তেওঁৰ দ্বিতীয়া প্রধান ৰূপৰ বিষয় অর্থাৎ ঐশ্বর্যৰূপিনী মা লক্ষ্মী দেৱীৰ কেনেদৰে আবির্ভাৱ তথা জন্ম বা উদ্ভৱ হ’ল, সেই কথাখিনিকে আজি এই মাতা লক্ষ্মী দেৱীৰ পূজাৰ শুভ লগনত আপোনাসবৰ আগত দাঙি ধৰিব খুজিছোঁ৷ ভুল হ’লে নিশ্চয় শুধৰণিৰ আশা ৰাখিলোঁ৷
প্রধানা দ্বিতীয়া প্রকৃতি মাতা লক্ষ্মী দেৱীৰ আজিৰ এই শুভ লগনত মহাসমাৰোহে জগতবাসী পূজা–র্চনত মগ্ণ হোৱাৰ মুহূর্ততে আমি সকলো ধর্মপ্রাণ ব্যক্তিলৈ আন্তৰিক শুভকামনা জনালোঁ৷ আমাৰ ধাৰণা যে প্রথম প্রধানা প্রকৃতি মাতা দুর্গতিনাশিনী মহামায়াৰ কথা জনাৰ পিছত সকলোৰে মন নিশ্চয় দ্বিতীয় প্রধান প্রকৃতি মাতা লক্ষ্মী দেৱীৰ কেনেকৈ উদ্ভৱ হ’ল সেই কথা জনাৰ বাবে৷
প্রথমা প্রকৃতি অর্থাৎ প্রধানা দেৱী শক্তিৰূপা মহামায়াৰ বিষয়ে চমুকৈ নাৰায়ণে নাৰদৰ আগত কোৱাৰ পিছত দ্বিতীয়া প্রকৃতি আই লক্ষ্মী দেৱীৰ উদ্ভৱৰ কথাও তলত লিখা ধৰণে ব্যক্ত কৰিছিল৷ এই দ্বিতীয়া প্রকৃতি লক্ষ্মী দেৱী হৈছে ওপৰত উল্লেখিত প্রধান পঞ্চ প্রকৃতিৰ দ্বিতীয় ৰূপ৷ এওঁ শ্রীবিষ্ণুৰ প্রিয়তমা ভার্যা/সর্বসুন্দৰী, শান্তা, সুশীলা, শুদ্ধ–সত্ত্ব–স্বৰূপি (পৱিত্র, নম্র স্বভাৱযুক্তা অথবা নির্মল, নম্র আৰু শান্ত গুণসম্পন্না) দ্বিতীয়া প্রকৃতি ঐশ্বর্য আৰু সর্ব শুভ ফলৰ অধিষ্ঠাত্রী দেৱীৰূপে পৰিচিতা৷ এওঁৰ মনত কাম–ক্রোধ–লোভ–মোহ, বাসনা আৰু অহংকাৰ ভাব সমূলি নাই৷ এওঁ সদায় বিষ্ণুৰ সেৱাতেই ৰত বা মগ্ণ থাকে৷ মানৱ সমাজে সেয়ে এওঁক পতিপ্রিয়া পতিব্রতা, ভকতবৎসলা, শ্রীহৰিৰ প্রিয়ংবদা, প্রেমপাত্রী, অর্থাৎ বিষ্ণুৰ মধুৰ ভাষিণী পত্নী বুলি জ্ঞান কৰে৷ এওঁ সদায় বিষ্ণুৰ লগতেই বৈকুণ্ঠধামত বাস কৰে৷ সেয়ে স্বর্গতো এওঁক স্বর্গ লক্ষ্মী, ৰাজভৱনত ৰাজলক্ষ্মী, গৃহবাসীৰ গৃহত গৃহলক্ষ্মী আৰু ব্যৱসায়ীৰ ব্যৱসায়ত বাণিজ্য লক্ষ্মীৰূপে বাস কৰে৷ অর্থাৎ এই মাতা লক্ষ্মী দেৱীৰ কৃপাতেই ঐশ্বর্য–বিভূতি লাভ কৰিব পাৰি৷ কাৰণ, এওঁ যে কৰুণাময়ী মাতৃস্বৰূপিনী৷ ভক্তৰ দুখ–বেদনা এইগৰাকী দেৱীয়ে সহ্য কৰিব নোৱাৰে৷ সেয়ে এওঁ ভক্তক দান কৰে, কিন্তু ভক্তৰ গর্ব–হংকাৰ অথবা এওঁ দিয়া ধন বা ঐশ্বর্যৰ প্রতি অৱহেলা কৰিলে ভক্তৰ পৰা আঁতৰি যায়৷ অর্থাৎ গৃহস্থ লক্ষ্মীচাৰা হয়৷ এই লক্ষ্মী দেৱী মহালক্ষ্মী নামেৰেও ত্রিভুৱন বিখ্যাত৷ এওঁ সদায় সৎকর্ম, সৎধর্ম, সদাচাৰ তথা সৎপ্রাণী অথবা সৎ স্থান–সদাশয় লোকৰ মাজতহে বিচৰণ কৰে৷ সৎ উদ্দেশ্যেৰে মাতা লক্ষ্মী দেৱীক আহ্বান কৰিলেহে মানুহে তেওঁৰ কৃপা লাভ কৰিব পাৰে৷
এতিয়া আহোঁ আমি এই প্রধানা পঞ্চ প্রকৃতিৰ দ্বিতীয়া প্রধানা প্রকৃতি আমাৰ আলোচ্য বিষয় মাতা লক্ষ্মী দেৱীৰ অভ্যুদ্বয় কিদৰে হৈছিল সেই বিষয়টোৰ মাজলৈ৷ দেৱী ভাগৱত পুৰাণত আমি পাওঁ যে প্রভু পৰমেশ্বৰ কৃষ্ণই নিজ দেহৰ বাঁও অংশটোৰ পৰা তৃতীয়া প্রধানা প্রকৃতি শ্রীৰাধাক জন্ম দিছিল৷ অর্থাৎ সেই প্রধানা প্রকৃতি আকৌ দুই ভাগত বিভক্ত হৈছিল৷ বাঁও ভাগৰ পৰা জন্মলাভ হৈছে লক্ষ্মী দেৱীৰ আৰু সোঁ অংশৰ পৰা জন্মলাভ হৈছে ৰাধা দেৱীৰ৷ অর্থাৎ কৃষ্ণৰ বাঁও অংশৰ পুনৰ দুভাগৰ এভাগ ৰাধা আৰু এভাগ লক্ষ্মী৷
গতিকে এই লক্ষ্মী দেৱী তপ্ত সোণ বৰণীয়া, অনন্ত যৌৱনা, কঁকাল সৰু, উন্নত স্তনযুগল, নিতম্ব বহল, ষোড়শী যুৱতীৰ নিচিনা৷ দেহৰ উজ্জ্বলতা পূর্ণিমাৰ জোনটিৰ দৰে৷ চকুযুৰিও পদুমৰ দৰে৷ শান্ত স্বভাৱযুক্তা আৰু সর্বগুণান্বিতা অথবা সর্বগুণসম্পন্না দেৱী৷ ৰাধা আৰু লক্ষ্মী দুয়োগৰাকীয়ে কৃষ্ণক সমভাৱে স্বামীৰূপে পাবলৈ ব্যাকুল হৈ পৰিছিল৷ গতিকে দুয়োগৰাকী দেৱীৰেই মনোভাব বুজিব পাৰি কৃষ্ণই পুনৰ নিজে দুভাগত বিভক্ত হ’বলগীয়া হৈছিল৷ তাৰ ফলস্বৰূপে তেওঁৰ বাঁও ভাগৰ পৰা চতুর্ভুজৰ বিষ্ণুৰ জন্ম হৈছিল আৰু সোঁ ভাগৰ দুই ভুজৰ কৃষ্ণৰূপে পৰিচিত হৈছিল৷ চতুর্ভুজ বিষ্ণুৱে লক্ষ্মীক দান লৈ দুই ভুজ কৃষ্ণই ৰাধাক গ্রহণ কৰিছিল৷
চতুর্ভুজ নাৰায়ণে অর্থাৎ বিষ্ণুই লক্ষ্মীক লগত লৈ বৈকুণ্ঠ ধামত বাস কৰিছিল আৰু কৃষ্ণই ৰাধাক লগত লৈ গোলোকধামত বাস কৰিছিল৷ লক্ষ্মী দেৱীয়ে যোগবলেৰে নিজৰ ইচ্ছাৰে নানা ৰূপ ধাৰণ কৰিছিল৷ মহালক্ষ্মীৰূপে নাৰায়ণৰ লগত বৈকুণ্ঠত বাস কৰিও তেওঁ স্বর্গলক্ষ্মীৰূপে স্বর্গতো বাস কৰিছিল৷ তদুপৰি ৰাজলক্ষ্মীৰূপে ৰাজগৃহত বাস কৰিও সম্পদ ৰূপেও গৃহস্থৰ গৃহলক্ষ্মীৰূপে আৰু গাইগৰুৰ মাজত সুৰভি ৰূপে বাস কৰিছিল৷ আনহাতে, সিন্ধু কন্যা ৰূপে ক্ষীৰোদ সাগৰত বাস কৰাৰ উপৰি শোভা ৰূপেৰে পদ্মিনী নাৰীৰ লগত বাস কৰিছিল৷
ইয়াৰ বাহিৰেও ৰাজ ৰাণীৰ ৰত্ন–লংকাৰ, নৰ–মনিচ গৃহস্থৰ ঘৰত শস্য আৰু বস্ত্র ৰূপে, ধুনীয়া নাৰীৰ সৌন্দর্য ৰূপে, সতী নাৰীৰ সতীত্ব গুণৰূপে, দেৱ প্রতিমাত মালা ৰূপে, চন্দন ৰূপে, মংগলঘাট ৰূপে, মুক্তাৰ মালা ৰূপে, নতুন মেঘ, সুন্দৰ গছৰ ডাল, ফলৰ বৃক্ষ, পৱিত্র স্থান আদিতো তেওঁৰ বাসস্থান কৰি লৈছিল৷
পুৰাণ আদিতো পোৱা যায় দেৱী লক্ষ্মীক সর্বপ্রথমে নাৰায়ণে বৈকুণ্ঠ ধামত পূজা কৰিছিল৷ তাৰ পিছত মহাদেৱ শিৱই লক্ষ্মীদেৱীক পূজা কৰিছিল৷ তদুপৰি ব্রহ্মাদেৱেও দেৱীক পূজা কৰাৰ পিছত ক্ষীৰোদ সাগৰৰ পাৰত বিষ্ণুয়ো শেষত পূজা কৰিছিল৷ স্বয়ম্ভূ মনুই ভাৰতবর্ষত দেৱীক পূজা–র্চনা কৰিছিল৷ তাৰ পিছত ঋষি–মুনি–সাধু–গৃহবা এই মাতা লক্ষ্মীদেৱীক পূজা–র্চনা কৰি দেৱীক আহ্বান কৰিছিল৷
ভাদ্র মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত ব্রহ্মাদেৱে ভক্তিভাৱে লক্ষ্মী দেৱীক অতি আড়ম্বৰভাৱে পূজা কৰিছিল৷ যি লক্ষ্মী পূজা সেই সময়ৰে পৰা আজিপর্যন্ত এই ত্রিলোকত প্রচলন হৈ আছে৷ যি পূজা আজিও গৃহবাসীসকলে ঘৰে ঘৰে পালন কৰি আহিছে৷ তদুপৰি বছৰটোৰ চ’ত মাহ, পুহ মাহ আৰু ভাদ মাহৰ শুভ দিনত বিষ্ণুৱে ভক্তিভাৱে এই লক্ষ্মীপূজা যিদৰে কৰিছিল সেই ধৰণেই আজিকোপতি নৰ–মনিচৰ দেশতো মানুহে অতি ভক্তিভাৱে এইগৰাকী প্রধানা দ্বিতীয়া প্রকৃতি হিচাপে লক্ষ্মী দেৱীক পূজা কৰি তেওঁৰ পৰা কৃপা ভিক্ষা মাগি আছে৷
পুহ মাহৰ সংক্রান্তিৰ দিনা মনুৱে এই লক্ষ্মী দেৱীক পূজা কৰিছিল৷ সেই নিয়মো আজি আমাৰ নৰলোকত মানুহে পালন কৰি আছে৷ ধ্রুৱ–ইন্দ্র–মঙ্গল– আদিয়ে ভিন ভিন দিন বা সময়ত এই লক্ষ্মী দেৱীৰ পূজা কৰিছিল৷ সেই কালৰ পৰাই মানুহে লক্ষ্মী দেৱীক সদায় ভক্তিভাৱে নিজ নিজ গৃহত মাংগলিক সেৱা ধর্মৰ মাজেৰে পূজা কৰি আহিছে৷ এই মাতা লক্ষ্মী দেৱীয়েই হৈছে ঐশ্বর্যৰ অধিকাৰাণীি–সর্বজন দেৱী৷
এইদৰে নাৰায়ণে তেওঁৰ প্রিয় ভক্ত নাৰদক সৃষ্টিৰ সকলো কথা অথবা পঞ্চ প্রকৃতিৰ দ্বিতীয়া প্রধানা লক্ষ্মী দেৱীৰ জন্মকথা তথা তেওঁৰ গুণ–গৰিমাৰ কথা ব্যক্ত কৰিছে৷ প্রকৃতিৰ জন্মৰ কথাবোৰ ভালদৰে নাৰায়ণে নাৰদক বুজাই দিয়াৰ পিছত লক্ষ্মী দেৱীৰ জন্মৰ কথাও ভালদৰে বিৱৰি কৈছিল৷ তেতিয়া নাৰদেও এটা সময়ত দুর্বাসা মুনিয়ে ইন্দ্র দেৱতাক কিয় অভিশাপ দিছিল, সেই কথাও জনাৰ বাবে নাৰায়ণক আগ্রহ দেখুৱাইছিল৷ সেই কথাখিনি নাৰায়ণৰ মুখেৰে শুনিবলৈ ইচ্ছা কৰি নাৰদে নাৰায়ণক পুনৰ প্রশ্ণ কৰিছিল মহালক্ষ্মীয়ে কি কাৰণে সিন্ধু কন্যাৰ (সাগৰৰ জীয়ৰী) হৈছিল আৰু মুনি দুর্বাসাই কি কাৰণত অভিশাপ দিবলগীয়া হৈছিল দেৱৰাজ ইন্দ্রক৷
তেতিয়া পুনৰাই নাৰায়ণে নাৰদক প্রশ্ণৰ উত্তৰ দিবলৈ গৈ কৈছিল যে তেওঁৰ প্রিয়তমা ভার্যা মহালক্ষ্মীৰ এটি অংশ স্বর্গলক্ষ্মী ৰূপে ইন্দ্রপুৰীত বাস কৰি আছিল৷ নিজে কৰা ভুল অথবা নিজৰ দোষতে দেৱৰাজ ইন্দ্রই দুর্বাসাৰ পৰা অভিশাপ গ্রহণ কৰিবলগীয়া হৈছিল৷ সেই বাবেই স্বর্গলক্ষ্মীয়ে খঙতে স্বর্গধাম ত্যাগ কৰিবলগীয়া হৈছিল৷ পিছত সেই স্বর্গপুৰী ত্যাগ কৰি বৈকুণ্ঠ ধামলৈ গমন কৰিছিল৷ তাৰ পিছত লক্ষ্মীহীন দেৱৰাজ্যত দুখতে দেৱতাসকলে কান্দি কান্দি ব্রহ্মাৰ ওচৰ পাইছিলগৈ৷ তেতিয়া ব্রহ্মাদেৱে দেৱতাসকলক লগত লৈ নাৰায়ণৰ ওচৰ পাইছিল৷ তাত গৈ ব্রহ্মা সহিতে দেৱতাসকলে নাৰায়ণক কাকূতি কৰি কৈছিল যে লক্ষ্মীদেৱীক পুনৰ স্বর্গধামলৈ তেওঁ পঠিয়াই দিব লাগে৷ তেতিয়া নাৰায়ণে ইন্দ্র আৰু দেৱতাসকলক কৈছিল যে ‘হে দেৱেন্দ্র তোমাৰ বাবেই দেৱ সমাজে কমলা অর্থাৎ লক্ষ্মীদেৱীক হেৰুৱালে৷ এতিয়া তেওঁ স্বর্গধামলৈ ঘূৰি যাব নোৱাৰে৷ লক্ষ্মীদেৱী এতিয়া ক্ষীৰোদ সাগৰৰ কন্যা ৰূপে জন্মলাভ কৰিব৷ এই বুলি নাৰায়ণে কমলা অর্থাৎ লক্ষ্মীদেৱীক ক্ষীৰোদ সাগৰৰ কন্যা ৰূপে ক্ষীৰোদ সাগৰত বাস কৰাৰ কথা অৱগত কৰিলে৷ লক্ষ্মী দেৱীক ক্ষীৰোদ সাগৰৰ কন্যা ৰূপে অভিহিত কৰি নাৰায়ণে ক্ষীৰোদ সাগৰলৈ পঠিয়াই দিলে৷ লগতে দেৱেন্দ্র আৰু দেৱতাসকলক কৈ পঠিয়ালে যে অসুৰক লগত লৈ সেই ক্ষীৰোদ সাগৰ মণ্ঠন কৰিলেহে তাৰ ফলস্বৰূপে লক্ষ্মীদেৱীক পুনৰ দেৱতাসকলে বা দেৱৰাজ ইন্দ্রই লাভ কৰিব পাৰিব৷
পিছত নাৰায়ণৰ উপদেশত যথাসময়ত দেৱতা আৰু অসুৰে সাগৰ মণ্ঠন কৰিছিল৷ তাৰ ফলশ্রুতিত দেৱৰাজ ইন্দ্র আৰু দেৱ সমাজে পুনৰ কমলাক অর্থাৎ লক্ষ্মী দেৱীক লাভ কৰি পুনৰ তেওঁক স্বর্গলক্ষ্মী হিচাপে অভিহিত কৰে৷ লক্ষ্মীদেৱীয়েও পুনৰ দেৱৰাজ আৰু দেৱ সমাজক আশীর্বাদ দি স্বর্গবাসতে বসবাস কৰি থাকিল৷ সেই সূত্রে স্বয়ং নাৰায়ণেও তেওঁৰ যোগবলে প্রিয়তমা ভার্যাক লগত লৈ বৈকুণ্ঠত থাকিল৷ আনহাতে সেইগৰাকী লক্ষ্মী দেৱীকে স্বয়ং নাৰায়ণেও পূজা–র্চনা কৰিছিল বৈকুণ্ঠধামত৷ এইদৰে মহালক্ষ্মীৰ যোগবলৰ অংশৰ পৰা সিন্ধু কন্যা ৰূপে জন্মলাভ কৰা লক্ষ্মী দেৱী দেৱতাৰ মাতৃৰূপে স্বর্গলক্ষ্মী হৈ স্বর্গত থাকিল৷ আনফালে সাগৰ মণ্ঠনত উদ্ভৱ হোৱা কালকূট বিষ পান কৰি শিৱ–মহাদেৱে নীলকণ্ঠ হৈছিল৷ এনেদৰে সাগৰ মণ্ঠনত বাহিৰ হোৱা অমূল্য সম্পদবোৰো দেৱতাসকলে ভাগ কৰি লৈছিল৷
অতএৱ শেষত আমি ক’ব খোজো যে মানৱ সমাজে ভাবি থকাৰ দৰে অথবা শ্রীশ্রী মাতা লক্ষ্মী দেৱী সমুদ্র নন্দিনী অথবা ক্ষীৰ সাগৰতে জন্ম হোৱা বুলি বিশ্বাস কৰিব খুজিলেও আচলতে সেইটো নহয় বুলি আমি ভবাৰ থলো আছে৷ কিয়নো বিষ্ণুৰ পৰাহে লক্ষ্মী দেৱীৰ জন্ম হোৱা বুলি আমি প্রথমতে পাইছোঁ৷ লক্ষ্মী দেৱী ক্ষীৰ সাগৰ সমুদ্ভা বুলিহে শাস্ত্রত কৈছে৷ অর্থাৎ সিন্ধু কন্যা অথবা ক্ষীৰ সাগৰৰ পালিতা কন্যা হিচাপেহে ধৰি ল’ব পাৰি এইগৰাকী লক্ষ্মী দেৱীক৷ কাৰণ পৰা প্রকৃতি অথবা প্রধানা প্রকৃতি আই আদ্যাশক্তি–মহামায়াই নিজ ইচ্ছাৰে পাঁচ ভাগত বিভক্ত হৈছিল৷ তাৰ ভিতৰত দ্বিতীয়া প্রধান প্রকৃতিয়েই হ’ল লক্ষ্মী দেৱী৷
আনহাতে দেৱী ভাগৱত পুৰাণত আমি পাওঁ যে প্রভু পৰমেশ্বৰ কৃষ্ণৰ নিজ দেহৰ দুভাগৰ এভাগ ৰাধা আৰু এভাগ লক্ষ্মী বুলি কৈছে৷ অর্থাৎ পৰমব্রহ্ম ভগৱান বিষ্ণুৱে ভিন ভিন সময়ত ভিন ভিন কাৰণত নিজ যোগবলৰ প্রভাৱত প্রকৃতিৰ জন্ম দিছিল৷ গতিকে এইদৰে এই প্রভু বিষ্ণুৰে বিষ্ণুমায়া স্বৰূপে আমাৰ এই আলোচ্য বিষয় লক্ষ্মী দেৱীৰ জন্মকাহিনী সমাপ্ত কৰিলোঁ৷ সদাশয় আমাৰ মানৱ সমাজে নিজগুণে অথবা নিজৰ আত্মা উপলব্ধি জ্ঞানৰ পৰিধিৰে যেনেদৰে ভাবে, সেয়ে আমি শুদ্ধ ৰূপে ল’ব পাৰিম বুলি আশা কৰিলোঁ৷
অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমৰ সভাপতি আৰু অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি
৭০৮৬০–১১১৯৮