নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্ৰিল-মে’তে অসমলৈ আহিব প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতি-গৃহমন্ত্ৰী… কিয়

বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ নৱনিৰ্মিত কেন্সাৰ হাস্পতাল উদ্বোধন কৰিবলৈ ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ আগতে অৰ্থাৎ ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ ৰাজনাথ সিঙৰ গুৱাহাটী ভ্ৰমণৰ বাবে ৫গৰাকী শীৰ্ষ বিষয়াক ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ৷ ইপিনে, ২ আৰু ৩ মে’ত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। গুৱাহাটী আৰু তামুলপুৰত আছে ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী ৷ তামুলপুৰত অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৷ তাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯ আৰু ১০ মে’ত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। গুৱাহাটী, দক্ষিণ শালমাৰা আৰু তামুলপুৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যসূচী ৷ ইয়াকে লৈ ৰাজ্য প্ৰশাসনত এতিয়া তৎপৰতা আৰম্ভ হৈছে।

You might also like