নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত অসম আৰক্ষীৰ Speed Boat ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ মাজুলীবাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নদীদ্বীপটোত অসম আৰক্ষীৰ এখন Speed Boat ৰ শুভাৰম্ভ কৰে।

এই বিশেষ নাওখনৰ জৰিয়তে মাজুলী আৰক্ষীয়ে তাৎক্ষণিকভাৱে এটা চাপৰিৰপৰা আনটো চাপৰিলৈ গৈ পেট্ৰ’লিং কৰি আইন-শৃংখলাজনিত বিভিন্ন দিশৰ লগতে ৰাইজৰ সুৰক্ষাৰ বিষয়টো অধিক তৎপৰতাৰে তদাৰক কৰিব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

You might also like