নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : খিলঞ্জীয়াৰ স্বার্থ ৰক্ষা

ড০ নির্মল কুমাৰ চৌধুৰী

অসমৰ খিলঞ্জীয়া লোকৰ স্বার্থ ৰক্ষাৰ চিন্তা বহু পুৰণি, আমাৰ দেশ পৰাধীন হৈ থকা কালৰে৷ বৃটিছ শাসন কালত তেতিয়াৰ পূর্ববংগৰ পৰা জাকে জাকে অহা মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে থলুৱা লোকৰ মনত নিজৰ ভৱিষ্যৎ বিপন্ন হোৱাৰ আশংকা জন্মিছিল৷ সেই মুছলমান মানুহখিনি আহিছিল নিজ স্থানত হোৱা নিপীড়নৰ পৰা ৰক্ষা পাই অসমৰ পতিত মাটিত কষ্টকৰ খেতি কৰি সহনশীলভাৱে জীৱন নির্বাহ কৰাৰ আশাত৷ এচাম চতুৰ ৰাজনৈতিক নেতাই ক্ষমতাৰ লোভত অধিক খাদ্যশস্য উৎপাদনৰ দোহাই দি এই প্রব্রজনত উৎসাহ দিছিল বুলি আৰু তেওঁলোকে ‘‘ওপৰে আল্লা, নিচে ছাদুল্লা’’ স্মৰণ কৰি আহিছিল বুলি জনা যায়৷ অধিক খাদ্যশস্য উৎপাদনৰ অভিযানটো অধিক মুছলমান অনা অভিযানত পৰিণত হোৱা বুলি লোকপিয়লৰ দায়িত্বত থকা মুলান চাহাবে লিখি যোৱা কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷

বাহিৰৰ পৰা অহা লোকৰ সমান পৰিশ্রম নকৰা অসমৰ খিলঞ্জীয়া লোকৰ মনত তেতিয়াৰ পৰাই নিজৰ জন্মস্থানতে সংখ্যালঘু হোৱাৰ ভয় জন্মিছিল আৰু মুলান চাহাবে পুৰণি শিৱসাগৰ জিলাতহে মাত্র অসমীয়া মানুহ তিষ্ঠি থাকিব বুলি কৰা সাৱধানবাণীয়ে তেওঁলোকক দুশ্চিন্তাত পেলাইছিল৷ অসমীয়া মানুহৰ মাজৰ চিন্তাবিদসকলেও আসন্ন বিপদৰ বিষয়ে সতর্কবাণী প্রচাৰ কৰিছিল আৰু অম্বিকাগিৰীৰ দৰে নেতাই স্বার্থ ৰক্ষাৰ উদ্দেশ্যে খিলঞ্জীয়া লোকক সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল৷ এই প্রব্রজনৰ ফলত হোৱা জনগাঁথনিৰ পৰিৱর্তনে অসম প্রদেশ পাকিস্তানৰ ভিতৰত পৰাৰ যি বিপদ আনিছিল তাৰ পৰা উদ্ধাৰ কৰি গোপীনাথ বৰদলৈ ‘লোকপ্রিয়’ সন্মানেৰে বিভূষিত হ’ল৷

ব্ৰিটিছ শাসনকালত ভাৰতবর্ষৰ আন অংশৰ পৰা অসমলৈ অহা সকলো লোক একেখন দেশৰ নাগৰিক হিচাপে আহিছিল কাৰণে তেওঁলোকৰো ইয়াত বসতি কৰাৰ অধিকাৰ আছিল৷ স্বাধীনতাৰ পিছত পূব পাকিস্তান (বর্তমান বাংলাদেশ)ৰ পৰা অহা হিন্দু শৰণার্থী আৰু অবৈধ মুছলমান অনুপ্রৱেশকাৰী, দুয়োবিধ মিলি হোৱা বৃহৎ প্রব্রজনে অসমৰ জনগাঁথনি অভাৱনীয় ৰূপে সলনি কৰিলে৷

হিন্দু শৰণার্থীৰ আগমন শেষ হোৱাৰ পিছতো মুছলমান অনুপ্রৱেশকাৰীৰ অবৈধ প্রৱেশ ঘটিয়ে থাকিল আৰু কালক্রমত বৃহৎসংখ্যক বিদেশীয়ে অসমত ভোটদানৰ অধিকাৰ লাভ কৰিলে৷ ক্ষমতালোভী ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাই এই কামত সহায় কৰিলে আৰু পুৰণি প্রব্রজনকাৰীৰ লগতে এই নতুন ভোটদাতাখিনি ‘ভোট বেংক’ৰ অংশ হৈ পৰিল৷

স্বাধীনতা লাভৰ তিনি দশকৰ ভিতৰতে অসমত বিদেশী সমস্যাটো ইমানেই ভয়াৱহ হৈ পৰিছিল যে বিদেশী বহিষ্কাৰৰ বাবে এক অভূতপূর্ব আন্দোলন গঢ়ি উঠিল৷ সেই অসম আন্দোলন আছিল ব্যাপক আৰু অসমৰ গৰিষ্ঠসংখ্যক লোকৰ দ্বাৰা সমর্থিত৷ কিন্তু তাৰ কেইবছৰমান আগতে বাংলাদেশৰ জন্ম হোৱাৰ লগে লগে অবৈধ অনুপ্রৱেশকাৰী অহা পূব পাকিস্তান নামৰ কোনো ভূখণ্ড নোহোৱা হ’ল৷

অসম আন্দোলনত নেতৃত্ব দিয়া সদৌ অসম ছাত্র সন্থাৰ সমর্থনত জাক পাতি ওলাই আহি অসমৰ মানুহে সকলোপ্রকাৰে সহায় কৰিলে৷ বহুতে চৰকাৰী প্রতিৰোধৰ সমুখীন হৈ দুর্ভোগ ভুগিলে, কেইজনমানে প্রাণ হেৰুৱালে, আৰু কেন্দ্রীয় চৰকাৰৰ লগত বুজাবুজিৰAssam Accordত চহী কৰি আন্দোলনৰ গুৰি ধৰা অসম গণ সংগ্রাম পৰিষদৰ নেতৃবর্গই অসম গণ পৰিষদ গঠন কৰি ৰাজ্যৰ শাসন ক্ষমতা লাভ কৰিলে৷ Assam Accordত থকা সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম আছিল– ‘‘6. Constitutional, legislative and administrative safeguards, as may be appropriate shall be provided to protect, preserve and promote the cultural, social, linguistic, identity and the heritage of the Assamese people.’’

এইAccordত উল্লেখ থকা প্রতিবেদনখনত সদৌ অসম ছাত্র সন্থাই সমগ্র উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ বাবে সাংবিধানিক ৰক্ষাকৱচ বিচাৰিছিল যদিও তাত অসমীয়া মানুহৰ বাবে বুলি লিখা হ’ল, অসমৰ খিলঞ্জীয়া মানুহৰ বাবে নহয়৷ পিছত ‘অসমীয়া মানুহ’ৰ সংজ্ঞাক লৈ বিতর্কও হৈছিল৷ আনহাতে, Assam Accord কোনো চুত্তি নহয়, accord শব্দৰ অর্থ সন্মতি৷ যিয়েই নহওক, এই সন্মতি পত্রৰ আধাৰত আন বিষয়ৰ লগতে অসমৰ খিলঞ্জীয়া লোকৰ বাবে সাংবিধানিক ৰক্ষাকৱচ সম্পর্কে যুগ যুগ ধৰি হোৱা লানি নিছিগা আলোচনাৰ পিছতো কোনো আশাব্যঞ্জক ফল দেখা নগ’ল৷ সাংবিধানিক ৰক্ষাকৱচৰ সম্পর্কে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে প্রতিবেদন দিয়াৰ বহুদিন পিছতো একো কাম নোহোৱাত সেইটো এতিয়া এটা মৰীচিকা হোৱা যেন লাগিছে৷ কিন্তু ৰক্ষাকৱচ নিদিয়াৰ অর্থ হ’ব অসমীয়া মানুহক প্রতাৰণা কৰা৷

বর্তমানে অসমত চলি থকা সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ যোগেদি খিলঞ্জীয়াৰ স্বার্থ ৰক্ষা কৰা হ’ব বুলি বাতৰি ওলাইছে৷ ভোটদাতাৰ সংখ্যা, ভৌগোলিক অৱস্থান, যাতায়াতৰ সুবিধা আদিৰ ভিত্তিত সকলো ভোটদাতাৰ কথা ভাবি সমষ্টি পুনৰ নির্ধাৰণ হোৱা উচিত৷ আন কিবা উদ্দেশ্য লৈ কৰিলে ভৱিষ্যতে সেইটো নাকচ হৈ যাব পাৰে৷ খিলঞ্জীয়াৰ বাবে ৰক্ষাকৱচ সাংবিধানিকভাৱে সমষ্টি সংৰক্ষণ কৰিহে দিয়া উচিত হ’ব৷ তাৰ বাবে প্রয়োজনীয় সকলোখিনি কৰাৰ সংকল্প ল’লে সিদ্ধি নিশ্চয় হ’ব৷

খেদি অহা ষাঁড়গৰুক শিঙত ধৰিহে বাধা দিব লাগে, নেজত ধৰিলে হিতে বিপৰীত হ’ব পাৰে৷ সৰুতে গাঁৱত থাকোঁতে ডাঙৰে কোৱা কথা এষাৰ মনত আছে– ‘‘লেজত ধৰ্লি গৰুই হিংকি দেই৷’’

লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য
ফোনঃ ৯২০৭০৪৯৯৭৬

You might also like