নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত মঞ্চ-কেমেৰা অভিনয়ৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা,  ১৮ জুলাই : বৃহত্তৰ বৰহোলা অঞ্চলৰ অভিনয়ৰ প্ৰতি অতিকৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ১৬ জুলাইৰ পৰা বৰহোলাত আৰম্ভ হৈছে মঞ্চ আৰু কেমেৰা অভিনয়ৰ এক কৰ্মশালা। বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ যৌথ উদ্যোগত আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কৰ্মশালাত অভিনেতা তথা প্ৰাগ ফ্লিম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ প্ৰশিক্ষক পুলকেশ ভট্টাচাৰ্যই উপস্থিত থাকি দুই শতাধিক ছাত্ৰ-ছাত্ৰীক প্ৰতিদিনে অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ কৰা এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰী, সচেতন অভিভাৱকসকলৰ সহযোগিতাই বিশেষভাৱে উৎসাহিত কৰা বুলি বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ সম্পাদক দীপক ৰাজখোৱাই জানিবলৈ দিছে। কৰ্মশালাখনৰ জৰিয়তে অতি সম্ভাৱনাপূৰ্ণ কণ কণ মইনাসকলে অভিনয়ৰ ন ন জ্ঞান আহৰণ কৰি পৰিদৰ্শিতাৰে জিলিকি উঠিব বুলিও আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। উল্লেখ্য যে ১৬ জুলাইত কৰ্মশালাখনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছিল বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় মোহন সন্দিকৈয়ে। উদ্বোধনী অনুষ্ঠানত বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি দিগন্ত বৰা, সম্পাদক দীপক ৰাজখোৱা, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকা, অভিনেতা-প্ৰশিক্ষক পুলকেশ ভট্টাচাৰ্য, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগ, তিতাবৰ জিলা মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি তীৰ্থ শইকীয়া, সম্পাদক ৰাজু শইকীয়া, সদৌ অসম মইনা পাৰিজাতৰ প্ৰচাৰ সম্পাদক ৰবীন মহন্ত আদি উপস্থিত থাকি উদ্বোধনী অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহযোগিতা আগবঢ়ায়। কেইবাগৰাকীৰ বক্তব্যই উপস্থিত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু উদ্যোক্তাসকলক অনুপ্ৰাণিত কৰে।‌ ২৩ জুলাইত কৰ্মশালাৰ সামৰণি পৰিব বুলি জানিব পৰা গৈছে।

প্ৰেৰক অজয় শইকীয়া

You might also like