নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্প্ৰে গেঙৰ সন্ত্ৰাস : নিৰাপত্তাহীন ধিঙৰ অসমীয়া জীয়ৰী-বোৱাৰী 

🎯 ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি
নিয়মীয়া বাৰ্তা, ২৭ জুলাই : বিগত তিনি  মাহ ধৰি চৰম আতংকৰ মাজেৰে দিন কটাবলগীয়া হৈছে ধিংবাসীয়ে। আনকি অঞ্চলটোৰ অসমীয়া জীয়ৰী-বোৱাৰীসকলৰো নিৰাপত্তা নাইকীয়া হৈ পৰিছে। যোৱা তিনিটা মাহৰ ভিতৰতে ধিং আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত স্প্ৰে গেঙৰ দলৰ দ্বাৰা কুৰিটাৰো অধিক লুটপাতৰ ঘটনা সংঘটিত হৈছে। আনকি এই দুৰ্বৃত্তৰ দলসমূহে যে ঘৰৰ গৃহস্থক চেতনানাশক স্প্ৰে মাৰি সংজ্ঞাহীন কৰি ঘৰৰ সা-সম্পত্তিয়েই লুট কৰিছে এনে নহয় কেইবাঘৰতো জীয়ৰী-বোৱাৰীক যৌন উৎপীড়ন চলোৱাৰ ঘটনাও সংঘটিত হৈছে। এই কথা এতিয়া ধিংবাসী ৰাইজৰ মুখে মুখে। যোৱা নৱৈটা দিনত ধিঙত স্প্ৰে গেঙৰ দ্বাৰা কুৰিটাৰো অধিক লুটপাতৰ ঘটনা সংঘটিত হৈছিল যদিও অতি ৰহস্যজনক ভাৱে ধিং আৰক্ষী থানাৰ আৰক্ষীয়ে মাত্ৰ চাৰিটা গোচৰহে ৰুজু কৰে। আনকি একাংশ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো থানাত গোচৰ পঞ্জীভুক্ত নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।ফলত ধিং থানাৰ আৰক্ষীৰ প্ৰতি ৰাইজৰ ক্ষোভ জমা হৈ হৈ কালি সেই ক্ষোভৰ বিস্ফোৰণ ঘটে।স্প্ৰে গেঙৰ তাণ্ডব ৰোধত ধিং থানাৰ আৰক্ষীৰ চৰম ব্যৰ্থতা আৰু দুৰ্বৃত্তক কৰায়ত্ত নকৰা, এজাহাৰ দাখিল কৰিবলৈ যোৱা ভুক্তভোগী মহিলাৰ এজাহাৰ গ্ৰহণ নকৰা আদিৰ প্ৰতিবাদত কালি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ধিঙৰ শ শ ৰাইজে চহৰ খনৰ ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰী ৰাইজে চৌৱিশ ঘন্টাৰ ভিতৰত ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আন এজন সহকাৰী উপ পৰিদৰ্শকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আৰক্ষী অধীক্ষকক চৰম সময়সীমা বান্ধি দিছিল। ৰাইজৰ প্ৰতিবাদত সেও মানি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এক নিৰ্দেশযোগে ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুষাৰ ৰঞ্জন বৰাক তৎকালে বলবৎ হোৱাকৈ বদলি কৰে। আনহাতে আৰক্ষী থানাখনৰ সহকাৰী উপ পৰিদৰ্শক গিয়াছ উদ্দিনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়। ইপিনে, কলিয়াবৰ জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োক ধিং  থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে বদলি কৰি দায়িত্ব অৰ্পণ কৰা হৈছে।
প্ৰেৰক কনক হাজৰিকা
You might also like