নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত কেঁকো সাপসহ এজনক আটক এছ এছ বিৰ

নিয়মীয়া বাৰ্তা, ২৭ মে’ : চিৰাং জিলাৰ বিজনীৰ গেন্দা বজাৰত এছ এছ বিৰ অভিযান। অভিযানত এডাল ১০ ইঞ্চিৰ কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰে অভিযানকাৰী দলটোৱে। এছ এছ বিৰ ১৫ নং বেটেলিয়নৰ ফাইটাৰ কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত এটা এছ এছ বিৰ দলে অভিযান চলাই কেঁকো সাপসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোকজনৰ নাম আব্দুল আৱাল (২৬) । আব্দুল আৱালে সংবাদ মাধ্যমৰ সন্মুখত কয় যে বাংলাদেশৰ পৰা গুলাম ৰাবানী নামৰ এজন ব্যক্তিয়ে এই কেঁকো সাপটো আব্দুল আৱালৰ ককায়েক মতলেব মিঞাৰ লগত আহি তেওঁৰ দোকানত আনি ৰাখিছিল । পিছত বাংলাদেশৰ গুলাম ৰাৱানী আৰু মতলেব মিঞা দুয়োজনে পলাই যায় বুলি জনায় । পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱে আব্দুল আৱালক আৰু উদ্ধাৰ কৰা কেঁকো সাপটো বন বিভাগৰ বিজনী ডিপত কাৰ্যালয়ত চমজাই দিয়ে ।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like