ড০ নির্মল কুমাৰ চৌধুৰী
অসম চৰকাৰে বিগত বছৰত প্রায় এক লাখজনক খালী পদত নিযুক্তি দিয়াৰ পিছত পুনৰ ২৫ হাজাৰ পদৰ বিজ্ঞাপনৰ কথা ঘোষণা কৰি নিবনুৱা সমস্যা সমাধানৰ বাবে কৰা প্রচেষ্টা অতি প্রশংসনীয়৷ তাতোকৈ প্রশংসনীয় অহা দুটা বছৰত অসমৰ দুই লাখ নিবনুৱাক ব্যৱসায়–উদ্যোগ স্থাপনৰ বাবে পুঁজি দি তেওঁলোকৰ আত্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত৷ কিয়নো, চাকৰিয়ে অকল নিযুক্ত ব্যক্তিকহে সংস্থাপন দিয়ে আৰু ব্যৱসায়–উদ্যোগ স্থাপন কৰি এজন লোকে আন লোককো সংস্থান দিব পাৰে৷ চৰকাৰী চাকৰিয়ে এই সমস্যাৰ প্রকোপহে কিছু কমায়৷ সমাধানৰ উপায় হিচাপে ব্যৱসায়–উদ্যোগ স্থাপন কৰিবই লাগিব৷
চৰকাৰে ইতিমধ্যে প্রদান কৰা চাকৰি সম্পর্কে অভিযোগ উত্থাপন নোহোৱাটোৱে প্রতীয়মান কৰে যে প্রক্রিয়াটো দুর্নীতিমুক্ত আছিল৷ এইটো চৰকাৰৰ এটা বিৰাট সাফল্য হিচাপে পৰিগণিত হোৱা উচিত৷ কিন্তু ঢাক–ঢোল বজাই নিযুক্তি–পত্র বিতৰণৰ অনাৱশ্যকীয় উৎসৱ পতাত বিশেষ কীর্তি নাই৷ কিয়নো, চাকৰি পূৰণ কৰাটো চৰকাৰৰ দায়িত্ব পালনহে, অনুগ্রহ নহয়৷ আৰু এটা কথা, পূৰণ কৰা পদৰ অধিকাংশই নিশ্চয় বহু দিন পূৰণ কৰা হোৱা নাছিল৷ তেতিয়াহ’লে, চৰকাৰে সময়মতে দায়িত্ব পালন নকৰি বহু নিবনুৱাক সংস্থাপন নোহোৱাকৈ ৰাখিছিল৷ দুর্নীতিমুক্তভাৱে পদ পূৰণ কৰাৰ বাবে প্রাপ্য প্রশংসা এনে কাৰণত হ্রাস পায়৷
কেন্দ্রীয় চৰকাৰ, কেন্দ্রীয় অর্ধ–চৰকাৰী প্রতিষ্ঠান আৰু ৰাষ্ট্রীয় স্তৰৰ ব্যক্তিগত ব্যৱসায়–উদ্যোগ প্রতিষ্ঠানৰ পদত অসমৰ লোকে নিযুক্তি পোৱাত সহায় কৰি দি অসম চৰকাৰে অভূতপূর্ব কীর্তি আর্জিব পাৰে৷ ১৯২৬ চনৰ পূর্বেই ২৫ হাজাৰ নাচনী–ঢুলীয়াৰ দ্বাৰা দিল্লীত বিহু দেখুওৱাতকৈ অসমৰ ২৫ হাজাৰ যুৱক–যুৱতীক অসমৰ বাহিৰত নিযুক্তি পোৱাত সহায় কৰাহে অধিক কৃতিত্বপূর্ণ হ’ব৷ জনসংখ্যা অনুপাতে ভাৰতৰ মুঠ নিযুক্তিৰ কমেও ৪০ ভাগৰ ১ ভাগ অসমৰ লোকে পাব লাগে৷ নিবনুৱা সমস্যা সমাধানৰ বাবে সকলো প্রকাৰৰ প্রচেষ্টা নকৰি বিহু আৰু আন উৎসৱ পাতি থাকিলে সমস্যাটো পাহৰাই ৰখাৰ বাবে তেনে কৰা বুলি ভাবিবৰ স্থল থাকিব৷ কিছুদিন আগেয়ে প্রধানমন্ত্রীৰ উদ্যোগত সভা পাতি কেন্দ্রীয় চৰকাৰী পদৰ নিযুক্তি–পত্র বিতৰণ কৰা সময়ত অসমত ৪০০ ভাগৰ ১ ভাগ মানহে বিতৰণ হৈছিল৷
লেখকঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য
ফোনঃ ৭২০৭০–৪৯৯৭৬