বিশেষ বাৰ্তা, বৰগাং, ৪ এপ্ৰিলঃ বিশ্বনাথৰ বৰপুখুৰী দাহাটাৰত চাওঁতাল সমাজৰ “বাহা” উৎসৱ কালি উলহ মালহেৰে উদযাপন কৰা হয়৷ বৰপুখুৰী দাহাটাৰ চাওঁতাল সমাজৰ উদ্যোগত অনুষ্ঠিত চাওঁতাল সমাজৰ বাহা উৎসৱত চাওঁতালৰ মাংগলিক নীতি-নিয়মৰ মাজত চাওঁতালী পুৰোহিত (নাইকে)য়ে পুজা-পৰ্ব সমাপন কৰে৷ ইয়াৰ পাছত প্ৰকৃতিৰ উৎসৱ বাহা পুজাত ন-পাত ,ফুলৰ পাহ আদি চাওঁতালীসকলৰ উপাস্য দেৱতাক অৰ্পণ কৰা হয়৷ তাৰপাছত ন-পুষ্প পত্ৰক চাওঁতালী যুৱক-যুৱতী, পুৰুষ-মহিলা-শিশু-বৃদ্ধকে ধৰি সকলোৱে পৰিধান কৰে ৷ যুৱতী, মহিলাসকলে খোপাত গুজি লোৱাৰ লগতে যুৱকসকলে কাণত ফুলৰ পাহ, পাত আদি গুজি লৈ বসন্তোৎসৱ বাহাক আদৰণি জনায়৷ পুজা-পৰ্ব সমাপ্তিৰ অন্তত সকলোৱে মাংসৰে বনোৱা খিচিৰি আৰু পিঠা প্ৰসাদৰূপে গ্ৰহণ কৰে৷ পুজাস্থলীৰ পৰাই সকলোৱে গীত-নৃত্য কৰি আনন্দ উপভোগ কৰে ৷ চাওঁতালী বাহা পৰৱত গোঁসাই পৰিক্ৰমা এক উল্লেখযোগ্য ধৰ্মীয় পৰ্ব৷ চাওঁতালী সমাজৰ সকলোৱে মিলি ঘৰে-ঘৰে গৈ বাহা গীত-নৃত্য আদি কৰে ৷ এই মাংগলিক ধৰ্মীয় পৰ্ব্বত দেওধনী উঠাও দেখা যায়৷ দেৱতাৰ ৰূপত দেওধনী উঠা লোকে সকলো লোকৰ মংগল কামনাৰে আশীষ প্ৰদান কৰে ৷ এইদৰেই বৰপুখুৰী দাহাটাৰ চাওঁতাল সমাজে বাহা উৎসৱ উদযাপন কৰি আহি সমাজখনৰ ঐতিহ্য বাহাল ৰখা পৰিলক্ষিত হৈ আহিছে।