নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকালৈ সৰ্বভাৰতীয় সন্মান

বিশেষ বাৰ্তা, ২৫ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকালৈ আগবঢ়োৱা হৈছে ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লীডাৰ ২০২৪ সন্মান ৷ উল্লেখ্য যে  দ্য একাডেমিক ইনছাইট মেগাজিনে আগবঢ়াইছে এই সন্মান ৷ শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ভবেন্দ্ৰ নাথ ডেকালৈ এই সন্মান আগবঢ়াইছে ৷ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ ভূমিকাৰ হেতু ২৫জন বিশেষ ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ এই বঁটাপ্ৰাপক আচাৰ্যসকলৰ ভিতৰত আছে ড° ডি ভিৰেন্দ্ৰ হেগাড, ড° জি পৰমেশ্বৰ, ড° বি এন সুৰেশ, অধ্যাপক আৰ কে খাণ্ডাল, অধ্যাপক প্ৰমে ভাট, ড° বি আৰ মানি ইত্যাদি ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে এই সন্মান লাভ কৰি আচাৰ্যগৰাকীয়ে মতপোষণ কৰে যে এই সন্মান মোৰ নিজৰ বাবে নহয়, এই সন্মান বিশ্ববিদ্যালয়ৰ সন্মান ৷ এই সন্মানে বিশ্ববিদ্যালয়খনৰ গৰিমা বৃদ্ধি কৰিব ৷

প্ৰেৰক কনক হাজৰিকা

You might also like