কেপ ভাৰ্ডেৰ ইতিহাস, ৰাউণ্ড অৱ ৩২ত বিশ্বৰ সৰ্বনিম্ন জনসংখ্যাৰ দেশ
ফিফা বিশ্বকাপ ২০২৬ত কেপ ভাৰ্ডেই ইতিহাস ৰচনা কৰিছে। আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত প্ৰায় ৫.৫ লাখ জনসংখ্যাৰ এই সৰু দেশখনে ছৌদি আৰবৰ বিৰুদ্ধে ০-০ গ’লত ড্ৰ খেলি ৰাউণ্ড অৱ ৩২ত স্থান নিশ্চিত কৰিছে।
ইয়াৰ সৈতে কেপ ভাৰ্ডে ফুটবল বিশ্বকাপৰ ইতিহাসত নকআউট পৰ্যায়ত প্ৰৱেশ কৰা বিশ্বৰ সৰ্বনিম্ন জনসংখ্যাৰ দেশ হিচাপে নতুন অভিলেখ গঢ়িছে।
নিজৰ প্ৰথম ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰা কেপ ভাৰ্ডে অত্যন্ত কঠিন গ্ৰুপত স্থান লাভ কৰিছিল। কিন্তু প্ৰতিখন মেচতে দলটোৱে দৃষ্টান্তমূলক প্ৰদৰ্শন আগবঢ়ায়।
প্ৰথম মেচত ২০১০ চনৰ বিশ্ব চেম্পিয়ন স্পেইনক ০-০ গ’লত ৰখায়। তাৰ পিছত দুবাৰৰ বিশ্ব চেম্পিয়ন উৰুগুৱেৰ সৈতে ২-২ গ’লৰ ৰোমাঞ্চকৰ ড্ৰ খেলে।
গ্ৰুপ পৰ্যায়ৰ অন্তিম মেচত ছৌদি আৰবকো গ’ল কৰিবলৈ নিদি ০-০ গ’লত ড্ৰ কৰে। এই ফলাফলৰ জৰিয়তে ৩ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপত দ্বিতীয় স্থান দখল কৰে কেপ ভাৰ্ডেই। আনহাতে, স্পেইনে উৰুগুৱেক পৰাস্ত কৰি গ্ৰুপ চেম্পিয়ন হয়।
ৰাউণ্ড অৱ ৩২ত কেপ ভাৰ্ডেৰ সন্মুখত আছে বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা। অহা ৩ জুলাইত মিয়ামিত অনুষ্ঠিত হ’বলগীয়া এই মেচত আন এক অঘটন ঘটাই অন্তিম ১৬ত স্থান নিশ্চিত কৰাৰ লক্ষ্য লৈ নামিব কেপ ভাৰ্ডে।
কেপ ভাৰ্ডেৰ এই ঐতিহাসিক সফলতাৰ অন্যতম নায়ক ৪০ বছৰীয়া অভিজ্ঞ গোলৰক্ষক ভজিনহা। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁৰ অনবদ্য প্ৰদৰ্শনে বিশ্বজুৰি ফুটবল অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ছৌদি আৰৱৰ বিৰুদ্ধে অনুষ্ঠিত গুৰুত্বপূৰ্ণ মেচখনত তেওঁ তিনিটা অসাধাৰণ ছেভ কৰি দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰে।
প্ৰথমাৰ্ধৰ ইনজুৰি টাইমত মহম্মদ কান্নোৰ হেডাৰ ৰখোৱাৰ পিছত দ্বিতীয়াৰ্ধত মহম্মদ আবু আল-শামাটৰ শক্তিশালী শ্বট দক্ষতাৰে প্ৰতিহত কৰে। আনহাতে, ৯২ মিনিটত আব্দুল্লা আল-হামদানৰ নিশ্চিত গ’লৰ সুযোগো নস্যাৎ কৰি কেপ ভাৰ্ডেৰ নকআউট পৰ্যায়ত প্ৰৱেশ নিশ্চিত কৰে।
ডিজিটেল ডেস্ক, ২৭ জুন