নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিৰ গোবিন্দপুৰত ‘শ্ৰীশ্ৰী শ্যামৰায় নামাঞ্জলি’ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ১১ আগষ্ট ∶ অতীতৰে পৰা মানুহৰ মুখে মুখে চলি থকা হৰিনামবোৰ আমাৰ সংস্কৃতিৰ অংগ৷ এইবোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ লিখিত ৰূপত গ্ৰন্থ আকাৰে প্ৰকাশ কৰি সংৰক্ষণ কৰাটো এটা মহৎ কাম ৷ এনে মহৎ কাম কৰিলে গোবিন্দপুৰৰ লাৱণ্য গোস্বামীয়ে “শ্ৰীশ্ৰী শ্যামৰায় নামাঞ্জলি” নামৰ গ্ৰন্থখন প্ৰকাশ কৰি ৷ সকলোৱে এই গ্ৰন্থখন পঢ়িব লাগিব ৷ তেতিয়াহে তেওঁৰ গ্ৰন্থখন প্ৰকাশৰ সাৰ্থকতা থাকিব৷- আজি দুপৰীয়া পাটাছাৰকুছিৰ ওচৰৰ গোবিন্দপুৰ গাঁৱৰ লেখিকা লাৱণ্য গোস্বামী ৰচিত “শ্ৰীশ্ৰী শ্যামৰায় নামাঞ্জলি” নামৰ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰবীন্দ্ৰ নাথ শৰ্মাই এইদৰে কয় ৷ এই গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক নৃপেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে আগৰ দিনত নামৰ উচ্চাৰণ অস্পষ্ট আছিল আৰু এতিয়া সেইবোৰৰ উচ্চাৰণ স্পষ্ট আৰু শুদ্ধ হৈছে বুলি কয় ৷ সভাত যুৱ সমাজকৰ্মী তথা আখৰ প্ৰকাশৰ স্বত্বাধিকাৰী কমল কুমাৰ মেধিয়ে লেখিকাগৰাকীৰ বিষয়ে কৈ চমু ভাষণ দিয়ে ৷ সভাত অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যাপক শিৱপ্ৰসাদ বৰা আৰু সমাজকৰ্মী পদ্মনাথ শৰ্মায়ো চমু ভাষণ দিয়ে ৷ সভাত লেখিকা লাৱণ্য গোস্বামীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি পৰিয়ালৰ উৎসাহৰ বাবেই এই গ্ৰন্থখন প্ৰকাশ কৰা বুলি কৈ ভগৱান শ্যামৰায়ৰ প্ৰতি থকা ভক্তি আৰু বিশ্বাসৰ বাবেই গ্ৰন্থখনৰ নাম “শ্ৰীশ্ৰী শ্যামৰায় নামাঞ্জলি” ৰখা বুলি কয় ৷ লগতে তেওঁৰ স্বামী প্ৰয়াত অচ্যুতানন্দ গোস্বামীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি তেওঁৰ শ্ৰাদ্ধৰ দিনাই এই গ্ৰন্থখন উন্মোচন কৰা বুলি কয় ৷ সভাত লেখিকা লাৱণ্য গোস্বামীক গোবিন্দপুৰ সত্ৰৰ লগতে কেইবাগৰাকীও মহিলাই বিপুলভাৱে সম্বৰ্ধনা জনায় ৷ স্হানীয় যুৱ সমাজকৰ্মী তথা পাটাছাৰকুছি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰিংকু গোস্বামীয়ে আঁত ধৰা এই গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে প্ৰয়াত অচ্যুতানন্দ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে গ্ৰন্থখনৰ উন্মোচক ৰবীন্দ্ৰ নাথ শৰ্মাই৷

প্ৰেৰক উৎপল মেধি

You might also like