নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হনস্ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতাৰ জন্মদিন উপলক্ষে ধুবুৰীত সীমান্ত চেতনা মঞ্চৰ বিশেষ কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ দেশৰ আগশাৰীৰ বেচৰকাৰী সংগঠন ‘হনস্ ফাউণ্ডেচন’ৰ প্ৰতিষ্ঠাতা ভোলে জী মহাৰাজৰ আজিৰ ওপজা দিনটোৰ সৈতে সংগতি ৰাখি আজি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা কমিটিৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে আজিৰ সেই অনুষ্ঠানত অংশ লোৱা কণ কণ শিশুৰ কলৰৱৰে সংগঠনটোৰ ধুবুৰীৰ বালুৰচৰস্থিত কাৰ্য্যালয় ‘‘সীমান্ত ভৱন’’ মুখৰিত হৈ উঠা পোৱা যায়। আজিৰ এই কাৰ্য্যসূচীত সংগঠনটোৰ ধুবুৰী নগৰ কমিটিৰ নবনিৰ্বাচিত সভাপতি দিৱস অধিকাৰী, সাধাৰণ সম্পাদক বিপুল প্ৰসাদকে ধৰি অন্যান্য কাৰ্য্যকৰ্তা আৰু সদস্যকে ধৰি আনুমানিক প্ৰায় এশগৰাকীৰো অধিক শিশুৱে অংশ লয়। ভাৰত মাতা পূজনেৰে শুভাৰম্ভ ঘটা উক্ত অনুষ্ঠানত ধুবুৰী নগৰ কমিটিৰ সভাপতি দিৱস অধিকাৰীয়ে শিশুমনে বুজি পোৱাকৈ অতি সৰল ভাৱে ‘‘হনস্ ফাউণ্ডেচন’’ৰ প্ৰতিষ্ঠাতা ভোলে জী মহাৰাজৰ বিশাল কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে। বিভিন্ন ৰঙচঙীয়া বেলুনেৰে সজ্জিত হৈ ন–ৰূপ লোৱা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ কাৰ্য্যালয়ত আজিৰ এই কাৰ্য্যসূচীত অংশ লোৱা স্কুলীয়া কণকণ স্কুলীয়া ছাত্ৰ–ছাত্ৰীসকলৰ বিভিন্ন খেল–ধেমালীয়ে সম্পূৰ্ণ অনুষ্ঠানটোক এক অন্য মাত্ৰা প্ৰদান কৰে। অন্তত সকলোৰে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত আজিৰ এই কাৰ্য্যসূচীৰ সমাপ্তি ঘটে। ইয়াতে উল্লেখ্য যে, দীৰ্ঘ বহু বছৰৰ পৰা দেশৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ স্বাস্থ্য, শিক্ষা, জীৱিকা, দূৰ্যোগ ব্যৱস্থাপনা আদি বিভিন্ন সামাজিক কাম–কাজৰ সৈতে জড়িত ‘হনচ্ ফাউণ্ডেচন’ নামৰ এই বেচৰকাৰী সংগঠনটোৰ সমগ্ৰ দেশজুৰি এক বিশেষ সুখ্যাতি আছে। তদুপৰি সাম্প্ৰতিক বানপানীৰ সময়ত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ সহযোগত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অইন কেইবাখনো ৰাজ্যতো হনচ্ ফাউণ্ডেচনে আগবঢ়োৱা সহায়–সহযোগিতাই বন্যাক্ৰান্ত ৰাইজৰ ভূয়সী প্ৰশংসা লভিবলৈ সক্ষম হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like